অসম  অৱস্থান

    অসমৰ অৱস্থান অসম ভাৰতৰ উত্তৰ - পূব অঞ্চলত অৱস্থিত এখন ৰাজ্য । এই ৰাজ্যৰ সীমাত ভাৰতৰ সাতখন ৰাজ্য আৰু দুখন পৰৰাষ্ট্র ভূটান আৰু বাংলাদেশ আছে । ৰাজ্যখনৰ উত্তৰে আছে ভূটান আৰু অৰুণাচল প্রদেশ ; পূবে অৰুণাচল প্রদেশ , নগালেণ্ড আৰু মণিপুৰ ; দক্ষিণে মিজোৰাম আৰু মেঘালয় আৰু পশ্চিমে আছে ত্ৰিপুৰা , বাংলাদেশ আৰু পশ্চিমবংগ । ভৌগােলিক অৱস্থান হিচাপে এই ৰাজ্য ২৪ ° ০৯ উত্তৰ অক্ষাংশৰ পৰা ২৭ ° ৫৮ উত্তৰ অক্ষাংশলৈ আৰু ৮৯ ° ৪২ পূর্ব দ্রাঘিমাংশৰ পৰা ৯৬ ° ০১ পূর্ব দ্রাঘিমাংশলৈ বিয়পি আছে । অসমৰ সীমাত থকা বেছিভাগ অঞ্চলেই পাহাৰীয়া । পশ্চিমবংগৰ সীমান্তৱর্তী আৰু বাংলাদেশৰ লগত লাগি থকা বৰাক উপত্যকাৰ পশ্চিম অংশৰ বাহিৰে ৰাজ্যখনৰ প্ৰায়ভাগ সীমান্ত অঞ্চলে পাহাৰীয়া । কেউফালৰ পাহাৰীয়া অঞ্চলৰপৰা বৈ অহা নৈ , জান - জুৰিবােৰ ভৈয়ামলৈ আহি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত  পৰিছে । সেই কাৰণে চুবুৰীয়া ৰাজ্য বা দেশবোৰত বনাঞ্চল বা পৰিৱেশৰ  অন্যান্য পৰিৱৰ্তন ঘটিলে তাৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ দুয়োটা উপত্যাকাতে পৰে । 

    ৰাজ্যখনৰ জন -গাঁথনিৰ ক্ষেত্ৰতাে ইয়াৰ ভৌগােলিক অৱস্থানৰ বিশেষ গুৰুত্ব আছে । অসমকে ধৰি উত্তৰ - পূব অঞ্চল দক্ষিণ এছিয়া আৰু দক্ষিণ - পূর্ব এছিয়াৰ মাজভাগত অৱস্থিত । সেয়ে ইতিহাসৰ বিভিন্ন সময়ত এই অঞ্চললৈ পুব আৰু পশ্চিমৰ পৰা মানুহৰ প্রব্রজন ঘটিছে । তাৰ ফলতে ৰাজ্যখনৰ জন - গাঁথনি বৈচিত্র্যপূর্ণ হৈ পৰিছে । অসমৰ ভাষা , ধর্ম , পৰম্পৰা আদি সাংস্কৃতিক উপাদানসমূহতাে মানুহৰ সংমিশ্রণৰ প্ৰভাৱ দেখা যায় । 

    অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা সমগ্র উত্তৰ - পূব ভাৰতৰ বাবে প্ৰৱেশ - পথস্বৰূপ । অৰুণাচল প্রদেশ , নগালেণ্ড , মেঘালয় , মণিপুৰ , মিজোৰাম আৰু ত্ৰিপুৰালৈ স্থলপথেৰে যাব লাগিলে ব্রহ্মপুত্র উপত্যকা হৈ যােৱাৰ বিকল্প পথ সদ্যহতে নাই । ব্রহ্মপুত্র উপত্যকাত অৱস্থিত গুৱাহাটী মহানগৰক আকৌ উত্তৰ - পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ ( CGateway of North - East ) বুলি কোৱা হয় । গুৱাহাটীৰ লগত অঞ্চলটোৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানী চহৰবােৰ স্থলপথ আৰু আকাশী পথেৰে সংযুক্ত । গুৱাহাটী উত্তৰ - পূৰ্বাঞ্চলৰ সর্ববৃহৎ নগৰ । উজনি অসমৰ ডিব্ৰুগড়কে আৰম্ভ কৰি ব্ৰহ্মপুত্র নদীৰ পাৰত অৱস্থিত নগৰ - মহানগৰবােৰ জলপথেৰে বাংলাদেশৰ লগতাে সংলগ্ন হৈ আছে । তদুপৰি সম্প্রতি কেন্দ্রীয় চৰকাৰে ভাৰতৰ পূব দিশে অৱস্থিত দেশ কিছুমানক স্থলপথেৰে সংযােগ কৰাৰ পৰিকল্পনাও হাতত লৈছে । এই পৰিকল্পনা বাস্তৱত ৰূপায়িত হলে অসমৰ লগতে উত্তৰ - পূর্বাঞ্চলৰাে বাণিজ্যিক গুৰুত্ব বৃদ্ধি পাব ।

 Type sumit Patar

Class 9  Social Science Geography