অলকানন্দা ওঁঠৰ হাঁহি | জুবিনৰ অসমীয়া গান অলকানন্দা ওঁঠৰ হাঁহি | অলকানন্দা ওঁঠৰ হাঁহি জুবিন গান | Zubeen Garg Song Alakanada uthor Hahi |
অলকানন্দা ওঁঠৰ হাঁহি
ৰজনীগন্ধা ফুলৰ পাহি
অৰুনিমা হৈ আকাশতে যেন
আঁকিলাহি ৰং প্ৰভাততে
অচিনা নদীৰ সোঁতে সোঁতে বৈ ।।
আহিলা কাষলে
অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি
মোৰ জোনাকৰে চিনাকি ছায়াতে
তুমিযে আছিলা ৰৈ
যেন শৰততে শেৱালি বুটলি
আপোন পাহৰা হৈ
কিনো মোহনীয়া
লাজুকি নয়না
মৰম তোমাৰ যুগমীয়া
অলকানন্দা ওঁঠৰ...।
ৰজনীগন্ধা ফুলৰ পাহি
অৰুনিমা হৈ আকাশতে যেন
আঁকিলাহি ৰং প্ৰভাততে
মৌন সময়ত আছিলো নিৰলে
মাথোঁ তোমাকে ভাবি
কিয় তুমি আহি জ্বলালা অগনি
নিৰৱতা মোৰ ভাঙি
হৈ প্ৰজাপতি মন পদূলিতে
উলাহতে পাখি মেলি
অলকানন্দা ওঁঠৰ...।।