জলবায়ুৰ বৈশিষ্ট 

 অসমখন ভৌগােলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত । এই ৰাজ্যখনত ' বছৰটোৰ গ্রীষ্মকালত অতিপাত বৃষ্টি , শীতকালত শুষ্ক অৱস্থা আৰু প্রায় সকলাে সময়তে  অত্যধিক আদ্রর্তা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে । অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত যদিও ৰাজ্যখনৰ ভৌগােলিক বৈচিত্র্যই ইয়াৰ  জলবায়ুও যথেষ্ট বৈচিত্র্যময় কৰি তুলিছে । ভৌগােলিক অৱস্থান , ভূ - প্রকৃতি , আৰব সাগৰ , বঙ্গোপসাগৰ , ভাৰত মহাসাগৰৰ জলভাগ আৰু দক্ষিণ - পশ্চিম    আৰ্দ্ৰ মৌচুমী বায়ুপ্রবাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ বৈশিষ্ট্য সকলােতে একে নহয় । ঋতুভেদে  উত্তৰ - পশ্চিম ভাৰত ভূখণ্ডৰ পৰিবৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱাে অসমৰ জলবায়ুত পৰে । ইয়াৰােপৰি স্থানীয়ভাৱে প্রবাহিত পার্বত্য বতাহ , উপত্যকা বতাহ আৰু নদ - নদী তথা । অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পর্যায়ত জলবায়ুৰ বৈশিষ্ট্যত যথেষ্ট প্রভাৱ পেলায় । ' সাধাৰণতে গ্রীষ্মকালত ব্রহ্মপুত্র আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে । এইবাবেই গ্রীষ্মকালত সমভূমি অঞ্চলত স্থানীয়ভাৱে এক প্রকাৰ নিম্নচাপৰ সৃষ্টি হয় । 

    ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা উত্তৰ আৰু পূবে বিস্তৃত হিমালয় পৰ্বতশ্ৰেণী আৰু ইয়াৰ ঠাল- ঠেঙুলীয়ে গ্ৰীষ্মকালত দক্ষিণ - পশ্চিম দিশত পৰা প্ৰৱাহিত উষ্ণ তথা আৰ্দ্ৰ  মৌচুমী  বতাহক বাধা প্ৰদান কৰে ।  লগতে এই পৰ্বতশ্ৰেণীয়ে শীতকালত তিববত মালভূমিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ফালে প্রবাহিত অতি ঠাণ্ডা বতাহৰ বিপদৰ পৰাও  ৰাজ্যখনক ৰক্ষা কৰে । আনহাতে গ্রীষ্মকালত দক্ষিণ - পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্র উপত্যকাৰ বিশেষকৈ উত্তৰ - পূৱ অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে । ইয়াৰােপৰি বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ - পশ্চিম মৌচুমী বতাহে বাধাপ্রাপ্ত হৈ বৰাক সমভূমি অঞ্চলতাে যথেষ্ট পৰিমাণে বৰষুণ দিয়ে । অৱশ্যে এই মৌচুমী বতাহৰ শক্তি আৰু লগত অহা জলীয়বাষ্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বছৰি বৰষুণৰ পৰিমাণৰ পাৰ্থক্য ঘটে । পাহাৰৰ অনুবাত ঢালত বিশেষকৈ কার্বি পাহাৰৰ পূর্বফালে তথা ডিমা হাছাও পাহাৰৰ উত্তৰ আৰু পূৱফালে বৰষুণৰ পৰিমাণ যথেষ্ট হ্রাস পায় । একে কাৰণতে নগাঁও জিলাৰ দক্ষিণ অংশতাে বৰষুণ যথেষ্ট কম হয় । অৱশ্যে হিমালয় পর্বতশ্রেণীৰ পাদভূমি অঞ্চলত বৰষুণৰ পৰিমাণ সদায় বেছি থাকে । দক্ষিণ - পশ্চিম মৌচুমী ।  বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম  ফালেদি সােমাই আহি নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চলত বৰষুণ দিয়ে । অসমৰ গ্রীষ্মকালৰ বৰষুণ বিশেষকৈ আর্দ্র দক্ষিণ - পশ্চিম মৌচুমী বতাহৰ শৈলােৎক্ষেপন ( Orographic ) আৰু চক্রবাত ( Cyclonic ) প্রক্রিয়াৰ জৰিয়তে সৃষ্টি হয় । 

     শীতকালত উষ্ণতা হ্রাস পাই ঠাণ্ডাৰ প্রকোপ বৃদ্ধি পােৱাৰ ফলত ব্রহ্মপুত্র উপত্যকা অঞ্চলত এক উচ্চ চাপৰ সৃষ্টি হয় । আনহাতে সেই সময়ত বঙ্গোপসাগৰত তুলনামূলকভাৱে এক নিম্নচাপে বিৰাজ কৰে । গ্রীষ্ম আৰু শীতকালৰ মাজত হােৱা এনে চাপৰ পাৰ্থক্যৰ বাবে শীতকালত বতাহৰ দিশৰাে গ্রীষ্মকালৰ দক্ষিণ - পশ্চিম মৌচুমীৰ সম্পূর্ণ ওলােটা হয় । সেয়েহে শীতকালত উজনি ব্রহ্মপুত্র উপত্যকাত যি বায়ু প্রৱাহৰ সৃষ্টি হৈ বঙ্গোপসাগৰৰ ফালে প্রৱাহিত হয় তাকে উত্তৰ - পূব মৌচুমী বতাহ ( North - East  Retreating Monsoon বোলা হয় । শুষ্ক উত্তৰ - পূব মৌচুমী বতাহে ব্রহ্মপুত্র নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয়বাষ্প গ্রহণ কৰি শীত কালত কেতিয়াবা অসমৰ দক্ষিণ - পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে । আনহাতে এই সময়ত বায়ুমণ্ডলত আদ্রর্তাৰ পৰিমাণ যথেষ্ট হ্ৰাস পায়। 

 বছৰটোৰ শীত আৰু গ্ৰীষ্মকালৰ মাজত উষ্ণতাৰ পাৰ্থক্য মন  কৰিবলগীয়া । গড় হিচাপে শীতকালত উষ্ণতাৰ পৰিমাণ প্ৰায়  ছন্টিগ্ৰেড আৰু গ্ৰীষ্মকালত  ৩০ ছন্টিগ্ৰেড পৰ্যন্ত  হয় । ৰাজ্যখনত বছৰি গড় হিচাপে প্ৰায়২০০ ছেন্টিমিটাৰ বৰষুণ হয় । অৱশ্যে অসমৰ  বিভিন্ন ঠাইৰ  বৰষুণ পৰিমাণ অধ্যয়ন  কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণ স্থানিক তাৰতম্য উল্লেখনীয় ৰাজ্যখনৰ এক সুকীয়া ভূ- প্ৰকৃতি  তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্যভূমিৰ প্ৰভাৱে বৰষুণ বিতৰণৰ তাৰতম্যৰ ঘটায় । সাধৰণতে পাহাৰীয়া  তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয় । ইয়াৰোপৰি উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰ আৰু শিৱসাগৰ জিলা নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি ২৫০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় । আনহাতে মধ্য অসমৰ নগাওঁ আৰু কাৰ্বি আংলং জিলাত বৰষুণ পৰিমাণ যথেষ্ট কম । উল্লেখযোগ্য় যে নগাওঁ জিলাৰ সংকা -লামডিং অঞ্চলত বছৰি গড় বৰষুণ কেৱল ১২৯ ছেন্টিমিটাৰ পৰ্যন্ত হয়। 

    বছৰটোৰ বেলেগ বেলেগ সময়ত জলবায়ুৰ উপাদানসমূহৰ অৱস্থাৰ পার্থক্য ওপৰত ভিত্তি কৰি অসমত প্ৰধানকৈ চাৰিটা জলবায়বীয় ঋতু বা কাল চিনাক্ত কৰা হৈছে । এই ঋতুকেইটা হ'ল— প্রাক মৌচুমী , মৌচুমী , প্রত্যাৱর্তিত মৌচুমী আৰু শুষ্ক শীতকাল ।

 ( ১ ) প্রাক্ মৌচুমী কালঃ অসমত প্ৰাক্‌ মৌচুমীকাল মার্চ মাহৰ আৰম্ভণিৰ পৰা মে ' মাহৰ শেষলৈকে বিৰাজ কৰে । শীতকালৰ পিছতেই এইকাল আহে বাবে আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে । প্ৰাক্‌ মৌচুমী কালৰ সময়চোৱাত পুৱাৰ ভাগ আৰামদায়ক , উষ্ণ দুপৰীয়া , পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতিকম সময়ৰ বাবে বিজুলী ঢেৰেকণীৰে বৰষুণ হয় । এই সময়ত বায়ুমণ্ডলত এক প্রকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰু মাজে মাজে ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণীৰে বৰষুণৰ সৃষ্টি হয় । সময় অতিক্রম কৰাৰ লগে লগে এই কালচোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ'বলৈ ধৰে । মৌচুমী কালৰ আগতে হােৱা এই বৃষ্টিপাতে ধান , চাহ আৰু মৰাপাট খেতিত সহায়ক হয় । অসমত এই প্রাক্ মৌচুমীকালৰ সময়তে বসন্ত ঋতু বিৰাজ কৰে । এপ্রিল মাহৰ মাজভাগত ব'হাগ বিহু বা ৰঙালী বিহু পালন কৰা হয় । 

( ২ ) মৌচুমী কালঃ অসমত সাধাৰণতে মৌচুমীকাল জুন মাহৰ আৰম্ভণিৰে পৰা চেপ্তেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে । অসমত এইটোৱেই বর্ষাকাল । এই সময়চোৱাত দক্ষিণ - পশ্চিম মৌচুমী বায়ুপ্রবাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্রায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয় । এই কালচোৱাৰ জুন , জুলাই আৰু আগষ্ট মাহত সর্বাধিক বৃষ্টিপাত হয় । উল্লেখযােগ্য যে অসমৰ বছৰি হােৱা মুঠ বৰষুণৰ ( গড়ে প্রায় ২০০ ছেণ্টিমিটাৰ ) প্রায় ৭০ শতাংশ এই তিনিমাহতে হয় । এই মৌচুমীকালতে অসমৰ প্ৰধান খেতি শালি ধান ৰােপণ কৰা হয় । লগতে সমগ্ৰ ৰাজ্য জুৰি তথা ইয়াৰ কেওকাষৰ পাহাৰীয়া অঞ্চলত হােৱা অতিপাত বৰষুণৰ ফলত ব্রহ্মপুত্র আৰু বৰাক নদীকে ধৰি ইয়াৰ সকলােবােৰ উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাই প্ৰায়েই বানপানীৰ সৃষ্টি কৰে । 

( ৩ ) প্রত্যাৱৰ্তিত মৌচুমী কালঃ ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে দক্ষিণ - পশ্চিম মৌচুমী বতাহ উভতিবলৈ ধৰে । অর্থাৎ এই সময়ত বর্ষাকাল শেষ হােৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্রাস পায় । উষ্ণতা হ্রাস পােৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে বায়ুৰ প্ৰৱাহ সম্পূর্ণ ওলােটা হৈ উত্তৰ - পূবৰ পৰা দক্ষিণ - পশ্চিম দিশলৈ হয় । ইয়াকে উত্তৰ পূব মৌচুমী প্রৱাহ বা প্রত্যাৱৰ্তিত মৌচুমী বতাহ বােলা হয় । সাধাৰণতে অক্টোবৰ আৰু নবেম্বৰ দুমাহৰ বাবে অসমত প্রত্যাৱর্তিত মৌচুমী কাল বিৰাজ কৰে । এই সময়চোৱাত উষ্ণতা হ্রাস পােৱাৰ ফলত ৰাতি আৰু পুৱাৰ ভাগত কুঁৱলী পৰে । 

( ৪ ) শুষ্ক শীতকালঃ অসমত নৱেম্বৰ মাহৰ শেষ বা ডিচেম্বৰ মাহৰ আৰম্ভণিৰ পৰা ফেব্ৰুৱাৰী মাহৰ শেষলৈকে শীতকাল । অসমত শীতকালৰ বৈশিষ্ট্য হল নিম্ন উষ্ণতা ( ১০ ° ছেণ্টিগ্রেডৰ তললৈ ) , পুৱাৰ ভাগত ঘন কুঁৱলী আৰু বৰষুণৰ অভাৱত এক অতি শুষ্ক অৱস্থা । সেয়ে বছৰটোৰ ডিচেম্বৰ আৰু জানুৱাৰী এই দুমাহ অতি শুকান আৰু জানুৱাৰী মাহটো অতিপাত ঠাণ্ডা হয় । অসমত এই শীতকালতে শালিধান চপােৱা হয় । আৰু ভােগালী বিহু উদযাপন কৰা হয় ।

Type Sumit Patar

Class 9 Social Science Georaphy