ৰাজনৈতিক বিভাগ ( Political Divisions ) :

 ভাৰতবর্ষ এখন বিশাল দেশ । ইয়াৰ বিশালতাৰ বাবেই ই এখন উপ - মহাদেশ হিচাপে পৰিগণিত হৈছে । নানা জাতি , জনগােষ্ঠী , ভাষা , সংস্কৃতি আৰু ধৰ্মৰ লােকে ইয়াত বসবাস কৰে । বিশাল দেশখনৰ শাসনৰ সুবিধার্থে ইয়াক কিছুমান ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল হিচাপে ভাগ কৰা হৈছে । বর্তমান সময়ত ভাৰতবৰ্ষত ২৯ খন ৰাজ্য আৰু ৭ খন কেন্দ্রীয় শাসিত অঞ্চল ( ৰাজ্য ) আছে । এই ৰাজ্যসমূহৰ নাম , মাটিকালি আৰু সেইবিলাকৰ ৰাজধানীবােৰ ৩.৪ নং তালিকাত উল্লেখ কৰা হ’ল—

তালিকা৩.৪ঃ ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ, ২০১৪


 ক্ৰমিক নং

 ৰাজ্যৰ নাম

 মাটিকালি(বৰ্গ কিলোমিটাৰ)

 ৰাজধানী

 ১

১০


১১

১২

১৩

১৪

১৫

১৬

১৭

১৮

১৯

২০

২১

২২

২৩

২৪

২৫

২৬

২৭

২৮

২৯


অন্ধ্ৰপ্ৰদেশ  

অৰুণাচল প্ৰদেশ

অসম

বিহাৰ

চত্তিশগড়

গোৱা

গুজৰাট

বাৰিয়ানা

হিমাচল প্ৰদেশ

জম্মু আৰু কাশ্মীৰ


ঝাৰখগু

কৰ্ণাটক

কেৰেলা

মধ্যপ্ৰদেশ

মহাৰাষ্ট্ৰ

মণিপুৰ

মেঘালয়

মিজোৰাম

নগালেগু

ওড়িশা

পঞ্জাব

ৰাজস্থান

ছিকিম

তামিলনাডু

তেলেংগানা

ত্ৰিপুৰা

উত্তৰাখগু

উত্তৰ প্ৰদেশ

পশ্চিমবংগ

১,৬০,২০৫ 

৮৩,৭৪৩

৭৮,৪৩৮

৯৪,১৬৩

১,৩৫,১৯১

৩,৭০২

১,৯৬,০২৪

৪৪,২১২

৫৫,৬৭৩

২২২২,২৩৬


৭৯,৭১৪

১,৯১,৭৯১

৩৮,৮৬৩

৩,০৮,২৪৫

৩,০৭,৭১৩

২২,৩২৭

২২,৪২৯

২১,০৮১

১৬,৫৭৯

১,৫৫,৭০৭

৫০,৩৬২

৩৪২,২৩৯

৭,০৯৬

১,৩০০৫৮

১,১৪,৮৪০

১০,৪৮৬

৫৩,৪৮৩

২,৪০,৯২৮

৮৮,৭৫২

 অমৰাৱতী

ইটানগৰ

দিছপুৰ (গুৱাহাটী)

পাটনা

ৰায়পুৰ

পানাজী

গান্ধীনগৰ

চগুীগড়

ছিমলা

শ্ৰীনগৰ ( গ্ৰীষ্মকালত)

জম্মু ( শীতকালত)

ৰাঁচী

বাংগালোৰ

থিৰুৱানন্থপুৰম

ভূগোল

মুম্বাই

ইম্ফল

শ্বিলং

আইজল

কহিমা

ভূবনেশ্বৰ

চগুীগড়

জয়পুৰ

গেংটক

চেন্নাই

হায়দৰাবাদ 

আগৰতলা

ডেৰাডুন

লক্ষ্ণৌ

কলকাতা


কেন্দ্ৰীয় শাসিত অঞ্চল

৩০

৩১

৩২

৩৩

৩৪

৩৫

৩৬

আন্দামান আৰু নিকোবৰ

চগুীগড়

*দিল্লী

দাদ্ৰা আৰু নগৰ হাভেলী

ডমন আৰু ডিউ

লাক্ষাদ্বীপ

পগুীচেৰী

৮,২৪৯

১১৪

১,৪৮৩

৪৯১

১১২

৩২

৪৭৯

ট ব্লেয়াৰ

চগুীগড়

দিল্লী

ছিলভাছা

ডমন

কাভাৰাট্ৰী

পগিুচেৰী্


বৰ্তমান দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ হিচাপে সুকীয়া মৰ্যাদা দিয়া হৈছে । 

 

* ভাৰতবর্ষ পৃথিৱীৰ উত্তৰ গােলার্ধত অৱস্থিত এছিয়া মহাদেশৰ বৈচিত্র্যপূর্ণ দেশ ।

* ভাৰতবর্ষ ৮ ° 42৮ ” উত্তৰৰ পৰা ৩৭ ° ১৭৫ উত্তৰ অক্ষৰেখা আৰু ৬৮৭৩ পূবৰ পৰা ৯৭৭২৪৪৭ পূর্ব দ্রাঘিমাৰেখাৰ মাজত অৱস্থিত । 

*ভাৰতবৰ্ষক ( ক ) উত্তৰৰ হিমালয় পার্বত্য অঞ্চল , ( খ ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল ( গ ) দাক্ষিণাত্য মালভূমি অঞ্চল আৰু ( ঘ ) উপকূল অঞ্চল এই মুঠ চাৰিটা ভূ - প্রাকৃতিক ভাগত ভগাব পাৰি । 

*ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট । ইয়াৰ প্ৰভাৱত মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি ১২৫০ চে.মি. বৰষুণ হয় । 

*ভাৰতত বছৰটোত প্ৰধানকৈ চাৰিটা ঋতু অনুভূত হয়– ( ক ) শীতকাল ( খ ) প্রাক্ বর্ষাকাল ( গ ) বর্ষাকাল ( ঘ ) প্রাক্ শীতকাল ।

 *ভাৰতৰ উদ্ভিদসমূহক ছয় ভাগত ভগাব পাৰি - চিৰ সেউজীয়া উদ্ভিদ , মৌচুমীয় উদ্ভিদ , কাইটীয়া মৰু উদ্ভিদ , তৃণজাতীয় উদ্ভিদ , ব - দ্বীপীয় উদ্ভিদ আৰু পার্বত্য উদ্ভিদ । 

*ভাৰত পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ । ইয়াৰ মাটিকালি পৃথিৱীৰ মুঠ মাটিকালিৰ মাত্র ২.৪ শতাংশ , কিন্তু ইয়াত বাস কৰে পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ১৭.৫ শতাংশ লােকে । 

*ভাৰতবর্ষ আকাৰত পৃথিৱীৰ দেশসমূহৰ ভিতৰত সপ্তম । ইয়াৰ মুঠ মাটিকালি ৩২,৮৭,২৬৩ বর্গ কিলােমিটাৰ ।

 *জনসংখ্যাৰ হিচাপত অসমে ২.৫৮ শতাংশ জনসংখ্যা অর্থাৎ ৩,১২,০৫,৫৭৬ জন ( ২০১১ ৰ লােকপিয়ল ) লােকৰ বাসস্থান হিচাপে চতুর্দশ স্থান অধিকাৰ কৰিছে । 

*ভাৰতীয় অর্থনীতিৰ বৈশিষ্ট হ’ল নিম্ন জনমূৰি আয় , অত্যাধিক জনসংখ্যা , দৰিদ্ৰতা , কৃষি নির্ভৰশীলতা আৰু বর্ধিত নিবনুৱা সমস্যা ।
 
*ভাৰতীয় অর্থনীতিত কৃষি খণ্ড , উদ্যোগ খণ্ড আৰু যাতায়াত খণ্ডৰ গুৰুত্ব অধিক । 

*ভাৰতবর্ষ বর্তমান ২৯ খন ৰাজ্য আৰু ৭ খন কেন্দ্রীয় শাসিত অঞ্চলেৰে পৃথিৱীৰ বৃহত্তম গণতান্ত্রিক দেশ। 

Type Sumit Patar

Calss 9 Social Science Geography