আহে বা নাহে .... | জুবিনৰ অসমীয়া  আহে বা নাহে .... | আহে বা নাহে ....  জুবিন গান | Zubeen Grag Song  Ahe ba nahe 

 আহে বা নাহে .... 



আহে বা নাহে ঘুমতি  

আহিবা ৰাতি 

সপোনকে লৈ 

থাকে বা নাথাকে 

শাওণৰে ঢল তুলি

মৰমৰে নৈ 

দুপাখি মেলি 

সমীৰে আহি 

দিয়ে বা নিদিয়ে

ফাগুনৰে খবৰ

থুমি ৰোৱা যেন মোলৈ

আহে বা নাহে.............


চুৱে বা নোচুৱে নিয়ৰে

শেৱালি পাহিটি শৰতে শৰতে 

নাচে বা নানাচে জোনাকী হৈ 

তুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈ ।

আহে বা নাহে .................


জোৰে বা নোজোৰে বান্ধি লও 

কিনো মৰমৰে এনাজৰিকে পাওঁ 

বহে বা নবহে ফুলতে গৈ 

ৰঙিলী পখিলী তুমি ৰঙৰে ছৈ ।।

আহে বা নাহে ............