আলিমুননিছা পিয়াৰ গীত | Alimunnisa pierre Assamese song | আলিমুননিছা পিয়াৰ অসমীয়া গীত সমূহ 


খোজ লাহেকৈ দিবি সখী

 

খোজ লাহেকৈ দিবি সখী

ঘাট পিছল চাবি সখী

খোজ লাহেকৈ দিবি ।।

 

জাকৈ লাহেকৈ বাবি সখী

জাকৈ লাহেকৈ বাবি

কোনে ঘনকৈ বজায় পেঁপাটি

মনে পিছলি চাবি

খোজ লাহেকৈ দিবি সখী

খোজ লাহেকৈ দিবি ।।

 

ৰৈ ৰৈ নাচিছে কতেনো পখীটি

মোৰে বতৰা কবি

ৰৈ ৰৈ নাচিছে সৰুকৈ জুৰিটি

বকুৰে বতৰা লবি

আয়ে দূৰলৈ দিয়েহে যদি

নাযাওঁ বুলি কবি

একে গাঁৱতে দুয়ো সখী

নপৰো মানে ৰবি ।।