মৌলবোৰৰ শ্ৰেণীবিভাজন আৰু পৰ্যায়গত ধৰ্ম CLASSIFICATION OF ELEMENTS AND PERIODICITY IN PROPERTIES| Chapter 3 | Class 11 Chemistry Assamese medium | HS 1st Year Chemistry Suggestion Assam | Class 11 Chemistry Question And Answer Assam | Higher Secondary 1st year Chemistry Answer notes | অধ্যায় ৩ | উচ্চ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠ্যপুঠিৰ ৰাসায়নৰপৰমাণুৰ গঠন প্ৰশ্ন উত্তৰ

3.1 পৰ্য্যাবৃত্ত তালিকাত মৌলবোৰক সজোৱাৰ মূল নীতিটো কি?

3.2 মৌলবোৰৰ শ্ৰেণীবিভাজন কৰিবলৈ মেণ্ডেলিভে কোনটো গুৰুত্বপূৰ্ণ ধর্ম ব্যৱহাৰ কৰিছিল?

3.3 মেণ্ডেলিভৰ পর্যাবৃত্ত সূত্র আৰু আধুনিক পর্যাবৃত্ত সূত্ৰৰ মাজত মূল পার্থক্যটো কি?

3.4 কোৱাণ্টাম সংখ্যাৰ ওপৰত ভেটি কৰি প্ৰমাণ কৰা যে পর্যাবৃত্ত তালিকাৰ ষষ্ঠ পর্যায়ত 32 টা মৌল থাকিব পাৰে ।

3.5 Z=114 মৌলটোক পর্যাবৃত্ত তালিকাৰ কোনটো পর্যায় আৰু বৰ্গত ৰাখিবা

3.6 পর্যাবৃত্ত তালিকাৰ তৃতীয় পর্যায় আৰু বৰ্গ 17ত থকা মৌলটোৰ পৰমাণু ক্রমাংক লিখা

3.7 কোন দুটা মৌলৰ নামকৰণৰ সৈতে তলত উল্লেখ কৰা অনুষ্ঠান জড়িত?

(i) লৰেন্স বার্কলে পৰীক্ষাগাৰ

(ii) ছিবৰ্গৰ দল

3.8 একেটা বৰ্গত থকা মৌলবোৰৰ ৰাসায়নিক আৰু ভৌতিক ধর্ম কিয় একে হয়?

3.9 পাৰমাণৱিক ব্যাসার্ধ আৰু আয়নীয় ব্যাসার্ধ বুলিলে কি বুজা?

3.10পর্যায় আৰু বৰ্গত পাৰমাণৱিক ব্যাসার্ধ কেনেদৰে সলনি হয়? এই পৰিৱর্তনৰ কাৰণ ব্যাখ্যা কৰা

3.11 সমইলেকট্রনীয় পৰমাণু বুলিলে কি বুজা? তলত দিয়াবোৰৰপৰা সমইলেকট্রনীয় পৰমাণু বা আয়নসমূহ বাচি উলিওৱা

(i) F-     (ii) Ar     (iii)     (iv)

3.12 নিম্নোক্ত আয়নসমূহ বিবেচনা কৰাঃ

(a) এই আয়নবোৰ কি ক্ষেত্ৰত একে?

(b) আয়নবোৰক আয়নীয় ব্যাসার্ধৰ বর্ধিত ক্ৰমত সজোৱা

3.13 মূল পৰমাণুতকৈ কেটায়নৰ ব্যাসার্ধ কম, কিন্তু এনায়নৰ ব্যাসার্ধ বেছি কিয় ব্যাখ্যা কৰা

3.14 আয়নীকৰণ এনথালপি আৰু ইলেকট্রন গ্রহণ এনথালপিৰ সংজ্ঞা দিওতে পৃথকীকৃত গেছীয় পৰমাণু আৰু ভূমিস্তৰ অৱস্থাৰ কথা উল্লেখ কৰা হয়এই দুটা ৰাশিৰ তাৎপৰ্য্য কি লিখা

(আভাসঃ তুলনা কৰাৰ বাবে প্রয়োজন।)

3.15 হাইড্রজেন পৰমাণুৰ ভূমিস্তৰ অৱস্থাত ইলেকট্রনটোৰ শক্তি লে হাইড্রন পৰমাণুৰ আয়নীকৰণ এনথালপি J mol-1এককত গণনা কৰা। (আভাসঃ মলৰ ধাৰণা ব্যৱহাৰ কৰা।)

3.16 দ্বিতীয় পর্যায়ৰ মৌলকেইটাৰ আয়নীকৰণ এনথালপি নিম্নোক্ত ক্ৰমত বাঢ়ে-

Li <B<Be<C<O<Ne

ব্যাখ্যা কৰা, কিয়

(i) Beৰ আয়নীকৰণ এনথালপি ()Bতকৈ বেছি

(ii)N আৰু F তকৈ Oৰ আয়নীকৰণ এনথালপিৰ কম।

3.17 ছডিয়ামৰ প্ৰথম আয়নীকৰণ এনথালপিৰ মান মেগনেছিয়ামতকৈ কম, কিন্তু ছডিয়ামৰ দ্বিতীয় আয়নীকৰণ এনথালপিৰ মান মেগনিছিয়ামৰ দ্বিত্বীয় আয়নীকৰণ এনথালপিতকৈ বেছি-ব্যাখ্যা কৰা।

3.18 প্ৰতিনিধি মৌলবোৰৰ আয়নীকৰণ এনথালপি বৰ্গত তললৈ কমে-কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি এই পৰিবৰ্তন হয়?

3.19 বৰ্গ 13 ৰ মৌলবোৰৰ আয়নীকৰণ এনথালপিৰ মান (kJ mol-1এককত) তলত দিয়া হৈছে-

  B             Al          Ga            In        Ti

801       577        597        558       589

আয়নীকৰণ এনথালপিৰ পৰিবৰ্তনৰ সাধাৰণ ক্ৰমৰপৰা ইয়াত দেখা বিচ্যুতি কেনেদৰে ব্যাখ্যা কৰিবা?

3.20 তলত দিয়া প্ৰতিতো যোৰৰ কোনটো মৌলৰ ইলেকট্ৰন গ্ৰহণ এনথালপিৰ ঋণাত্মক মান বেছি হব-

(i) O নে F

(ii) F নে CI

3.21 অক্সিজেনৰ প্ৰথম ইলেকট্ৰন গ্ৰহণ এনথালপিতকৈ দ্বিতীয় ইলেকট্ৰন গ্ৰহণ এনালপি ধনাত্মক, নে বেছি ঋণাত্মক, নে কম ঋণাত্মক হব ব্যাখ্যা কৰা।

 

 

 

3.22 ইলেকট্রন গ্রহণ এনথালপি আৰু বিদ্যুৎঋণাত্মকতাৰ মাজৰ মূল পার্থক্য লিখা।

3.23 পাউলিং স্কেল অনুসৰি নাইট্রজেনৰ সকলোবোৰ যৌগতে ইয়াৰ বিদ্যুৎঋণাত্মকতা 3.0– কথাষাৰ তুমি মানি ল’বানে?

3.24 পৰমাণু এটাই

(a) এটা ইলেকট্রন গ্রহণ কৰিলে, বা

(b) এটা ইলেকট্রন ত্যাগ কৰিলে,

ব্যাসার্ধৰ কেনেকুৱা পৰিবৰ্তন হ'ব আলোচনা কৰা।

3.25 এটা মৌলৰ দুটা সমস্থানিকৰ আয়নীকৰণ এনথালপিৰ মান একে হ’ব নে বেলেগ হ’ব ব্যাখ্যা কৰা।

3.26 ধাতু আৰু অধাতুৰ মাজৰ মূল পার্থক্যসমূহ লিখা।

3.27 পর্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া

(a) বহিৰতম অৰবিটেলত 5 টা ইলেকট্রন থকা মৌল এটাৰ নাম লিখা।

(b) দুটা ইলেকট্রন হেৰুওৱাৰ প্রবণতা থকা মৌল এটাৰ নাম লিখা।

(c) দুটা ইলেকট্রন গ্রহণ কৰাৰ প্রবণতা থকা মৌল এটাৰ নাম লিখা।

(d) ধাতু, অধাতু, জুলীয়া আৰু সাধাৰণ উষ্ণতাত গেছ হিচাপে থকা মৌলবিশিষ্ট বর্গটো চিনাক্ত কৰা।

3.28 বৰ্গ 1 ৰ মৌলবোৰৰ সক্ৰিয়তা Li < Na < K <Rb < Cs ক্ৰমত বাঢ়ে; আনহাতে বৰ্গ 17ৰ মৌলবোৰৰ সক্ৰিয়তা F > Ci > Br > I ক্ৰমত বাঢ়ে- ব্যাখ্যা কৰা।

3.29 s-,p-,d-, আৰুf-গোষ্ঠিৰ মৈলৰ বহিৰতম ইলেকট্ৰনীয় বিন্যাস লিখা।

3.30 তলত কিছুমান মৌলৰ বহিৰতম ইলেকট্ৰনিয় বিন্যাস দিয়া হৈছে। পৰ্যাবৃত্ত তালিকাত প্ৰতিটোৰ স্থান উল্লেখ কৰা।

(i)

(ii)

(iii)

3.31 তলত কিছুমান মৌলৰ প্ৰথম আয়নীকৰণ এনথালপি (), দ্বিতীয় আয়নীকৰণ এনথালপি (),আৰু ইলেকট্ৰন গ্ৰহণ এনথালপিৰ () মান kj mol-1এককত দিয়া হৈছে-

মৌল

I

520

7300

-60

II

419

3051

-48

III

1681

3374

-328

IV

1008

1846

-295

V

2372

5251

+48

VI

738

1451

-40

 

 

 

 

 

এতিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া-

(a) আটাইতকৈ কম সক্ৰিয়া মৌল কোনটো?

(b) আটাইতকৈ বেছি সক্ৰিয়া ধাতু কোনটো?

(c) আটাইতকৈ বেছি সক্ৰিয়া অধাতু কোনটো?

(d) আটািতকৈ কম সক্ৰিয়া অধাতু কোনটো?

(e) কোনটো মৌলই MX2(X=হেলজেন) সংকেতবিশিষ্ট সুস্থিৰ দ্বিমৌলিক হেলাইড গঠন কৰিব?

(f) কোনটো মৌলই MX সংকেতবিশিষ্ট সুস্থিৰ মূলতঃ সহযোজী হেলাইড গঠন কৰিব?

3.32 নিম্নোক্ত মৌলৰ প্ৰতিটো যোৰে গঠন কৰা দ্বিমৌলিক যৌগৰ সংকেত লিখা।

(a)লিথিয়াম আৰু অক্সিজেন

(b)মেগনেছিয়াম আৰু নাইট্ৰজেন

(c)এলুমিনিয়াম আৰু আয়ডিন

(d)ছিলকন আৰু অক্সিজেন

(e)ফছফৰাছ আৰু ফ্লুৰিন

(f)মৌল 71(পৰমাণু ক্ৰমাংক) আৰু ফ্লুৰিন

3.33 আধুনিক পৰ্যাবৃত্ত তালিকাত পৰযায় এটাই কিহৰ মান নিৰ্দেশ কৰে-

(a) পৰমাণু ক্ৰমাংক

(b) পাৰমাণৱিক ভৰ

(c) মুখ্যা কোৱাণ্টাম সংখ্যা

(d) এজিমিউথেল কোৱাণ্টাম সংখ্যা

3.34 আধুনিক পৰ্যাবৃত্ত তালিকাৰ সৈতে জড়িত তলৰ কোনটো উক্তি অশুদ্ধ-

(a)pগোষ্টিৰ 6টা স্তম্ভ আছে, কিয়নো p-অৰবিটেলত সৰ্বোচ্চ 6টা ইলেকট্ৰন থাকিব পাৰে।

(b)d গোষ্ঠিৰ 8টা স্তম্ভ আছে, কিয়নো d-অৰবিটেলত সৰ্বোচ্চ 8টা ইলেকট্ৰন থাকিব পাৰে।

(c)প্ৰিতিটো গোষ্ঠীত থকা স্তম্ভৰ সংখ্যা সেই অৰবিটেলটোত থাকিব পৰা সৰ্বোচ্চ ইলেকট্ৰনৰ সংখ্যাৰ সমান।

(d)পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস লিখোতে যিটো অন্তিম অৰবিটেলত ইলেকট্ৰন সোমায় সেই অৰবিটেলটোৰ এজিমিউথেল কোৱাণ্টাম সংখ্যাৰ () মানক গোষ্ঠীয়ে নিৰ্দেশ কৰে।

3.35 যোজ্যতা ইলেকট্ৰনক প্ৰভাবান্বিত কৰিব পাৰিলে মৌলটোৰ ধৰ্ম সলনি হয়। তলৰ কোনটোৱে যোজ্যতা ইলেকট্ৰনক প্ৰভাবান্বিত কৰে-

(a) যোজ্যতা অৰবিটেলৰ মুখ্য কোৱাণ্টাম সংখ্যা

(b)নিউক্লীয় আধান

(c)নিউক্লিয়াছৰ ভৰ

(d)ভিতৰৰ খোলৰ ইলেকট্ৰনৰ সংখ্যা

3.36 F-, Ne আৰু Na+- এই সমইলেকট্ৰনীয় পৰমাণুকেইটাৰ আকাৰক প্ৰভাবান্বিত কৰা কাৰকসমূহ হল-

(a) নিউক্লীয় আধান

(b) যোজ্যতা অৰবিটেলৰ মুখ্য কোয়ান্টাম সংখ্যা

(c) বহিৰতম অৰবিটেলত ইলেকট্রন-ইলেকট্রন বিকর্ষণ

(d) ওপৰৰ এটাও নহয়, কাৰণ অৰবিটেলৰ আকাৰ একে

3.37 আয়নীকৰণ এনথালপি সংক্রান্তত তলৰ কোনটো উক্তি অশুদ্ধ

(a) প্ৰতিটো ইলেকট্রন বৃদ্ধিৰ বাবে আয়নীকৰণ এনথালপি বাঢ়ে।

(b) সম্রান্ত গেছৰ ইলেকট্রনীয় বিন্যাসৰপৰা ইলেকট্রন আঁতৰাওতে আয়নীকৰণ এনথালপিৰ সর্বোচ্চ বৃদ্ধি হয়।

(c) যোজ্যতা ইলেকট্রন শেষ হলে আয়নীকৰণ এনথালপিৰ বহুত বৃদ্ধি হয়।

(d) n ৰ উচ্চ মানবিশিষ্ট অৰবিটেলতকৈ কম মানবিশিষ্ট অৰবিটেলৰপৰা ইলেকট্রন আঁতৰোৱা সহজ।

3.38 B, A1, Mg আৰু K-ৰধাতব ধৰ্মৰ হ্ৰাসমান ক্ৰমটো হল-

(a)B > A1 > Mg < K

(b)A1 > Mg > B > K

(c)Mg > A1 > K > B

(d)K > Mg > A1 < B

3.39 B, C, N, F, আৰু Si ৰ অধাতব ধৰ্মৰ হ্ৰাসমান ক্ৰমটো হল-

(a) B > C > Si > N > F

(b) Si > C > B > N<F

(c) F > N > C > B > Si

(d) F> N > C < Si > B

3.40F, C1, O আৰু N ৰ সক্ৰিয়তাৰ হ্ৰাসমান ক্ৰমটো হল-

(a) F > C1 > O > N

(b) F > O > C1 > N

(c) C1 > F > O > N

(d) O > F > N < C1



Post ID : DABP006647