মায়াৱিনী ৰাতিৰ বুকুত জুবিনৰ গীত
মায়াৱিনী ৰাতিৰ বুকুত....
মায়াৱিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলো গোপনে আহি হিয়াৰ কোনত
তুমি যে মোৰ শুকাণ মনৰ
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰদৰে নৈ
মোৰ দেহত প্ৰতি পোৱা
ধুমুহাৰ সতে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সচাঁ মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হব
ভাবোঁ তোমাৰ বুকুত ||
প্ৰতি শৰতৰ প্ৰভতি ফুলে
কব তোমাকেই মোৰ কথা
প্ৰতি মেঘালী নিশা জোনে
কব তোমাকেই মোৰ বেথা
ধুমুহাৰ সতে ....
ভাবো তোমাৰ....
দুচকুতে তোমাৰ চালে
সপোন আঁতৰি দিঠক নামে
চুব খুজিলেই মোৰ দুহাতে
দিঠক আঁতৰি সপোন আহে
ধুমুহাৰ সতে মোৰ...
মায়াৱিনী ........ ||
1 Comments