কঁকাল খামুচীয়া.... | জুবিনৰ অসমীয়া গান কঁকাল খামুচীয়া....| কঁকাল খামুচীয়া....    জুবিন গান | Zubeen Grag Song Kokal Khamusia | 

কঁকাল খামুচীয়া....   

কঁকাল খামুচীয়া গাল গুলপীয়া

তুমি কোন সৰগৰপৰী

কজলা চকুৰে পদুমী খোজেৰে নিলাহিমন মোৰ হৰি

গাঁৱৰে জীয়াৰী থাকিবা আঁতৰি

চুলে মাৰিব বিজুলী

ধাননী পথাৰৰ সোণোৱালী শইচত

জিলিকে আমাৰে আশা

ঘৰে ঘৰে বন্তি জ্বলিলেই গধূলি

শেৱালী সৰিলেই পুৱা

চহৰৰ ডেকা ল'ৰা হেনো মিছলীয়া

নুবুজে মনৰে ভাষা

আমি গাঁৱলীয়া সৰল আলসুৱা

নুশুনো চলাহী কথা

ভুল কৰিছা যদিহে দেখি মোক নেদেখা

নুবুজা কলিজাৰে বেথা

কঁকাল.....

নৈৰে পাৰে পাৰে উৰে আমাৰ মন

হেঁপাহৰ ৰঙীণ পখিলা

জোনাক নামিলেই সোণাৰু ফুলিলেই

সপোনে কৰে ৰাসলীলা.....

কঁহুৱাৰ মলয়াই নিতে আহি চুই যায়

পদুলিত উৰুৱাই ধূলি

কপৌ পাৰৰ মাত চোতাল শুৱনী

শালিকীৰো গুণগুণনি

তুমি আহিবা নৈৰে ঘাটলে গধূলি

সকলো কম মই খুলি

তুমি জানিবা বুজিবা দেখিবা সকলোঁ

নেভাবিবা মিছলীয়া বুলি ।।