জলভাগ (মহাসাগৰবোৰ)

-অনুশীলন-


১. বিবিধ পচন্দৰ প্ৰশ্ন (Multiple choice questions)

(ক) তলৰ কোনটো জলচক্ৰৰ অংশ নহয় 

(১) বাষ্পভৱন (Evaporation)  (২) পানীকৰণ (Hydration) 

(৩) অধঃক্ষেপণ (Precipitation)  (৪) ঘণীভূত হোৱা (Condensation) 

উত্তৰঃ (২) পানীকৰণ (Hydration)।


(খ) মহীঢালৰ গড় গভীৰতা কিমান ? 

(১) ২ - ২০ মিটাৰ    (২) ২০০ - ২,০০০ মিটাৰ 

(৩) ২০ - ২০০ মিটাৰ  (৪) ২,০০০ - ২০,০০০ মিটাৰ 

উত্তৰঃ (২) ২০০ - ২,০০০ মিটাৰ।


(গ) তলৰ কোনটো সাগৰৰ তলিৰ ক্ষুদ্ৰ ভূ-অৱয়ব নহয় 

(১) জলমগ্ন পাহাৰ শৃঙ্গ (Seamount)    (২) এটল (Atoll) 

(৩) সাগৰীয় খাত (Oceanic Deep)  (৪) নিমগ্ন দ্বীপ (Guyot) 

উত্তৰঃ  (২) এটল (Atoll)।


(ঘ) লৱণতা মানে হ'ল লোণৰ পৰিমাণ প্ৰতি সাগৰৰ পানীত দ্ৰবীভূত থকা 

(১) ১০ গ্ৰাম   (২) ১০০ গ্ৰাম 

(৩) ১,০০০ গ্ৰাম  (৪) ১০,০০০ গ্ৰাম 

উত্তৰঃ (৩) ১,০০০ গ্ৰাম।


(ঙ) তলৰ কোনটো আটাইতকৈ সৰু মহাসাগৰ ? 

(১) ভাৰত মহাসাগৰ     (২) আৰ্কটিক মহাসাগৰ 

(৩) আটলান্টিক মহাসাগৰ   (৪) প্ৰশান্ত মহাসাগৰ

উত্তৰঃ  (২) আৰ্কটিক মহাসাগৰ।


২. তলৰ প্ৰশ্নবোৰৰ ৩০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া ।

(ক) পৃথিৱীক কিয় নীলাগ্ৰহ কোৱা হয় ?

উত্তৰঃ সূৰ্যকে আদি কৰি সৌৰজগতৰ কোনো এটা গ্ৰহত পানী পাবলৈ নাই। মাত্ৰ পৃথিৱী নামৰ গ্ৰহটোত পানী আছে। পানী আছে বাবে এই গ্ৰহটোত জীৱ জীয়াই থকাটো সম্ভৱ হৈছে। পৰিমান হিচাপত পৃথিৱী মুঠ আয়তন ৭১ ভাগ পানী আৰু বাকী ২৯ ভাগ মাটি। মহাকাশৰ পৰা পৃথিৱীখন চালে পৃথিৱীৰ বৰন নীলা দেখা যায়। সেই বাবে পৃথিৱী খনক নীলা গ্ৰহ বোলা হয়। সৌৰজগতৰ আনবোৰ গ্ৰহত পানী নাই বাবে এনেকুৱা দেখা নাযায়।


(খ) মহাদেশীয় কাষ (margin) কি ? 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ স্থলভাগত আমি যি দৰে পাহাৰ,পৰ্বত, সমভূমি, মালভূমি, শৃংগ বা গিৰিখাত দেখিবলৈ পাওঁ, ঠিক তেনেদৰে মহাসাগৰৰ তলিদেশতো অনেক অৱয়ব পৰিলক্ষিত হয়। স্থলভাগৰ পৰা ক্ৰমে মহাসাগৰলৈ ক্ৰমে গৈ থাকিলে আমি প্ৰথমতে যি অবয়ব পাম, সেই অবয়বৰ নাম মহীসোপান অৰ্থাৎ সাগৰৰ তলিৰ ফালে আগবাঢ়ি যোৱা মহাদেশৰ অংশটো বা সীমাটোকে মহীসোপান বোলে।

এই মহাদেশীয় কাষ বিভিন্ন অঞ্চলত বিভিন্ন বহল হোৱা দেখা যায়। আৰ্কটিক মহাসাগৰৰ চাইবেৰিয়ান উপকূল ই অতিকে বহল আনহাতে মহাদেশীয় কাষ অঞ্চল চিলি দেশৰ উপকুলত অত্যন্ত ঠেক।

(গ) মহাসাগৰবোৰৰ গভীৰ খাতবোৰ তালিকাভুক্ত কৰা ।

উত্তৰঃ মহাসাগৰৰ তলিদেশত এতিয়ালৈকে ৫৭ টা খাত বিচাৰি পোৱা গৈছে। তাৰ ভিতৰত ৩২ টা প্ৰশান্ত মহাসাগৰত, ১৯ টা আটলাণ্টিক মহাসাগৰত আৰু ৬ ট ভাৰত মহাসাগৰত। কেইটামান উল্লেখযোগ্য গভীৰ খাতৰ নাম তলত উল্লেখ কৰা হল-

প্ৰশান্ত মহাসাগৰঃ

(i) মেৰিয়ান খাত (১১.০২২ মিটাৰ)

(ii) ফিলিপাইন বা মিণ্ডানাও খাত (১০,৪৭৫ মিটাৰ)

(iii) জাপান খাত (১০,৫৫৮ মিটাৰ)

(iv) কিউৰাইল খাত (১০,৪৯৮ মিটাৰ)

(v) এলুচিয়ান খাত (৭,৬৮২ মিটাৰ)

(vii) আটাকামা খাত (৭,৬৩৫ মিটাৰ)

(i) টাংগা খাত (১০,৮৮২ মিটাৰ)

আটলাণ্টিক মহাসাগৰঃ

(i) ৰোমাঞ্চ খাত (৭,৬৩১ মিটাৰ)

(ii) পুৰ্টৰিকো খাত (৮,৩৮৫ মিটাৰ)

ভাৰত মহাসাগৰঃ 

(i) জাভা খাত (৭,৪৫৪ মিটাৰ)


(ঘ) থাৰ্মোক্লাইন বা উত্তাপৰেখা (thermocline) কি ?

উত্তৰঃ মহাসাগৰৰ পানীৰ গভীৰতা অনুসৰি উত্তাপ কম বা বেছি  হোৱা দেখা যায়। সাগৰৰ পানীত উত্তাপ গভীৰতা পাৰ্শ্বচিত্ৰ অংকন কৰিলে দেখা যায় যে পানীৰ গভীৰতা বাঢটি গলে পানীৰ উত্তাপ কমি আহে। এই পাৰ্শ্বচিত্ৰই সাগৰৰ ওপৰি ভাগৰ পানী আৰু গভীৰ পানীভাগৰ মাজত এটা সীমান্ত অঞ্চল দেখুৱাই। এই সীমান্ত অঞ্চলটোৰ যি ঠাইৰ পৰা উত্তাপৰ ত্বৰিৎ হ্ৰাস আৰম্ভ হয় তাকে থাৰ্মোক্লাইন বা উত্তাপ ৰেখা বোলা হয়।


(ঙ) সাগৰৰ ফালে গ'লে তুমি কি কি উত্তাপৰ স্তৰ পাবা ? গভীৰতা বঢ়াৰ লগে লগে উত্তাপৰ তাৰতম্য হয় কিয় ?

উত্তৰঃ সাগৰৰ পানীৰ গভীৰতা বাঢ়ি যোৱাৰ লগে লগে উত্তাপৰ পৰিমাণ কমি যায়। সেয়ে গভীৰ সমুদ্ৰত পানীৰ উত্তাপৰ স্তৰ স্পষ্টভাৱে বিৰাজমান। সাধাৰণতে তিনিটা স্তৰ থকাটো পৰিলক্ষিত হৈছে। সেইকেইটা হল-

(i) প্ৰথম তৰপঃ ই ওপৰৰ তৰপ আৰু ইয়াৰ পানী গৰম। এই তৰপটো ৫০০ মিটাৰ ডাঠ আৰু ইয়াৰ উত্তাপ ২০°-২৫° ছেলছিয়াছৰ ভিতৰত থাকে। ক্ৰান্তীয় অঞ্চলত ই সদায় থাকে, কিন্তু মধ্য অক্ষাংশত ইয়াক গ্ৰীষ্মকালতহে পোৱা যায়।

(ii) দ্বিতীয় স্তৰঃ এই স্তৰটোক থাৰ্মোক্লাইন স্তৰ বোলা হয়। এই স্তৰত উত্তাপৰ পৰিমাণ খুব বেগাই তললৈ কমি যায়। এই স্তৰটো ৫০০-১০০০ মিটাৰ ডাঠ।

(iii) তৃতীয় স্তৰঃ এই স্তৰটো একেবাৰে নিম্ন স্তৰ। ই বৰশীতল আৰু সাগৰৰ গভীৰতম স্থানলৈ বিয়পি আছে। এই অংশৰ পানীৰ উত্তাপ ০° ছেলছিয়াছৰ ওচৰত থাকে।


(চ) সাগৰৰ পানী লৱণতা কি  ? 

উত্তৰঃ সাগৰৰ পানীত থকা লোণৰ পৰিমানক লৱণতা বোলা হয়। প্ৰাকৃতিত পোৱা সকলো ধৰণৰ পানীত কম বেছি পৰিমাণৰ লোণ পোৱা যায়। অৱশ্যে সাগৰৰ পানীত ইয়াৰ পৰিমান কিছু বেছি। সাগৰৰ পানীত থকা লোণৰ পৰিমাণ প্ৰতি ১০০০ গ্ৰাম পানীত কেইগ্ৰাম লোণ আছে ইয়াক উলিয়াই পানীৰ লৱণতা প্ৰকাশ কৰা হয়। ইয়াক ব্যক্ত কৰা হয় হাজাৰ ভাগৰ অংশ হিচাবে। সাগৰৰ পানীত ২৪.৭ শতাংশ পৰিমানৰ লৱণতা থাকিলে তাক লুণীয়া পানী বুলি চিহ্নিত কৰা হয়। লৱণতা সাগৰৰ পানীৰ এটা বিশেষ বৈশিষ্ট্য


৩. তলৰ প্ৰশ্নবোৰৰ ১৫০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া । 

(ক) জলচক্ৰৰ বিভিন্ন উপাদানবোৰ কেনেকৈ  পৰস্পৰ সম্পৰ্কিত ? 

উত্তৰঃ জলচক্ৰ হল জলমণ্ডলৰ ভিতৰত সংঘটিত হোৱা পানীৰ চক্ৰাকাৰ গতি। যি গতি বিভিন্ন অৱস্থাত পোৱা যায়। সেই অৱস্থা সমূহ হল পনীয়া, গোটা আৰু গেচীয়া। জলচক্ৰই বায়ুম্মণ্ডলত পৃথিৱীহৰ ওপৰত হোৱা পানীৰ গতিৰ বিষয়ে বৰ্ণনা দিয়ে।

বাষ্পীভৱন, ঘনীভৱন, অধঃক্ষেপন আৰু লগতে সূৰ্য্যৰ ৰশ্মিৰ কথাও উল্লেখ কৰিব পাৰো। সূৰ্য্যৰ তাপত জলভাগৰ পৰা বিশেষকৈ মহাসাগৰ আৰু সাগৰৰ পানী জলভাগৰ পৰা বিশেষকৈ মহাসাগৰ আৰু সাগৰৰ পানী বাষ্পীভৱন হৈ ই বায়ুমণ্ডলত জলীয় বাষ্প আকাৰে অৱস্থান থাকে। বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমান বৃদ্ধি পালে, নতুবা ঠাণ্ডা বায়ুৰ সংস্পশত আহিলে জলীয় বাষ্পৰ কণিকাবোৰ ইটোয়ে-সিটোয়ে লগ লাি আকাৰত ডাঙৰ হৈ জলকনালৈ পৰিণত হয়। এই পৰিঘটনাক ঘনীভৱন বোলা হয়। এই অৱস্থাত এই কণা বোৰ বায়ুমণ্ডলত ৰৈ থাকিব নোৱাৰে আৰু জলকনা বা সৰু পানী টোপাল আকাৰে পৃথিৱী পৃষ্ঠলৈ নামি আহে। ইয়াকে আমি অধঃক্ষেপন বুলি কওঁ।

 অধঃক্ষেপন বিভিন্ন প্ৰকাৰৰ হব পাৰে, পানী আকাৰে যাক বৰষুণ বোলা হয়, আৰু কেতিয়াবা বৰফ আকাৰে যাক তুষাৰপাত বোলা হয় আৰু কেতিয়াবা শিলা বৃষ্টি আকাৰে হোৱা দেখা যায়।

এতিয়া দেখা গল জলচক্ৰৰ লগত গোটেই কেইটা উপাদান এৰাবনোৱাৰা ধৰণে জড়িত হৈ আছে। বাষ্পীভৱনৰ ফলত পানী গেছীয় ৰূপ জলীয় বাষ্প বোলা হয়।

ইয়াৰ পাছত ঘনীভৱনৰ ফলত পানীৰ জুলীয়া অৱস্থা পোৱা হয় আৰু তাত শীতল পৰিৱেশ পালে পানী বৰফলৈ ৰূপান্তৰিত হৈ গোটা অৱস্থা লাভ কৰে।

এই দৰে পানীয়ে কলমণ্ডল, স্থলমণ্ডলত আৰু বায়ুমণ্ডলত জলচক্ৰৰ সৃষ্টি কৰে।


(খ) সাগৰীয় পানীৰ উত্তাপ বিতৰণত কোনবোৰ কাৰকে প্ৰভাৱ পেলায় । 

উত্তৰঃ পৃথিৱীয়ে প্ৰয়োজনীয় সকলো খিনি তাপ শক্তি সূৰ্যৰ পৰাই আহৰণ কৰে। যিবিলাক অঞ্চলে বেছি সৌৰ তাপ পায় তেনেবোৰ অঞ্চলৰ উত্তাপ কম হোৱা দেখা যায়।

সাগৰীয় পানীৰ উত্তাপ সকলোঠাইতে একে নহয়। যিবোৰ কাৰকে ইয়াৰ উত্তাপৰ ভিন্নতাৰ ওপৰত প্ৰভাৱ পেলায় সেইবোৰ হল-

(i) অক্ষাংশ

(iii) ভূ-ভাগ আৰু জলভাগৰ অসমান বিতৰন

(iii) প্ৰচলিত বতাহ

(iv) সাগৰীয় পানীৰ সোঁত


(i)    অক্ষাংশঃ অক্ষাংশ ভেদে সাগৰীয় পানীৰ উত্তাপ ভিন্ন হোৱা দেখা যায়। অৰ্থাৎ বিষুৱীয় অঞ্চলত সাগৰীয় পানীৰ উত্তাপ বেছি আনহাতে দুই মেৰুৰ ফালে সূৰ্যৰ তাপ কম হোৱা বাবে উত্তাপ ক্ৰমে কমি যায়।

(ii)     ভূ-ভাগ আৰু জলভাগৰ অসমান বিতৰনঃ উত্তৰ গোলাৰ্দ্ধত স্থলভাগৰ পৰিমান দক্ষিণ গোলাৰ্দ্ধৰ তুলনাত বেছি আছে। সেয়ে মহাদেশৰ লগত সংস্পৰ্সত থকা বাবে, উত্তৰ গোলাৰ্দ্ধৰ পানীভাগে অধিক উত্তাপ পায়, যিটো দক্ষিণ গোলাৰ্দ্ধত দেখা নাযায়

(iii)     প্ৰচলিত বতাহঃ প্ৰচলিত বতাহৰ বাবেও সাগৰীয় পানীৰ উত্তাপ কম বেছি হোৱা দেখা যায়। গৰম বতাহৰ প্ৰভাৱত সাগৰৰ পানী গৰম হৈ উঠে আনহাতে শীতল বতাহৰ প্ৰভাৱত পানীভাগ শীতল হৈ থাকে।

(iv)     সাগৰীয় পানীৰ সোঁতঃ মহাসাগৰৰ কিছুমান অঞ্চলত গৰম পানীৰ সোঁত আৰু কিছুমান ঠাণ্ডা পানীৰ সোঁত আছে। গৰম পানীৰ সোঁতৰ প্ৰভাৱত সাগৰৰ ঠাণ্ডা পানীও গৰম হৈ উঠে আনহাতে ঠাণ্ডা পানীৰ সোঁতৰ প্ৰভাৱত গৰম পানীত ঠাণ্ডা হোৱা পৰিলক্ষিত হয়।


প্ৰকল্প প্ৰস্তুতকণৰ দিহা (Project Work) 

(ক) পৃথিৱীৰ এখন মানচিত্ৰ আঁকি ভূচিত্ৰৱলীৰ সহাসাৰৰ তলিৰ ভূ-অৱয়ববোৰ দেখুৱা ।

(খ) ভাৰত মহাসাগৰত থকা মধ্য শৈলশিৰাৰ ঠাইবোৰ চিনাক্ত কৰা । 


Type :  Priyam Jyoti Patar

Answered By : Leena Kakati

Post ID : DABP005334