শংকৰদেৱৰ বিষয়ে ৰচনা। For Class 5, 6, 7, 8, 9, 10 ||

শংকৰদেৱৰ চমু বিৱৰণি

(১৪৪৯-১৫৬৮)

চিত্ৰঃ- মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ
(১৪৪৯-১৫৬৮ খ্ৰীষ্টাব্দ)

আৰম্ভ    ঃ一

জন্ম一 ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ আলিপুখুৰীত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্য়সন্ধ্য়া।


শিক্ষা一শংকৰদেৱৰ সৰুতে মাক-দেউতাক বিয়োগ হোৱাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক যত্ন লৈ লালন-পালন কৰি তুলি-তালি ডাঙৰ-দীঘল কৰে। খেৰসুতীৰ যত্নতেই মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰদেৱে পঢ়িছিল। কথিত আছে যে বাৰ বছৰ বয়সতে তেওঁ গুৰুক কবিতা লিখি দেখুওৱাইছিল।  তেতিয়াই তেওঁ স্বৰবৰ্ণৰ চিহ্ন (' া' কাৰ 'ি' কাৰ) ব্য়ৱহাৰ নকৰাকৈ এটি কবিতা লিখিছিল "কৰতলৰ কমল কমল দল নয়ন"............। তেওঁ সংস্কৃত শাস্ত্ৰত গভীৰ জ্ঞান লাভ কৰিছিল।


কৰ্মজীৱন一 শংকৰদেৱ আছিল একাধাৰে সাহিত্য়িক, সমাজ-সংগঠক আৰু ধৰ্ম-প্ৰচাৰক। সেই সময়তে গোটেই অসমজুৰি ধৰ্মৰ নামত নানা অনাচাৰ-ব্য়ভিচাৰবোৰ দূৰ কৰিবৰ বাবে একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। তেওঁ উজনিত বেলগুৰি সত্ৰ, নামনিত বৰপেটা সত্ৰ আৰু কোচবিহাৰতো সত্ৰ পাতে। শংকৰদেৱে নীতিবাক্য় প্ৰচাৰ কৰাৰ উপৰিও সংস্কৃত নাটৰ আৰ্হিত অসমীয়া অনুষ্ঠানবোৰৰ উপাদানেৰে অঙ্কীয়া নাট ৰচনা কৰিলে। কীৰ্ত্তন-ঘোষা, বৰগীত, দৰ্শন, ভাগৱত আদি তেওঁ ৰচনা কৰিছিল।

চৰিত্ৰ一 শংকৰদেৱ আছিল ফদাৰ মানৱতাবাদী। তেওঁৰ নিষ্ঠা, সেৱাৰ মনোবৃত্তি আছিল উচ্চ মানৱতাপূৰ্ণ। তেওঁ মিতাচাৰী আৰু সংযমী হৈ দীৰ্ঘায়ু লাভ কৰে।


মৃত্য়ু一 শংকৰদেৱে মাত্ৰ ছ'কুৰি বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ কৰে। ১৫৬৮ চনত কোচবিহাৰৰ ভোলা-ডোঙা সত্ৰত তেখেতৰ মৃত্য়ু হয়।


শংকৰদেৱৰ কিছু অতিৰিক্ত লাগতিয়াল বিৱৰণ

নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ ১৪৪৯ খ্ৰীষ্টাব্দৰ নগাঁৱৰ আলিপুখুৰীত জন্ম হয। তেওঁ অকল ধৰ্মগুৰুৱেই নহয়। অসমীয়া সাহিত্য়ৰ এগৰাকী যুগস্ৰষ্টা কবি তথা সাহিত্য়িক। তেওঁ অসমীয়া জাতিৰ সংগঠক, সংস্কাৰক। ধৰ্মৰ লগতে সাহিত্য়-সংস্কৃতিৰ প্ৰচাৰৰ অৰ্থেও সংস্কৃত গ্ৰন্থ অধ্য়য়ন কৰি তাৰ পৰা তত্ত্বকথা আয়ত্ত কৰি গীত, পদ, নাট, উপাখ্য়ান আদি ৰচনা কৰিছিল। এইদৰেই তেওঁ অসমীয়া সাহিত্য়ৰ ভঁৰাল চহকী কৰি থৈ যায়। শংকৰদেৱৰ সাহিত্য়িক জীৱনৰ কীৰ্তিস্তম্ভ আছিল ❛কীৰ্ত্তন-ঘোষা❜ ইয়াৰ উপৰি ভাগৱতৰ কেইবাটাও স্কন্ধ, 'উত্তৰাখণ্ড ৰামায়ণ' তেওঁৰ অসমীয়ালৈ অনুবাদ কৰে।' ৰুক্মিণীহৰণ', 'হৰিচন্দ্ৰ উপাখ্য়ান' আদি কাব্য় ৰচনা কৰাৰ লগতে বৰগীতো ৰচনা কৰিছিল। 'ৰুক্মিণীহৰণ', 'পাৰিজাতহৰণ', 'কেলিগোপাল', 'কালিদমন', 'ৰামবিজয়' আদি অঙ্কীয়া নাট ৰচনা কৰিছিল। 'ভক্তিৰত্নাকৰ' শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। সংলাপবিহীন নাট 'চিহ্নযাত্ৰা' ৰে শংকৰদেৱে অসমীয়া নাট্য়বুৰঞ্জীৰ পাতনি মেলিছিল।


👉শ্ৰী মন্ত শংকৰদেৱৰ বিষয়ে সকলো প্ৰশ্ন উত্তৰ

     Bidyut Thakuria.