লোকপ্ৰিয় গোপীনাথ বৰদলৈ


লোকপ্ৰিয় গোপীনাথ বৰদলৈ (1890-1999)


পৰিচয়ঃ
 
লোকপ্ৰিয় গোপীনাথ বৰদলৈ তেওঁ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰভাষা হিন্দীৰ হিতৈষী আছিল। তেওঁ ১৮৯০ চনৰ ৬ জুন তাৰিখে নগাঁও জিলাৰ ৰহাত জন্ম গ্ৰহণ কৰে।তেওঁৰ দেউতাৰ নাম ডা: বুদ্ধেশ্বৰ বৰদলৈ আৰু মাকৰ নাম প্ৰণেশ্বৰী দেৱী।

শিক্ষাঃ
লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰাথমিক শিক্ষা ৰহাতে আৰম্ভ হয়। তেওঁ এগৰাকী মেধাবী ছাত্ৰ আছিল। তেওঁ ১৯০৭ চনত সুখ্যাতিৰে গুৱাহাটীৰ কটন ক'লেজিয়েট স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰে। তাৰ পিছত ক'টন কলেজৰ পৰা তেওঁ আই.এ. পৰীক্ষা উত্তীৰ্ণ কৰে। উচ্চ শিক্ষাৰ বাবে তেওঁ কলকাতালৈ গ'ল। তাৰ পৰা তেওঁ বি.এ.এম.এ. আৰু  ওকালতীৰ ডিগ্ৰী গ্ৰহণ কৰে। 

গন্থঃ
মহাত্মা গান্ধীৰ আহ্বানত তেওঁ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু এই সময়ছোৱাত তেওঁ কেবা বাৰো জেললৈ গৈছিল' তেওঁ জেলতে 'শ্ৰীৰামচন্দ্ৰ' বুদ্ধদেৱ, 'হজৰৎ মহম্মদ, আদি জীৱনি গ্ৰন্থসমূহ ৰচনা কৰিছিল। ইয়াৰোপৰি তেখেতৰ দ্বাৰা বিৰচিত আন দুখন গ্ৰন্থ হৈছিল 'মহাত্মা গান্ধী' আৰু 'অনাসক্তি যোগ।

লোকপ্ৰিয় হোৱা কাৰণঃ
তেওঁ অতি সহজ-সবল আৰু উচ্চ ভাৱাপন্ন আছিল। তেওঁ সদায় অসমবাসীৰ উপকাৰ আৰু উন্নতিৰ স'তে কাম কৰিছিল। অসমৰ ৰাইজে তেওঁক অত্যন্ত ভাল পাইছিল, এই বাবে তেওঁ "লোকপ্ৰিয় নামেৰে জনাজাত হ'ল।

ভাৰত চৰকাৰে ১৯৯৯ চনত তেওঁৰ মৃত্যুৰ পিছত 'ভাৰত ৰত্ন' উপাধিৰে সন্মানিত কৰিছিল।

Nayan Moni Deka