নিদিয়া নিদিয়া ........ | জুবিনৰ অসমীয়া গান নিদিয়া নিদিয়া ........ | নিদিয়া নিদিয়া ........ জুবিন গান | Zubeen Grag Song Nidiya Nidiya....
নিদিয়া নিদিয়া ........
নিদিয়া নিদিয়া নিদিয়া
কিয়নো নিদিয়া নিদিয়া
নিদিয়া নিদিয়া..............
বুকুৰে মাজতে দুখন কলিজা
কিয়নো নিদিয়া তুমি
ডিঙিলৈকে দুখ, সুখ কেতিয়া
কব নোখোজা তুমি
আঁজুৰি নিয়া মোহাৰি দিয়া
হাঁহিব নোৱাৰো তাকো চুৰ ,কৰি নিয়া ।
নিদিয়া নিদিয়া নিদিয়া
হাঁহিব নিদিয়া নিদিয়া ।।
তুমি দিয়া কিনো দিয়া
দুখকে ঢালি দিয়া
তুমি নিয়া ,মাথোঁ নিয়া
সুখকে কাঢ়ি নিয়া
তুমি দিয়া ..........
কলা কলা তোমাৰে হিয়া
গৰল উজাৰি আমাকে দিয়া
দুখকে ঢালি দিয়া
কলা কলা তোমাৰে হিয়া
গৰল উজাৰি আমাকে দিয়া
কিয় বলিয়া এই বলিয়া
পাবৰে তোমাক তোমাক খন্তেকীয়া
আঁজুৰি নিয়া ............
দুহাততে একা-বেকা ৰেখা আকিঁ দিয়া
কপালতে দীঘলীয়া ৰেখা মচি নিয়া
মন গলে কৰি দিয়া কাৰোবাক ৰুগীয়া
যুঁজিলে তোমাৰ সতে প্ৰাণে মাৰি নিয়া
আঁতৰি দূৰতে থাকিব দিয়া
নাহিবা কাষলে তুমি
কলা কলা তোমাৰ হিয়া
খেলাৰ পুতলা আমি
আঁজুৰি নিয়া ............