সতী জয়মতী । অধ্যায় ৭ । Chapter 7 | Class 3 Niti Mallika Sonkardev School Question and Answer Assam | Class 3 Niti Mallika Sankardev School Soulition | তৃতীয় মান শ্ৰেণীৰ সতী জয়মতী পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ৭

সতী জয়মতী

    👉Download Book PDF
    👉Chapter 7 MCQs
    👉Online Exam

আৰ্হি প্ৰশ্নঃ

(ক) জয়মতী কোন আছিল?

উত্তৰঃ জয়মতী গদাপাণি পত্নী আৰু অসমৰ এগৰাকী মহীয়সী নাৰি আছিল।


(খ) গদাপাণি কোঁৱেৰে কিয় পলাই ফুৰিছিল ?

উত্তৰঃ ল'ৰাৰজাৰ ভয়ত গদাপাণি কোঁৱৰ পলাই ফুৰিছিল।


(গ) ল'ৰাৰজাৰ প্ৰকৃত নাম কি আছিল?

উত্তৰঃ ল'ৰাৰজাৰ প্ৰকৃত নাম চুলিকফা কোঁৱৰ আছিল।


(ঘ) জয়মতীক চাওদাঙে কিয় শাস্তি দিছিল ?

উত্তৰঃ জয়মতীয়ে স্বামীৰ কথা একো নকোৱা বাবে চাওদাঙে শাস্তি দিছিল।


(ঙ) জয়সাগৰ পুখুৰী কোনে খন্দাইছিল ?

উত্তৰঃ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খন্দাইছিল।


(চ) জয়মতীৰ আত্মত্যাগৰ বিষয়ে চমুকৈ লিখা |

উত্তৰঃ জয়মতীৰ আত্মত্যাগৰ বিষয়ে চমুকৈ  হ'লঃ জয়মতীৰ স্বামী গদাপাণি কোঁৱৰ আহোমৰ ৰাজসিংহাসনত বহিব পৰা এজন যোগ্য ব্যাক্তি আছিল। কিন্তু সেইসময়ত আহোমসকলৰ ৰজা আছিল চুলিকফা কোঁৱৰ। চৈধ্য বছৰ বয়সত ৰজা হোৱা বাবে তেওঁক ল'ৰা ৰজা বোলা হৈছিল। সেইসমযত ৰজা চুলিকফা কোঁৱৰে আহোমৰ ৰজা হ'ব পৰা যোগ্যতা থকা কোঁৱৰ সকলক আঁঠুৰ ঘিলা কাঢ়ি,নাক-কাণ কাটি ঘূণীয়া কৰিছিল,কিয়নো শৰীৰত খুঁত থকা বা অংগক্ষত কোঁৱৰসকলে ৰাজপাটত বহিব নোৱাৰিছিল। ল'ৰাৰজাৰ ভয়ত গদাপাণি কোঁৱৰ পলাইফুৰিছিল। নানা কৌশলেৰেও গদাপাণিক ধৰিব নোৱাৰাত গদীপাণিৰ পত্নীক ধৰাই আনি জয়মতীক গদাপাণিৰ কথা সোধা হ'ল কিন্তু জয়মতীয়ে একো ন'কলে। অৱশেষত জেৰেঙা নামৰ ঠাইত জয়মতীক চাওদাঙে শাস্তী দিবলৈ ধৰিলে তাৰপাছতো জয়মতীয়ে গদাপাণিৰ কথা নক'লে | জয়মতীক শাস্তি দিয়া কথা শুনি নগা পাহৰত লুকাই থকা গদাপাণিৰ ছদ্মবেশ ধৰি জয়মতীৰ কাষলৈ আহি ল'ৰা ৰজাক সকলো কথা খুলি ক'বলৈ অনুৰোধ জনালে। জয়মতীয়ে গদাপাণিক চিনি পালে। জয়মতীয়ে স্বামীৰ বিপদ হ'ব বুলি ভাবি ভয় খাই তেওঁক অচিনাকি মানুহৰ দৰে আঁতৰি যাবলৈ ক'লে। গদাপাণিযেও জয়মতীৰ ত্যাগৰ কথা ভাবি আঁতৰি গ'ল ট অৱশেষত চাওদাঙৰ হাতত জয়মতীয়ে চকু মুদিলে।

 

Apurba Kakati