কোনোবাই ৰিঙিয়াই |জুবিনৰ অসমীয়া কোনোবাই ৰিঙিয়াই | কোনোবাই ৰিঙিয়াই জুবিন গান | Zubeen Grag Song kunubai Rigiyai |
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
চকুলো চকুতে শুকাই
মনে মোৰ নিচুকাই
চকুলো চকুতে শুকাই
কোনোবাই ৰিঙিয়াই ।
ৰাতি ৰাতি লওঁ সাৱটি
মদিৰাৰে মৌ বুকু ভৰি
খোজে খোজে যেন পুৱতি
চুব খোজোঁতেই হয় দূৰণি
সপোনৰে ঢৌ দুচকুত বয়
তুমি আছা উটি ভাহি ফুৰি
বেদনাৰ নৈ বুকুতে লৈ
মই আছোঁ তোমাকে সুঁৱৰি
নিজৰেই এন্ধাৰত আছোঁহি যে উমলি
কোনোবাই......
জ্বলি জ্বলি গলি যোৱা আৰু কতদিন
চাবা তুমি
বুকু বিদাৰি ছিঙি মোহাৰি আৰু ক’ত
খেল খেলা তুমি
প্ৰেৰণাৰ শেষ বুকুতে লৈ
আছে মাথোঁ বাকী মোৰ অৱশেষ
চকু মেলিলেই চাব খুজিলেই
পাওঁ মাথোঁ একে অন্ধ আৱেশ
সপোনৰ ছলনা দিঠকো হয় কুঁৱলী
কোনোবাই.....।
0 Comments