![]() |
যতীন্দ্ৰ নাথ দুৱৰা (১৮৯২-১৯৬৪) |
|
চমু পৰিচয়
যতীন্দ্ৰ নাথ দুৱৰা জন্ম হৈছিল ১৮৯২ চনৰ ৪ মাৰ্চত শিৱসাগৰ জিলা দিখৌ নৈৰ পাৰত। তেখেতৰ পিতৃ নাম আছিল শ্যামসুন্দৰ আৰু মাতৃ নাম আছিল পুণ্যদা দুৱৰা।
শিক্ষা-
যতীন্দ্ৰ নাথ দুৱৰাই শিৱসাগৰ জিলাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা ১৯০৯ চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। স্কটিজ চাৰ্চ্চ কলেজৰ পৰা ১৯১৩ চনত স্নাতক ডিগ্ৰী লাভ কৰে। যতীন্দ্ৰ নাথ দুৱৰা এম, এ আৰু আইন শ্ৰেণীত নাম লগায় যদিও তেওঁ ডিগ্ৰী নোলোৱাকৈ পঢ়া শেষ কৰিব লগা হয়। ডিব্ৰুগড় জিলা জৰ্জ ইন্সটিটি উচনত শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰি তেখেতে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কলেজত অধ্যাপনাৰে চাকৰি জীৱন সামৰণি মাৰে।
ৰচিত পুথিসমূহ-
যতীন্দ্ৰ নাথ দুৱৰাই 'বাঁহী' আলোচনী মাধ্যমৰে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে।
'ওমৰ তীৰ্থ', 'আপোনাৰ সুৰ', 'বনফুল', 'মিলনৰ' সুৰ, 'মৰমৰ সুৰ' আদি তেখেতৰ ৰচিত পুথি। 'কথাকবিতা' একমাত্ৰ যতীন্দ্ৰ নাথ দুৱৰা গদ্যপুথি। ১৯৫২ চনত যতীন্দ্ৰ নাথ দুৱৰাই 'বনফুল' কবিতাপুথি বাবে সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰে। যতীন্দ্ৰ নাথ দুৱৰা কবিতাবোৰৰ মাজত অনুৰণিত হয় চিৰন্তন দুখ আৰু বেদনা।
◾ ১৯৬৪ চনৰ ৫ জুলাইত তেখেতে শিৱসাগৰ জিলাত মৃত্যুক সাৱটি লয়।
👉যতীন্দ্ৰ নাথ দুৱাৰৰ প্ৰশ্ন উত্তৰ
Nayan Jyoti Bordoloi