আমাৰ অনুষ্ঠান-প্ৰতিষ্ঠান | অধ্যায় ৮ | Chapter 8 | Assam Government School | Class 3 Environment Solution Assam | Government School Class 3 Environment Question and Answer Assamese Medium | Class 3 Environment Suggestion | Class 3 Environment Assam Government School | Assam Government School Class 3 Environment Question and Answer Notes | Class 3 Environment Assam Government School Free Question Answer Notes | Class III Environment | তৃতীয় শ্ৰেণী পৰিৱেশ | অসম গৰমেণ্ট বিদ্যালয় তৃতীয় শ্ৰেণী পৰিৱেশ | অসম গৰমেণ্ট বিদ্যালয় তৃতীয় শ্ৰেণী পৰিৱেশৰ প্ৰশ্ন আৰু উত্তৰ | অসম গৰমেণ্ট বিদ্যালয় তৃতীয় শ্ৰেণী পৰিৱেশৰ বিনামূলীয়া প্ৰশ্ন আৰু উত্তৰ | অসম গৰমেণ্ট বিদ্যালয় তৃতীয় ভাগৰ পৰিৱেশৰ আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান পাঠটো প্ৰশ্ন আৰু উত্তৰ |
আমাৰ অনুষ্ঠান-প্ৰতিষ্ঠান
অনুশীলনী
১) উত্তৰ লিখা-
(ক) ডাকঘৰ চিঠিপত্ৰ বিলোৱা মানুহজনক কি বোলে?
উত্তৰঃ- ডাকঘৰ চিঠিপত্ৰ বিলোৱা মানুহজনক ডাকোৱাল বা পোষ্টমে'ন বোলে।
(খ) ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়?
উত্তৰঃ- ৰোগীবিলাকক চিকিৎসালয়ত চিকিৎসা কৰা হয়।
(গ) চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে?
উত্তৰঃ- চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে ডক্তৰ আৰু ৰোগীক চোৱা-চিতা বাবে নাৰ্ছ থাকে।
(ঘ) ডাকঘৰত থকা আধুনিক যোগাযোগ ব্যৱস্থাৰ নাম কি?
উত্তৰঃ- ডাকঘৰত থকা আধুনিক যোগাযোগ ব্যৱস্থাৰ নাম হৈছে
টেলিগ্ৰাম, টেলিফোন। ফেক্স এক আধুনিক ব্যৱস্থা।
২) খালী ঠাই পূৰ কৰা-
(ক) ডাকঘৰৰ যোগে চিঠি-পত্ৰ অনা-নিয়া কৰা হয়।
(খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে পশু চিকিৎসালয় আছে।
(গ) আৰক্ষীৰ লোকে দেশৰ শান্তি-শৃঙ্খলা ৰক্ষা কৰে।
(ঘ) পুথিভঁৰাল ৰ পৰা কিতাপ আনি পঢ়াটো ভাল অভ্যাস।
(ঙ) ধৰ্মীয় অনুষ্ঠানবোৰত ধৰ্মীয় কাম-কাজ আৰু ৰাজহুৱা উৎসৱ পালন কৰা হয়।
৩) তলত দিয়া বাক্যবোৰ ভালদৰে পঢ়া। তোমাৰ বিদ্যালয়ৰ লগত যি কথা খাটে, সেইটো শব্দত '✓ ' চিন দিয়া-
(ক) বিদ্যালয়ত জাবৰ-জোঁথৰ, ফটা কাগজ আদি পেলোৱাৰ ঠাই নিৰ্দিষ্ট কৰি দিয়া (আছে✔) / নাই।
(খ) শৌচ-প্ৰস্ৰাৱ কৰাৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ (আছে✔) / নাই।
(গ) খোৱাপানী সুব্যৱস্থা (আছে✔) / নাই।
(ঘ) বিদ্যালয়ৰ ঘৰটো (ৰ'দঘাই ✓) / জেকা।
(ঙ) পানী ওলাই যাবৰ বাবে নলা-নৰ্দমাৰ ব্যৱস্থা (আছে✔) / নাই।
৪) তলত দিয়া কামবোৰ কোনবোৰ অনুষ্ঠানৰ যোগেদি কৰা হয় লিখা-
(ক) চিঠি-পত্ৰ আদান-প্ৰদান কৰা অনুষ্ঠান
উত্তৰঃ- ডাকঘৰ।
(খ) কিতাপ, আলোচনী আদি পঢ়িবৰ কাৰণে থকা অনুষ্ঠান
উত্তৰঃ- পুথিভঁৰাল আৰু বিদ্যালয়।
(গ) আইন-শৃংখলা ৰক্ষা কৰা অনুষ্ঠান
উত্তৰঃ- আৰক্ষী চকী।
(ঘ) সমূহীয়াভাৱে নামাজ পঢ়া অনুষ্ঠান
উত্তৰঃ- মজজিদ।
৫) 'ক' অংশৰ লগত 'খ' অংশ আঁচ টানি মিলোৱা-
‘ক’ |
‘খ‘ |
চিকিৎসালয় |
শিক্ষক-শিক্ষয়িত্ৰী |
ডাকঘৰ |
ডাক্তৰ |
মছজিদ |
পূজাৰী |
আৰক্ষী চকী |
পোষ্ট মাষ্টাৰ |
মন্দিৰ |
মৌলবী |
বিদ্যালয় |
আৰক্ষা বা পুলিচ |
উত্তৰঃ-
‘ক’ | ‘খ‘ |
চিকিৎসালয় | ডাক্তৰ |
ডাকঘৰ | পোষ্ট মাষ্টাৰ |
মছজিদ | মৌলবী |
আৰক্ষী চকী | আৰক্ষী বা পুলিচ |
মন্দিৰ | পূজাৰী |
বিদ্যালয় | শিক্ষক-শিক্ষয়িত্ৰী |
Nayan Jyoti Bordoloi (Morigaon, Assam)