জানমনি.... (বিহু) | জুবিনৰ অসমীয়া  জানমনি.... (বিহু) | জানমনি.... (বিহু)   জুবিন গান | Zubeen Grag Song Janmoni (Bihu) 

 জানমনি.... (বিহু) 


নদী বাঢ়িলে অ..... উজান উঠিলে ঐ

গছে বনে ফুলে পাতে বিহু  আহিলে ঐ 

কপৌ পাহে পাহে 

মৰম ভৰি আছে

এই মৰম কাৰ বাবে জানানে  

জানমণি তোমাৰ বাবে


মলয়া বলে  ঐ

কুঁহি পাতো লৰে ঐ

নদীৰ ঢৌৱে ঢৌৱে সোঁতোে মৰম আনিলে অ 

লাহে লাহে লাহে মৰম বাঢ়ি আহে 

এই মৰম কাৰ বাবে জানানে 

অ' জানমণি তোমাৰ বাবে .... ।


দিথকে সপোনে ঐ

দেখোঁ তোমাকে ঐ।।

মনৰ মাজত কিনো জুয়ে পুৰে সঘনে ঐ..........

বাৰে বাৰে বহাগ কিয় আহে 

এই বহাগ কাৰ বাবে জানানে

অ... জানমনি তোমাৰ বাবে...

কুমলীয়া মনে ঐ

একো নুবুজে ঐ।।

সুঁতা ছিঙে মাঁকো পৰে 

তাঁতৰ শালতে ঐ

মৰম বাঢ়ে বাঢ়ে 

পানী বঢ়াৰ দে এই মৰম কাৰ বাবে জানানে 

অ' জানমনি তোমাৰ বাবে।।


পলাশে হাঁহে ঐ

ফাগুনক  পালে ঐ ।।

মইও হাঁহিম নাচিম তোমাক কাষতে পালে ঐ 

আশাৰ ফুলো ফুলে

মনৰ ফুলনিতে এই আশা কাৰ বাবে জানানে .....

জানমণি তোমাৰ  বাবে


জ্বলা জুইতে  ঐ

ছগা পুৰি মৰে ঐ

মই পৰিলো তোমাৰ প্ৰেমত 

একো নজনাকৈ 

হৃদয় বুজি পালে একো দিব নালাগে 

এই হৃদয় কাৰ বাবে জানানে 

জানমনি তোমাৰ বাবে...


তৰাই পোহৰ দিলে ঐ

পোহৰ নালাগে ঐ

আকাশতে জোনে পোহৰ 

নিদিয়ে মানে ঐ

তোমাৰ অবিহনে 

একো ভালে নালাগে 

এই ভাল পোৱা কাৰ বাবে জানানে 

জানমনি তোমাৰ বাবে।।

ম'ৰাই ছালি ধৰে ঐ

ব'হাগ বনতে ঐ

মোৰো মনো নাচি ওঁঠে 

তোমাক দেখিলে ঐ

কম কম যেন লাগে 

মনৰে কথাকে 

এই কথা কাৰ বাবে জানানে

অ' জানমনি তোমাৰ বাবে