মন্থৰাৰ কূট-বুদ্ধি । অধ্যায় ৬ । Chapter 6 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School |  চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ৬


 মন্থৰাৰ কূট-বুদ্ধি


(১) চমু উত্তৰ লিখা-


(ক) যুধাজিৎ কোন  ৰজা আছিল?

উত্তৰঃ যুধাজিৎ কেকয় দেশৰ ৰজা আছিল ।


(খ) শ্ৰীৰামক কিয় প্ৰজাই বৰ ভাল পাইছিল ?

উত্তৰঃ শ্ৰীৰামৰ উত্তম স্বভাৱ আৰু মধুৰ ব্যৱহাৰৰ কাৰণে প্ৰজাই তেওঁক বৰ ভাল পাইছিল ।


(গ) কৈকেয়ী কোন আছিল ?

উত্তৰঃ কৈকেয়ী ৰজা দশৰথৰ দ্বিতীয় গৰাকী পত্নী বা দশৰথৰ ৰজা পুত্ৰ ভৰতৰ মাক আছিল ।


(ঘ) কৈকেয়ীৰ দাসীৰ নাম কি আছিল ?

উত্তৰঃ কৈকেয়ীৰ দাসীৰ নাম কুঁজী আছিল ।


(ঙ) মন্থৰাৰ ৰামৰ অভিষেক কিয় ভাল লগা নাছিল ?

উত্তৰঃ মন্থৰাৰ ৰামৰ অভিষেক কিয় ভাল লগা নাছিল কাৰণ মন্থৰাৰ স্বভাৱতে কুটিলা আছিল ।


(চ) ৰজা দশৰথ মূছকঁছ কিয় গ'ল ?

উত্তৰঃ ৰজা দশৰথে ৰামৰ চৈধ্য বছৰ বনবাস যোৱাৰ কথা শুনি বৰ দুখ পালে সেইবাবে তেওঁ মূছকঁছ গ'ল ।


(ছ) ৰাম নিজৰ প্ৰথম কৰ্তব্য কি বুলি ভাবিলে ?

উত্তৰঃ  পিতাকৰ প্ৰতিজ্ঞা ৰক্ষা কৰাটো তেওঁ নিজৰ প্ৰথম কৰ্তব্য বুলি ভাবিলে ।


(২) খালী ঠাই পূৰ কৰা-


(ক)
ভৰতৰ মোমায়েকৰ নাম যুধাজিৎ আছিল ।


(খ)
কুঁজী দাসীৰ ৰামৰ অভিষেক ভাল লগা নাছিল ।


(গ) কৈকেয়ীৰ দুটা বৰ মাগিলে-

১। ৰামৰ চৈধ্য বছৰ বনবাস

২। ভৰতক যুৱৰাজ পাতিব লাগে ।


(৩) বাক্য ৰচনা কৰা-


আনন্দৰ জোঁৱাৰ উঠিল, ৰোহঘৰ, কথাত বান্ধ খালে।

উত্তৰঃ আনন্দৰ জোঁৱাৰ উঠিলঃ ৰামক যুবৰাজ পতা কথা শুনি প্ৰজাৰ মাজত আনন্দৰ জোঁৱাৰ উঠিল ।

ৰোহঘৰঃ ৰং মনে মাকৰ ওপৰত ঠেহ পাতি ৰোহঘৰত সোমাই আছে ।

কথাত বান্ধ খালেঃ ৰমেনে সখীয়েক দিয়া কথাত বান্ধ খালে ।