কল্পনা চাওলা

কল্পনা চাওলাৰ

 (১৯৬২-২০০৩) 

 


    কল্পনা চাওলা এগৰাকী ভাৰতীয় মূলৰ আমেৰিকাবাসী মহাকাশ অভিযন্তা আছিল। তেওঁ ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী আছিল। ১৯৯৭ চনত চাওলাই প্রথমবাৰৰ বাবে ‘অভিযান বিশেষজ্ঞ আৰু মূলৰ’ বটিক আর্ম অপাৰেটৰ হিচাপে মহাকাশযান কলম্বিয়াৰ যাত্রীৰূপে মহাকাশলৈ উৰা মাৰিছিল। ২০০৩ চনত দ্বিতীয়বাৰ মহাকাশ অভিযানলৈ গৈ উভতি আহোঁতে কলম্বিয়া মহাকাশযানখন পৃথিৱীৰ বায়ুমণ্ডলত প্রৱেশ কৰাৰ মুহূর্তত ধ্বংস হয়। সেই দুর্ঘটনাত যানখনৰ ছয় গৰাকী সহযাত্রী মহাকাশচাৰীৰ সৈতে কল্পনা চাওলাৰাে মৃত্যু হয়। প্রয়াত কল্পনা চাওলাক ভাৰতৰ ৰাষ্ট্ৰীয় বীৰাঙ্গনাৰূপে (National Hero) স্বীকৃতি দিয়া হৈছে। তদুপৰি, পৃথিৱীৰ ভালেমান দেশৰ বিশ্ববিদ্যালয় আৰু অন্যান্য প্রতিষ্ঠানে মৰণােত্তৰভাৱে তেওঁক সন্মান যাচিছে । 


ইউৰি গ্যাগাৰিনঃ বিশ্ব প্রথম মহাকাশচাৰী।

ভেলেন্টিনা টেৰেস্কোভাঃ বিশ্ব প্রথম মহিলা মহাকাশচাৰী।

ৰাকেশ শর্মাঃ প্রথম ভাৰতীয় মহাকাশযাত্রী।

Nayan Jyoti Bordoloi