অসমৰ প্ৰশাসনীয় বিভাগঃ

     সময়ৰ লগে লগে ভৌগােলিকভাৱে অসমৰ বিস্তৃতিৰ যথেষ্ট পৰিবর্তন ঘটিছে । বৃটিছৰ শাসনকালত অসমখন যথেষ্ট ডাঙৰ আছিল । সেইসময়ত মেঘালয় আৰু নগালেণ্ডৰ উপৰি ছিলেটো ( বর্তমান বাংলাদেশৰ অন্তৰ্গত ) অসমৰ লগত আছিল । ১৮৯৫ চনত লুচাই পাহাৰাে ( বর্তমানৰ মিজোৰাম ) অসমৰ অন্তর্ভূক্ত হৈছিল । কিন্তু ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ছিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূর্ব পাকিস্তানৰ ( বর্তমান বাংলাদেশ ) লগ লাগিছিল । ফলত সেইসময়ত অসমত ১১ খন জিলা আছিল আৰু শ্বিলং আছিল অসমৰ ৰাজধানী । পিছলৈ ১৯৬৩ চনত নগালেণ্ড , ১৯৭০ চনত মেঘালয় আৰু ১৯৭১ চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয় । ১৯৭৩ চনতে গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্রতিষ্ঠা কৰা হয় । সেই ১৯৭১ চনৰ পৰা বৰ্তমানলৈকে ( ২০১৪ চনলৈকে ) অসমৰ মাটিকালি তথা ভৌগােলিক সীমা আৰু পৰিসৰ একেই আছে । অসমৰ বর্তমান মাটিকালি ৭৮,৪৩৮ বর্গকিলােমিটাৰ আৰু জনসংখ্যা -৩১.২০ নিযুত ( ২০১১ বৰ্ষৰ লােকপিয়ল অনুসৰি ) । কেৱল কিছুমান প্রসাশনিক সুবিধা - অসুবিধা আৰু ৰাজ্যখনত বসবাস কৰা বিভিন্ন জনগােষ্ঠীৰ আশা - আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একে পৰিসৰতে নতুন নতুন জিলা গঠন কৰা হৈছে । বর্তমান অসমত সৰ্বমুঠ ৩৩ খন জিলা আছে । এই জিলা কেইখনৰ ভিতৰত ৭ খন ২০১৫-১৬ বৰ্ষত নতুনকৈ গঠন কৰা হৈছে । ( চিত্র ৪.১৬ আৰু তালিকা ৪.৩ ) এই ৩৩ খন জিলাৰ ভিতৰত ৪ খন যেনে — কোকৰাঝাৰ , চিৰাং , বাক্সা আৰু ওদালগুৰি বি টি এ ডি ( Bodoland Territorial Area Districts ) ৰ অন্তৰ্গত । বি টি এ ডি ২০০৩ চনত গঠিত হৈছিল । ২০১৫ বৰ্ষৰ আগলৈকে মাটিকালি হিচাপে কাৰ্বি আংলং জিলা ধৃহৎ ( ১০,৪৩৪ বর্গকিলােমিটাৰ ) আৰু কামৰূপ মহানগৰ জিলা আটাইতকৈ সৰু ( ৯৫৫ বর্গকিলােমিটাৰ ) জিলা আছিল । আনহাতে ২০১১ বৰ্ষৰ লােকপিয়লৰ ভিত্তিত জনসংখ্যা হিচাপে নগাওঁ জিলাৰ জনসংখ্যা সর্বোচ্চ ( ২.৮২ নিযুত ) আৰু ডিমা হাছাওৰ ধ্বনিম্ন ( ২.১৪ লাখ ) ।

তালিকা ৪.৩ঃ অসমৰ জিলা জিলা সদৰ মাটিকালি আৰু জনসংখ্যা 

(১)

জিলাৰ নামঃ- ধুবুৰী 

 জিলা সদৰঃ- ধুবুৰী

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ২,১৭৬

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি ) ঃ- ১৯,৮৯,২৫৮

(২)

জিলাৰ নামঃ- কোকৰাঝাৰ

 জিলা সদৰঃ-  কোকৰাঝাৰ

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ৩,২৯৬

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )ঃ- ৮,৮৭,১৪২

(৩)

জিলাৰ নামঃ- গোৱালপাৰা

 জিলা সদৰঃ- গোৱালপাৰা

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ১,৮২৪ 

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )ঃ- ১০,০৮,১৮৩

(৪)

জিলাৰ নামঃ-  বঙাইগাঁও

 জিলা সদৰঃ-  বঙাইগাঁও

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ১,০৯৩

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )৭,৩৮,৮০৪

(৫)

জিলাৰ নামঃ-  চিৰাং

 জিলা সদৰঃ-  কাজলগাঁও

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ১,৯২৩

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি ) ৪,৮২,১৬২

(৬)

জিলাৰ নামঃ-  বৰপেটা

 জিলা সদৰঃ- বৰপেটা

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ২,২৮২

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )১৬,৯৩,৬২২

(৭)

জিলাৰ নামঃ-  নলবাৰী

 জিলা সদৰঃ-  নলবাৰী

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ-  ১,০৫২

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি ) ৭,৭১,৬৩৯

(৮)

জিলাৰ নামঃ-  বাক্সা

 জিলা সদৰঃ- মছলপুৰ

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ২,৪৭৭

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )৯,৫০,০৭৫

(৯)

জিলাৰ নামঃ- কামৰূপ

 জিলা সদৰঃ- আমিনগাঁও

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ৩,১০৫

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )১৫,১৭,৫৪২

(১০)

জিলাৰ নামঃ- কামৰূপ মহানগৰ

 জিলা সদৰঃ- গুৱাটীৰ

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ৯৫৫

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )১২,৫৩,৯৩৮

(১১)

জিলাৰ নামঃ- দৰং

 জিলা সদৰঃ- মঙলদৈ

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ১,৫৮৫

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )১২,৫৩,৯৩৮

(১২)

জিলাৰ নামঃ- ওদালগুৰি

 জিলা সদৰঃ-ওদালগুৰি 

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ২,০১২

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )৮,৩১,৬৬৮

(১৩)

জিলাৰ নামঃ- শোণিতপুৰ

 জিলা সদৰঃ-তেজপুৰ 

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ৫,২০৪

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )১৯২৪,১১০

(১৪)

জিলাৰ নামঃ- লখিমপুৰ

 জিলা সদৰঃ- লখিমপুৰ

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ২,২৭৭

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )১০,৪২,১৩৭

(১৫)

জিলাৰ নামঃ- ধেমাজি

 জিলা সদৰঃ- ধেমাজি

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ৩,২৩৭

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )৬,৮৬,১৩৩

(১৬)

জিলাৰ নামঃ- নগাঁও

 জিলা সদৰঃ- নগাঁও

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ৩,৯৭৩

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )২৮,২৩,৭৬৮

(১৭)

জিলাৰ নামঃ- মৰিগাওঁ

 জিলা সদৰঃ- মৰিগাওঁ

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ১,৫৫১

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )৯,৫৭,৪২৩

(১৮)

জিলাৰ নামঃ-  গোলাঘাট

 জিলা সদৰঃ- গোলাঘাট

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ৩৫০২

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )১,.০৬৬,৮৮৮

(১৯)

জিলাৰ নামঃ- যোৰহাট

 জিলা সদৰঃ- যোৰহাট

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ২৮৫১

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )১০,৯২,২৫৬

(২০)

জিলাৰ নামঃ- শিৱসাগৰ

 জিলা সদৰঃ- শিৱসাগৰ

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ২৬৬৮

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি ) ১১,৫১,০৫০

(২১)

জিলাৰ নামঃ-  ডিব্ৰুগড়

 জিলা সদৰঃ- ডিব্ৰুগড়

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ৩৩৮১

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )১৩,২৬,৩৩৫

(২২)

জিলাৰ নামঃ- তিনিচুকীয়া

 জিলা সদৰঃ- চিনিচুকীয়া

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ৩৭৯০

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )১৩,২৭,৯২৯

(২৩)

জিলাৰ নামঃ-  কাৰ্বি আংলং

 জিলা সদৰঃ- ডিফু

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ১০,৪৩৪

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )৯,৫৬,৩১৩

(২৪)

জিলাৰ নামঃ-  ডিমা- হাছাও

 জিলা সদৰঃ- হাফলং

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ৪,৮৮৮

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )২২,১৪,১০২

(২৫)

জিলাৰ নামঃ- কৰিমগঞ্জ

 জিলা সদৰঃ- কৰিমগঞ্জ

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ১,৮০৯

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )১২,২৮,৬৮৬

(২৬)

জিলাৰ নামঃ-  কাছাৰ

 জিলা সদৰঃ- শিলচৰ

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ- ৩,৭৮৬

জনসংখ্যা (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি )১৭,৩৬,৬১৭

(২৭)

জিলাৰ নামঃ- হাইলাকান্দি

জিলা সদৰঃ-হাইলাকান্দি 

মাটিকালি(বৰ্গ কিঃ মিঃ) ১,৩২৭

জনসংখ্যা (২০১১বৰ্ষৰ লোকপিয়ল অনুসৰি ) ৬,৫৯,২৯৬

(২৮)

জিলাৰ নামঃ- বিশ্বনাথ*

জিলা সদৰঃ-বিশ্বনাথ চাৰিআলি

মাটিকালি (বৰ্গ কিঃ মিঃ)

সনসংখ্যা ২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি)

(২৯)

জিলাৰ নামঃ- চৰাইদেউ*

জিলা সদৰঃ-সোণাৰি

মাটিকালি (বৰ্গ কিঃ মিঃ)

সনসংখ্যা ২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি)

(৩০)

জিলাৰ নামঃ-হোজাই*

জিলা সদৰঃ-শস্কৰদেৱ নগৰ

মাটিকালি (বৰ্গ কিঃ মিঃ)

সনসংখ্যা ২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি)

(৩১)

জিলাৰ নামঃ-মাজুলী**

জিলা সদৰঃ-গৰমূড়

মাটিকালি (বৰ্গ কিঃ মিঃ)

সনসংখ্যা ২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি)

(৩২)

জিলাৰ নামঃ-দক্ষিণ শালমাৰা - মানকাছাৰ*

জিলা সদৰঃ- হাটশিঙিমাৰী

মাটিকালি (বৰ্গ কিঃ মিঃ)

সনসংখ্যা ২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি)

(৩৩)

জিলাৰ নামঃ- পশ্চিম কাৰ্বি - আংলং*

জিলা সদৰঃ- হামৰেং

মাটিকালি (বৰ্গ কিঃ মিঃ)

সনসংখ্যা ২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি)

 বি . দ্ৰঃ- * ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে উপৰােক্ত ৫ খন জিলা হিচাপে ঘােষণা কৰা হয় । বিশ্বনাথ জিলা ২৯ ফেব্ৰুৱাৰী , ২০১৬ তাৰিখে উদ্ধোধন কৰা হয় । চৰাইদেউ জিলা ১৪ ফেব্ৰুৱাৰী , ২০১৬ তাৰিখে উদ্ধোধন কৰা হয় । হােজাই জিলা ২০ ফেব্ৰুৱাৰী , ২০১৬ তাৰিখে উদ্ধোধন কৰা হয় । দক্ষিণ শালমাৰা - মানকাছাৰ জিলা ৯ ফেব্ৰুৱাৰী , ২০১৬ তাৰিখে উদ্ধোধন কৰা হয় । পশ্চিম কাৰ্বি আংলং জিলা ৯ ফেব্ৰুৱাৰী , ২০১৬ তাৰিখে উদ্ধোধন কৰা হয় । ** মাজুলী জিলা ৮ ছেপ্তেম্বৰ , ২০১৬ তাৰিখে উদ্ধোধন কৰা হয় আৰু ২০১১ চনৰ লােকপিয়লত এই জিলাসমূহৰ লােকপিয়লৰ তথ্য পােৱা নহ'ল ।

* ভৌগােলিক অবস্থান হিচাপে অসম পৃথিৱীৰ ২৮০৯ উত্তৰ অক্ষাংশৰ পৰা ২৭ ° ৫৮ উত্তৰ অক্ষাংশলৈ আৰু ৮৯ ° ৪১ পূর্ব দ্রাঘিমাংশৰ পৰা ৯৬ ° ০১ পূর্ব দ্রাঘিমাংশলৈ বিয়পি আছে ।

 *অসমৰ ভাষা , ধর্ম , পৰম্পৰা আদি সাংস্কৃতিক উপাদানসমুহত পুব আৰু পশ্চিমৰ পৰা অসমলৈ প্রব্রজিত মানুহৰ সংমিশ্ৰণৰ প্ৰভাৱ দেখা যায় ।

 *ব্রহ্মপুত্র উপত্যকাত অৱস্থিত গুৱাহাটী মহানগৰীক উত্তৰ - পূৰ্বাঞ্চলৰ দুৱাৰমুখ বা প্রৱেশদ্বাৰ বােলা হয় । অসমৰ ভূ - প্রকৃতি প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি–

 ( ক ) ব্রহ্মপুত্র উপত্যকা , 

( খ ) বৰাক উপত্যকা ,

 ( গ ) কাৰ্বি মালভূমি আৰু

 ( ঘ ) বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি । 

*অসমৰ প্ৰধান ভূ - প্রাকৃতিক অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকা প্রায় ৭২০ কি.মি. দীঘল আৰু গড়ে প্রায় ৮০ কি.মি. বহল । এই উপত্যকাই অসমৰ মাটিকালিৰ প্রায় ৭২ শতাংশ অঞ্চল জুৰি আছে । 

*ব্রহ্মপুত্র নৈখন অসমত প্রায় ৬৪০ কি.মি. দীঘল আৰু গড়ে প্রায় ৬ ৰ পৰা ৮ কি.মি. পর্যন্ত বহল ।

* মাজুলী ব্ৰহ্মপুত্ৰৰ বুকুৰ এটা স্থায়ী বালিচৰ । ইয়াক পৃথিৱীৰ অন্যতম বৃহৎ নদী - দ্বীপ বুলি জনাজাত । বানপানী আৰু গৰাখহনীয়া মাজুলীৰ গুৰুতৰ সমস্যা ।

 *বৰাক নদীখনে কাছাৰ জিলাৰ মাজেৰে হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমাইদি প্রায় ২২৫ কি.মি. দূৰত্ব বৈ গৈ বৰাক উপত্যকাৰ সৃষ্টি কৰিছে ।

* কপিলী উপত্যকাৰ দুয়ােপাৰে কাৰ্বি মালভূমি বিস্তৃত হৈ আছে । ইয়াৰে পূবৰ খণ্ডটোত ৰেংমা পাহাৰক লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বােকাজান মহকুমা দুটা বিস্তৃত হৈ আছে । পশ্চিমৰ খণ্ডটোৱে কার্বি আংলং জিলাৰ হামৰেণ মহকুমাটো সামৰি লৈছে ।

 *অসম ভৌগােলিকভাৱে উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত ।

*অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আদ্র দক্ষিণ - পশ্চিম মৌচুমী বতাহৰ শৈলােৎক্ষেপণ আৰু চক্রবাত প্রক্রিয়াৰ জৰিয়তে সৃষ্টি হয় । 

*গড় হিচাপে অসমৰ বায়ুমণ্ডলৰ উষ্ণতা শীতকালত ৭ ” চেন্টিগ্রেড আৰু গ্রীষ্মকালত ৩৫ ” চেন্টিগ্রেড পর্যন্ত হয় । ৰাজ্যখনত গড় হিচাপে প্রায় ২০০ চেমি , বৰষুণ হয় । 

*অসমত বর্ষাকালটোৱেই প্ৰকৃততে মৌচুমী কাল । জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে এই কালে বিৰাজ কৰে । অসমৰ বছৰি মুঠ বৰষুণৰ প্রায় ৭০ শতাংশ বৰষুণ এই সময়ছোৱাতে হয় । 

*অসমৰ মাটি চাৰিটা প্ৰকাৰত ভগাব পাৰি— 

( ১ ) পলসুৱা মৃত্তিকা ,

 ( ২ ) গিৰিপদ মৃত্তিকা , 

( ৩ )পাহাৰীয়া  মৃত্তিকা আৰু

 ( ৪ ) কংকৰ মৃত্তিকা । 

*মৃত্তিকা জীৱজগতৰ আধাৰ আৰু এবিধ মূল্যবান সম্পদ । ইয়াক অৱক্ষয়ৰ পৰা ৰােধ কৰি সংৰক্ষণ কৰাটো আমাৰ কর্তব্য । 

*অসমৰ অৰণ্যক পাচটা ভাগত ভগাব পাৰি— 

( ক ) ক্রান্তীয় চিৰসেউজীয়া অৰণ্য , 

( খ) ক্ৰান্তীয় চিৰসেউজীয়া

 ( গ ) ক্রান্তীয় অৰ্ধচিৰসেউজীয়া

 ( ঘ ) ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী

( ঙ ) নৈপৰীয়া অৰণ্যআৰু

(চ) ক্ৰান্তীয় শুষ্ক পৰ্ণপাতী অৰণ্য ।

 *অসমত মুঠতে ৫ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ১৮ খন অভয়াৰণ্য আছে । এইসমূহ জৈৱ - বৈচিত্ৰৰ আধৰস্বৰূপ । 

*অসমৰ বৰ্তমান ৩৩ খন জিলাৰ ভিতৰত কোকৰাঝাৰ , চিৰাং , বাক্সা আৰু ওদালগুৰি বি টি এ চিৰ অন্তৰ্গত । 

*মাটিকালিৰ ভিত্তিত অসমৰ সর্ববৃহৎ জিলা হ’ল কাৰ্বি আংলং আৰু আটাইতকৈ সৰু জিলা হল কামৰূপ মহানগৰ । জনসংখ্যাৰ ভিত্তিত নগাঁও জিলাৰ জনসংখ্যা সর্বাধিক আৰু ডিমা - হাচাও জিলাৰ জনসংখ্যা সর্বনিম্ন ।

Type Sumit Patar- 

Class 9 Social Science Geraphy