পদাৰ্থৰ অৱস্থা STATES OF MASTTER | Chapter 5 | Class 11 Chemistry Assamese medium | HS 1st Year Chemistry Suggestion Assam | Class 11 Chemistry Question And Answer Assam | Higher Secondary 1st year Chemistry Answer notes | অধ্যায় ৫ | উচ্চ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠ্যপুঠিৰ পদাৰ্থৰ অৱস্থা STATES OF MASTTER পাঠটোৰ প্ৰশ্ন উত্তৰ

 

5.1 30°C উষ্ণতাত 1 bar চাপত থকা 500 dm3আয়তনৰ বায়ুক 200 dm3আয়তনলৈ সংকুচিত কৰিবলৈ ন্যূনতম কিমান চাপৰ প্রয়োজন হ'?

5.2 35°C উষ্ণতা আৰু 1.2 bar চাপত 120 mL আয়তনৰ পাত্ৰত নির্দিষ্ট পৰিমাণৰ গেছ লোৱা হ’ল। গেছখিনিক 35°C উষ্ণতাত থকা 180 mL আয়তনৰ আন এটা পাত্রলৈ স্থানান্তৰ কৰা হ'লে গেছটোৰ চাপ কিমান হ’ব?

5.3 অৱস্থাৰ সমীকৰণ pV=nRTব্যৱহাৰ কৰি দেখুওৱা যে কোনো নির্দিষ্ট উষ্ণতাত কোনো এটা গেছৰ ঘনত্ব (d) গেছটোৰ চাপৰ (p) সমানুপাতিক।

5.4 0°C উষ্ণতাত 2 bar চাপত থকা কোনো এটা গেছীয় অক্সাইডৰ ঘনত্ব, 5 bar চাপত থকা ডাইনাইট্রজেনৰ ঘনত্বৰ সৈতে একে । অক্সাইডটোৰ আণৱিক ভৰ কিমান হ’ব?

5.5 27°C উষ্ণতাত 1 g আদর্শ গেছ A ৰ চাপ 2 bar পোৱা হ'ল। একে উষ্ণতাত একেটা ফ্লাস্কত আন এটা আদর্শ গেছ B 2 g ভৰাই লোৱাত চাপ 3 bar হ’ল। দুয়োটা গেছৰ আণৱিক ভৰৰ মাজত থকা সম্পৰ্কটো নির্ণয় কৰা।

5.6 নলা চাফ কৰা,ড্রেইনেক্স নামৰ দ্ৰব্যটোত থকা সামান্য পৰিমাণ এলুমিনিয়ামে কষ্টিক ছ'ডাৰ সৈতে বিক্রিয়া কৰি ডাইহাইড্রজেন উৎপন্ন কৰে। 0.15g এলুমিনিয়াম বিক্রিয়াত ভাগ ল'লে 20°C উষ্ণতা আৰু 1 bar চাপত কিমান আয়তনৰ ডাইহাইড্রজেন উৎপন্ন হয়?

5.7 27°C উষ্ণতাত 9 dm3আয়তনৰ ফ্লাস্ক এটাত থকা 3.2 g মিথেন আৰু 4.4 g কার্বন ডাইঅক্সাইড মিশ্রই কিমান চাপ দিব?

5.8 27°C উষ্ণতাত থকা 1 L আয়তনৰ পাত্ৰ এটাত 0.8 bar চাপত থকা 0.5 L H2আৰু 0.7 bar চাপত থকা 2.0 L ডাইঅক্সিজেন গেছ লোৱা হ'ল। গেছ মিশ্রটোৰ চাপ কিমান হ’ব?

5.927°C উষ্ণতা আৰু 2 bar চাপত থকা গেছ এটাৰ ঘনত্ব 5.46 g/m3লে STP ত গেছটোৰ ঘনত্ব কিমান হ'?

5.10546°C উষ্ণতা আৰু 0.1 bar চাপত 34.05 mL ফছফৰাছ বাষ্পৰ ভৰ 0.0625 g লে ফছফৰাছৰ আণৱিক ভৰ গণনা কৰা?

5.11এজন ছাত্ৰই 27°Cউষ্ণতাত ফ্লাস্ক এটাত বিক্রিয়কৰ মিশ্ৰ লবলৈ পাহৰি ফ্লাস্কটো গৰম কৰাৰ বাবে বার্ণাৰৰ ওপৰত থৈ দিলে। কিছু সময়ৰ পাছত তেওঁ তেওঁৰ ভুল উপলব্ধি কৰিলে আৰু পাইৰ’মিটাৰ ব্যৱহাৰ কৰি ফ্লাস্কৰ উষ্ণতা 447°C দেখা পালে। ফ্লাস্কৰ পৰা কিমান অংশ বায়ু ওলাই গৈছে গণনা কৰা।

5.123.32 bar চাপত 4.0 mol গেছৰ আয়তন 5 dm3লে গেছটোৰ উষ্ণতা গণনা কৰা।

(R=0.083 bar dm3 K-1 mol-1)

5.131.4 g ডাইনাইট্রজেনত থকা ইলেকট্রনৰ মুঠ সংখ্যা গণনা কৰা।

5.14 যদি প্রতি ছেকেণ্ডত 1010সংখ্যক শস্যদানা বিতৰণ কৰা হয়, তেন্তে এভ’গেড্ৰৰ সংখ্যাৰ সমান শস্য। দানা বিতৰণ কৰিবলৈ কিমান সময়ৰ প্রয়োজন হ’ব?

5.151 dm3আয়তনৰ পাত্ৰত ৪ g ডাইঅক্সিজেন আৰু 4 g ডাইহাইড্রজেন আৱদ্ধ কৰি ৰাখিলে মিশ্রটোৰ মুঠ চাপ কিমান হ’ব?(R = 0.083 bar dm3 K-1 mol-1)

5.16 অপসাৰিত বায়ু আৰু বেলুনৰ ভৰৰ পাৰ্থক্যক ‘পে লোড’ (pay load) বোলা হয়। 10 m ব্যাসার্ধ আৰু 100kg ভৰৰ বেলুন এটাত 1.66 bar চাপ আৰু 27°C উষ্ণতাত হিলিয়ামেৰে পূৰ্ণ কৰিলে ‘পে লোড’ কিমান হ'ব গণনা কৰা। (বায়ুৰ ঘনত্ব=1.2 kg m-3আৰু R = 0.083 bar L K-1 mol-1)

5.1731.1°C আৰু 1bar চাপত 8.8 g CO2ৰ আয়তন গণনা কৰা। (R=0.083bar L K-1 mol-1)

5.18 একে চাপত 17°C উষ্ণতাত 0.184 g ডাইহাইড্রজেনৰ আয়তনৰ সৈতে 90°C উষ্ণতাত 2.9 g কোনো গেছৰ আয়তন একে হয়। গেছটোৰ মলাৰ ভৰ কিমান?

5.191 bar চাপত ডাইহাইড্রজেন আৰু ডাইঅক্সিজেনৰ মিশ্ৰ এটাত ভৰ হিচাপে 20% ডাইহাইড্রজেন আছে। ডাইহাইড্রজেনৰ আংশিক চাপ গণনা কৰা।

5.20pV2T2/nৰাশিটোৰ SI একক কি হ'?

5.21 চাৰ্লছৰ সূত্ৰৰ আধাৰত সম্ভাৱ্য সর্বনিম্ন উষ্ণতা–273°C কিয় হয় ব্যাখ্যা কৰা।

5.22 কার্বন ডাইঅক্সাইড আৰু মিথেনৰ ক্ৰান্তিক উষ্ণতা ক্রমে 31.1°C আৰু 81.9°Cকোনটো গেছত আন্তঃআণৱিক বল বেছি আৰু কিয় বেছি?

5.23 ভেন ডাৰ ৱালছৰ ধ্ৰুৱকসমূহৰ তাৎপৰ্য্য ব্যাখ্যা কৰা।

5.24 দুটা বাস্তৱ গেছৰ b ৰ মান একে কিন্তু a ৰ মান বেলেগ বেলেগ। প্ৰতিটো গেছৰ 1 mol লোৱা হ'ল। কোনটো গেছৰ আয়তন আনটোতকৈ বেছি হ’ব?

5.25 আদর্শ গেছৰ মিশ্ৰ এটাক 4.22 K উষ্ণতালৈ চেঁচা কৰি গেছবোৰৰ এটা মিশ্র জুলীয়া দ্ৰৱ পোৱা গ'ল।- এই উক্তিটো শুদ্ধ নে? যুক্তি দৰ্শাই ব্যাখ্যা কৰা।

5.26 বাস্তৱ গেছ এটাৰ অৱস্থাৰ সমীকৰণ হ'p (V - b) =RT, গেছটোক তৰললৈ পৰিণত কৰিব পাৰিবা নে?

5.27 32°C উষ্ণতাত চাপ প্রয়োগ কৰিও CO2গেছৰ জুলীয়াকৰণ কৰা সম্ভৱ নহয় কিয় ব্যাখ্যা কৰা।

5.28 সাধাৰণ উষ্ণতাত HCl(g) আৰু NH3 (g) ৰ মিশ্ৰৰ ক্ষেত্ৰত ডেল্টনৰ আংশিক চাপৰ সূত্র প্রযোজ্য নহয় কিয়?

5.29 আদর্শ গেছ সমীকৰণ pV=nRTস্থাপন কৰা। SI এককত R ৰ মান নির্ণয় কৰা।

5.30 বাস্তৱ গেছবোৰে আদৰ্শ আচৰণৰপৰা বিচ্যুতি দেখুওৱাৰ কাৰণ কি?

5.31 গেছৰ সংকোচনশীলতা গুণাংক কাক বোলে ?ইয়াৰ তাৎপৰ্য্য আলোচনা কৰা।

5.32 উতলাংক কাক বোলে? স্বাভাৱিক উতলাংক আৰু প্রমাণ উতলাংকৰ মাজত পার্থক্য কি?

5.33 জুলীয়া পদাৰ্থৰ পৃষ্ঠ টানৰ সংজ্ঞা দিয়া। ইয়াৰ SI একক আৰু মাত্রা উল্লেখ কৰা।

5.34 জুলীয়া পদাৰ্থৰ সান্দ্রতাৰ সংজ্ঞা দিয়া।

5.35 সান্দ্রতা গুণাংক কাক বোলে? ইয়াৰ SI আৰু CGS একক উল্লেখ কৰি এই দুটা এককৰ মাজৰ সম্পৰ্কটো স্থাপন কৰা।

5.36 কাৰণ দর্শোৱা

(a) মার্কাৰিৰ টোপাল গোলাকাৰ।

(b) অতি নিম্ন চাপত গেছে আদর্শ আচৰণ দেখুৱায়।

(c) গ্লিচাৰলৰ সান্দ্রতা ইথানলতকৈ বেছি।





Post ID : DABP006653