ভূ- প্ৰকৃতি

 ভূ- তাত্ত্বিক গঠন আৰু বিন্যাসৰ ভিত্তিত অসমৰ ভূ- প্ৰকৃতি গঢ় লৈ উঠিছে । অৰ্থাৎ অসমৰ ভূ- ত্ত্বকৰ মূল ভেটিটোৰ ওপৰত যুগ যুগ ধৰি চলি থকা তাপ ,চাপ বতাহ বৰষুণ নদ -নদী আদি বাহ্যিক কাৰকবোৰৰ ক্ৰিয়া প্ৰক্ৰিয়া আৰু ভূ- গৰ্ভৰ আলোড়নৰ ফলত ভূৃ প্ৰকৃতিক অৱয়বসমূহৰ সৃষ্টি হৈছে । ভূ- প্ৰাকৃতিক অৱয়বসমূহৰ যেনে- সমভূমিৰ প্লাৱনভূমি পাহাৰ - পৰ্বত পাহাৰৰ পাদদেশ মালভূমি নদী- উপত্যাকা আদিৰ আলমত অসমৰ ভূ - প্ৰকৃতি বৰ্ণনা কৰিব পাৰি । অসমৰ ভূ- প্ৰাকৃতিক প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি , যেনে- (ক) ব্ৰহ্মপুত্ৰৰ উপত্যকা (খ) বৰাক উপত্যাকা ,(গ) কাৰ্বি মালভূমি আৰু (ঘ) বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি ।

(ক) ব্ৰহ্মপুত্ৰ উপত্যাকাঃ ব্ৰহ্মপুত্ৰ উপত্যকা অসমৰ এটা প্ৰধান ভূ- প্ৰাকৃতিক অঞ্চল। এই উপত্যকা দীঘল আৰু ঠেক । ই প্ৰায় ৭২০  কিলোমিটাৰ দীঘল আৰু গড়ে পাহাৰ - পৰ্বতে আগুৰি আছে । ইয়াৰ তিনিও দিশত অৰ্থাৎ উত্তৰ, পূব আৰু দক্ষিণ দিশত পাহাৰ - পৰ্বতে আগুৰি আছে। ইয়াৰ উত্তৰ আৰু পূব দিশত আছে পূব হিমালয়ৰ পৰ্বত শ্ৰেণী আৰু দক্ষিণ দিশত আছে নগা পৰ্বত কাৰ্বি আৰু মেঘালয় মালভূমি । পশ্চিম দিশত এই উপত্যকা পশ্চিমবংগ আৰু বাংলাদেশৰ সমভূমিৰ লগত মিলিত হৈছে । প্ৰায় ৬৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ অসংখ্য উপনৈয়ে উপত্যকাটো আৱৰি আছে । সাধাৰণতে উপত্যকাটো উত্তৰ - পূবৰ পৰা দক্ষিণ- পশ্চিমলৈ গড়ে প্ৰতি কিলোমিটাৰত প্ৰায় ১৩ ছেন্টিমিটাৰ ঢালেৰে এঢলীয়া । অৱশ্যে ইয়াৰ উজনি অংশত ডিব্ৰুগড়ৰ ওচৰত ইয়াৰ ঢাল প্রতি কিলােমিটাৰত প্রায় ১৭ হেন্টিমিটাৰ আৰু নামনি অংশত গুৱাহাটীৰ ওচৰত ইয়াৰ ঢাল প্রতি কিলােমিটাৰত প্রায় ১০ ছেণ্টিমিটাৰ । 

    

    সমগ্র ব্রহ্মপুত্র উপত্যকাটোক উত্তৰৰ পৰা দক্ষিণলৈ চাৰিটা ভূ - প্রাকৃতিক অঞ্চলত ভগাব পাৰি , যেনে— উত্তৰৰ পাদদেশ অঞ্চল , ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ ভূমি অঞ্চল , ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ - চাপৰি অঞ্চল আৰু দক্ষিণ  পাদদেশ অঞ্চল। উত্তৰ পাদদেশ অঞ্চলটো নিম্ন হিমালয়ৰ চাপৰ পৰ্বত - পাহাৰ সমষ্টি আৰু এইবােৰ মূলত : টার্চিয়েৰি বালিশিলৰ ( Tertiary sandstone ) দ্বাৰা গঠিত হৈছে । এই ঠেক পাদদেশ অঞ্চলটো ১৫০ মিটাৰৰ পৰা ৬০০ মিটাৰ পর্যন্ত ওখ ৷ ই পশ্চিমৰ ফালে কিছু বহল যদিও পূবৰ ফালে শােণিতপুৰ , লক্ষীমপুৰ আৰু ধেমাজি জিলাত কিছু ঠেক । দক্ষিণৰ ফালে ঢাল খােৱা এই অঞ্চলটো এলানি পলসুৱা শংকু আকৃতিৰ ভূ - অৱয় সমষ্টি আৰু ই প্ৰধানকৈ মিশ্ৰিত শিল- বালিৰে গঠিত । এই অঞ্চলত নৈবোৰৰ পানী সাধাৰণতে অন্তঃ স্ৰৱণ হয় যাৰ বাবে নৈবোৰত জলপ্ৰবাহ দেখা পোৱা নাযায় । কিন্তু কিছু  দূৰ নামনিত জলপ্ৰবাহ পুনৰ বহিৰ্গামী হৈ নৈৰ বুকুৱেদি ভৈয়ামলৈ বৈ যায়। পাদদেশ অঞ্চলৰ দক্ষিণাংশৰ মাটি সেমেকা বাবে তাত নল- খাগৰি আদি দীঘল ঘাঁহ জাতীয় উদ্ভিদ  গজে । সেয়েহে এই অঞ্চলটোত সংৰক্ষিত বনাঞ্চল আৰু অভয়াৰণ্যৰ বাবে উপযুক্ত  পৰিৱেশ বিৰাজ কৰিছে । 

    ব্ৰহ্মপুত্ৰ সমভূমিৰ অঞ্চল বুলিলে ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজায়। ইয়াৰে উত্তৰ পাৰৰ সমভূমিৰ অঞ্চলটো দক্ষিণৰ পাদদেশৰ পৰা উত্তৰৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে । ব্ৰহ্মপুত্ৰৰ দুপাৰৰ সমভূমি অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈয়ে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল- বালি -  বোকাৰ গেদ জমা হৈ সৃষ্টি হৈছে । ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ প্ধান উপনৈবোৰ হৈছে - সোৱণশিৰি ডিক্ৰং ৰঙানদী বুৰৈ বৰগাং জীয়াভৰলী গাভৰু বেলশিৰি ধনশিৰি নোৱানদী ন- নৈ বৰনদী পুঠিমাৰী পাগলাদিয়া মানাহ- আই বেকী চম্পাৱতী গৌৰাংগ টিপকাই আৰু গদাধৰ । সেইদৰে ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈবোৰ হৈছে - বুঢ়ীদিহিং দিছাং  দিখৌ জাঁজী ভোগদৈ ধনশ্ৰী, কপিলী কুলশী কৃষ্ণাই আৰু জিনাৰী । ব্ৰহ্মপুত্ৰ উত্তৰ আৰু দক্ষিণ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু খেতি - বাতিৰ বাবে উপযোগী । এয়াত জনবসতি ঘন আৰু যাতায়ত ব্যৱস্থাৰ উন্নত । উত্তৰ পাৰৰ সমভূমি অঞ্চলটো নামনি অংশত গড়ে ৩০ কিলোমিটাৰ বহল আৰু উজনি অংশত ঠেক গড়ে প্ৰায় ১০ কিলোমিটাৰ বহল । আনহাতে দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো মেঘালয় মালভূমিৰ বিস্তৃতিৰ বাবে কামৰূপ গোৱালপাৰা আৰু ধুবুৰী জিলাত গড় হিচাপে কেৱল প্ৰায় ৫ কিলোমিটাৰ বহল । কিন্তু গুৱাহাটীৰ পূবৰ পৰা কপিলী সমভূমিলৈকে এই সমভূমি কিছু বহল হৈছে । আকৌ পশ্চিমাংশত ঠেক হৈ পৰিছে । অৱশ্যে গোলাঘাট জিলাৰ পূব অংশত লগতে যোৰহাট শিৱসাগৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত এই সমভূমি বহল । কিয়নো এই অঞ্চলত ধনশিৰি, দিখৌ বুঢ়ীদিহিং হিব্ৰু আদি নদীয়ে ইহঁতৰ উচ্চ অংশৰ দিশে চলাই থকা ক্ষয় কাৰ্যৰ দ্বাৰা সমভূমি বহল হৈ পৰিছে । উত্তৰ পাৰৰ দৰেই দক্ষিণ পাৰৰ সমভূমি অঞ্চলতো জনবসতি ঘন । সাৰুৱা ভূমিৰ বাবে ইয়াত খেতি- বাতি ভাল হয় আৰু যাতায়ত ব্যৱস্থাও উন্নত হৈছে ।

    ব্ৰহ্মপুত্ৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰন মাজত অৱস্থিত মাজে - সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগতে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুৰ চৰ চাপৰি অঞ্চলটো ব্ৰহ্মপুত্ৰ প্লাৱনভূমি বুলি জনা যায়। এই প্লাৱনভূমি অৱশ্যে সকলো ঠাইতে সমানে বহল নহয় । ব্ৰহ্মপুত্ৰ,  পাৰত ঠায়ে ঠায়ে অৱস্থিত টিলা আৰু নদীৰ পাৰত গেদ  জমা হৈ সৃষ্টি হোৱা তটবান্ধ ৰ বাবে কিছুমান ঠাইত প্লাৱনভূমিৰ প্ৰস্থ ়হ্ৰাস হৈছে । ব্ৰহ্মপুত্ৰ  উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটাৰ  জিলাৰ প্লাৱনভূমি  অঞ্চলত অসংখ্য়  বিল আৰু জলাশয়ৰ সৃষ্টি হৈছে ।  আনহাতে দক্ষিণ পাৰৰ প্লাৱনভূমি তুলতামূলকভাৱে  ঠেক । অৱশ্যে  ই বুঢ়ীদিহিং ডিচাং ধনশ্ৰী কলং - কপিলী আৰু কুলশী নৈৰ মোহনা অঞ্চলত কিছু বহল হৈছে । 

ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিবোৰক সামৰি ইয়াৰ মাজৰ চৰ- চাপৰি অঞ্চলটোক সক্ৰিয়  প্লাৱনভূমি বুলি কোৱা হয় । ব্ৰহ্মপুত্ৰ নদীখন অসমত গড়ে প্ৰায় ৬ৰ পৰা ৮ কিলোমিটাৰ পৰ্যন্ত বহল । ই জলপৰিবহণ আৰু গেদপৰিবহণৰ  ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে এখন লেখত লবলগীয়া  নদী ।  নদীখনৰ বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন পৰিবহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ বাবে ই  স্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ সুঁতিবোৰে সঘনে গতি সলাই থাকে । ব্ৰহ্মপুত্ৰ  নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জলন্ত সমস্যাৰূপে পৰিগণিত হৈছে । নদীখনৰ বুকুত প্ৰায় ৬০০ ৰো অধিক সৰু- বৰ আকাৰৰ বালিচৰ আছে । এই বালিচৰবোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অৰ্ধস্থায়ী আৰু বেছিভাগেই অস্থায়ী । নদীৰ বুকুত চলি থকা খনন, পৰিবহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এই চৰবোৰৰ আকাৰ আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে । এনেদৰেই ব্ৰহ্মপুত্ৰৰ বুকুত  মাজুলী নদী- দ্বীপৰ সৃষ্টি হৈছে । ই পৃথিৱীৰ ভিতৰতে এটা অন্যতম বৃহৎ নদী - দ্বাীপ বুলি জনাজাত  । ২০১১ চনৰ লোকপ্ৰিল অনুসৰি প্ৰায় ১.৬৮ লাখ জনখ্যাৰ বসতিস্থল মাজুলীয়ে প্ৰায় ৪২২ বৰ্গকিলোমিটাৰ মাটিকালি জুৰি আছে  ইয়াক বৰ্তমান এখন জিলা হিচাপে ঘোষাণা কৰা হৈছে । বানপানী আৰু গৰাখহনীয়া সমস্যাই মাজুলীৰ জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে । গৰখহনীয়াৰ ফলত মাজুলীৰ মাটিকালি বছৰি কমি গৈ আছে ।

ব্ৰহ্মপুত্ৰ উপত্যাকাৰ অন্তৰ্গত দক্ষিণৰ পাদদেশ অঞ্চলটোৱে মেঘালয় মালভূমি কাৰ্বি মালভূমি আৰু বৰাইল পৰ্বতৰ পাদদেশৰ লগতে পাটকাই - নগা পৰ্বতৰ  পাদদেশক সামৰি লৈছে । তিনিচুকীয়া ডিব্ৰুগড়, শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাৰ সীমান্ত অঞ্চলত অৰুণাচল আৰু নাগালেগুৰ পাৰ্বত্য অঞ্চলৰ পাদদেশ অৱস্থিত । দক্ষিণৰ মেঘালয় মালভূমি আৰু অসমৰ সীমান্ত অঞ্চলৰ পাদদেশে গাৰো আৰু খাছীয়া - জয়ন্তীয়া পাহাৰৰ নামনি অঞ্চল - সামৰি লৈছে । সেইদৰে কাৰ্বি মালভূমিৰ উত্তৰ পূব আৰু পশ্চিম সীমান্তৰ নিম্ন পাহাৰীয়া অঞ্চলক কাৰ্বি মালভূমি পাদদেশ বুলি জনা যায । আকৌ ডিমা হাছাও জিলাৰ উত্তৰ সীমাত বৰাইল পৰ্বতৰ পাদদেশ অঞ্চল অৱস্থিত । 

(খ) বৰাক উপত্যকা ঃ ব্ৰহ্মপুত্ৰ উপত্যকা দৰে বৰাক উপত্যকাটোও অসমৰ  এটা অন্যতম গুৰুত্বপূৰ্ণ ভূ - প্ৰকৃতি  অঞ্চল । বৰাক উপত্যকাটোৰ বৰাক সমভূমিৰ আৰু ইয়াৰ সংলগ্ন উত্তৰ  আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে । বৰাক নদীখনে অসমত পূবৰ পৰা পশ্চিমলৈ কাছাৰ  জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কিৰিমগঞ্জ জিলাৰ উত্তৰ সীমায়েদি প্ৰায় ২২৫ কিলোমিটাৰ বৈ গৈছে । বৰাক আৰু ইয়াৰ উপনৈবোৰে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমিখন সৃষ্টি কৰিছে । এই সমভূমি  কাছাৰ সমভূমি  বুলিও জনা যায় । ইয়াৰ উত্তৰ, দক্ষিণ আৰু পূব দিশত পৰ্বত - পাহাৰে আগুৰি আছে । উত্তৰফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি আছে, পূবফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণফালে মিজো পৰ্বত অৱস্থিত । অৱশ্যে পশ্চিমফালে এই সমভূমি  বাংলাদেশৰ চিলেট জিলাৰ কছিয়াৰা - সুৰমা নদীৰ সমভূমিৰ লগত মিলিত হৈছে । বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈসমূহৰ ভিতৰত চিৰি ডিকচা দীঘলী জিৰি মধুৰা জাতিংগা লাৰাং আদিয়েই প্ৰধান । ইয়াৰ দক্ষিণ পাৰৰ উপনৈসমূহৰ ভিতৰত সোণাই ধলেশ্বৰী- কাটাখাল চিংলা আৰু লেংগাই অন্যতম ।

(গ) কাৰ্বি মালভূমি ঃ-  উৎপত্তি আৰু ভূতাত্ত্বিক গঠনৰ ফালৰ পৰা কাৰ্বি মালভূমি মেঘালয় মালভূমি অংশবিশষ বুলি কব পাৰি ।  কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূব আৰু পশ্চিম - দুটা খগুত বিভক্ত কৰিছে ।  ইয়াৰে পূবৰ খগুটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমাত বিস্তৃত হৈ আছে ।  এই খগুটো পশ্চিমৰ খগুটোতকৈ আকাৰত প্ৰায় দুগুণে  ডাঙৰ । আনহাতে পশ্চিমৰ খগুটোৱে কাৰ্বি আংলং জিলাখনৰ হামৰেণ মহকুমাটো সামৰি  লৈছে দক্ষিণ - পশ্চিমৰ পৰা উত্তৰ - পূৱলৈ ঢাল খোৱা এই খগুটোৰ গড় উচ্চতা হৈছে ৯০০ মিটাৰ । কপিলী আৰু বৰাপানী নদী আৰু ইহঁতৰ উপনৈবিলাকৰ দ্বাৰা এই পশ্চিম খগুটোৰ ভূ- আকৃতি  গঢ় লৈ উঠিছে । 

(ঘ) বৰাইল আৰু দক্ষিণৰ পৰ্বত ৰাশি ঃ নাগালেগুৰ টুৱেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলাত প্ৰসাৰিত হৈ আছে । বৰাইল পৰ্বতে প্ৰকৃততে পূবৰ নগা পৰ্বত আৰু পশ্চমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে । ইয়াৰে উত্তৰফালে ঢাল খোৱা অংশটো ব্ৰহ্মপুত্ৰ উপত্যকা অন্তৰ্গত আৰু দক্ষিণৰ ফালে ঢাল খোৱা অংশটো উপত্যকা অন্তৰ্গত হৈছে । উত্তৰফালে ঢাল খোৱা অংশটো দক্ষিণৰ ফালে ঢাল খোৱা অংশটোতকৈ তুলনামূলকভাৱে চাপৰ ।

Type Sumit Patar

 Class 9 Social Science Georaphy