ভাৰসাম্য আনুষ্ঠানিক আৰ্হি

     এইটো প্রায়ে দেখা যায় যে জনসাধাৰণে নহয় , নিজৰ ক্ষমতা বৃদ্ধি কৰিব খােজা সৰু সৰু গােষ্ঠী বা দলসমূহে সংবিধানক সময়ে সময়ে অবদমিত কৰিব খােজে । কিন্তু সুন্দৰভাবে লিপিবদ্ধ সংবিধানে ক্ষমতাৰ বিভাজন এনেদৰে কৰে যে কোনাে এটা দল বা গােষ্ঠীয়ে সংবিধানক অবদমিত কৰিব নােৱাৰে । এনেধৰণৰ ক্ষমতাৰ বিভাজনে এই কথা সুনিশ্চিত কৰে যাতে কোনাে এক অনুষ্ঠানে একচেটিয়াভাবে ক্ষমতাৰ বিভাজন কৰিব নােৱাৰে । সেয়েহে ক্ষমতা বিভাজন কৰি ভিন ভিন অনুষ্ঠানৰ মাজত ভগাই দিয়া হয় । ভাৰতীয় সংবিধানে কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা তথা নিৰপেক্ষ সাংবিধানিক অনুষ্ঠান যেনে নিৰ্বাচনী আয়ােগৰ মাজত সমান্তৰালভাবে  ক্ষমতাৰ বিভাজন কৰিছে । এনে ব্যৱস্থাই এটা কথাই সুনিশ্চিত কৰে যে যদি এটা অনুষ্ঠানে সংবিধানখন অবদমিত কৰিব বিচাৰে তেন্তে আন অনুষ্ঠানসমূহে এনে কামত বাধা দিব । এনে একপ্ৰতিৰােধ আৰু সন্তোলন ( Cheek and balances ) ব্যৱস্থাই ভাৰতীয় সংবিধানৰ সফলতা নিশ্চিত কৰিছে । 

    এনে বিজ্ঞ সুষম আনুষ্ঠানিক নক্সাৰ আন এটা দিশ হৈছে যে সংবিধানে কিছুমান মূল্যবােধ আৰু পদ্ধতিক কর্তত্বশীল হিচাবে প্রতিষ্ঠা কৰিব লাগিব আৰু আনহাতেদি এইবােৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা প্রদান কৰি দুয়ােটাৰে মাজত ভাৰসাম্য স্থাপন কৰিব লাগিব । অতি অনমনীয় সংবিধান পৰিবৰ্তনৰ পৰিপ্ৰেক্ষিতত ভাঙি পৰিব পাৰে । আনহাতেদি অতি অনমনীয় সংবিধানে জনসাধাৰণক উপযুক্ত নিৰাপত্তা বা পৰিচয় প্রদান কৰিব নােৱাৰে । সফল সংবিধানে প্রতিষ্ঠিত মৌলিক মূল্যবােধ আৰু নতুন পৰিস্থিতিত সেইবােৰৰ ব্যৱহাৰৰ মাজত উপযুক্ত ভাৰসাম্য প্রতিষ্ঠা কৰে । তােমাললাকে এইখন কিতাপৰ নৱম অধ্যায়ত ভাৰতীয় সংবিধান প্রণেতাসকলৰ প্রজ্ঞা দেখিবলৈ পাবা । ভাৰতীয় সংবিধানক এক জীৱন্ত নথি হিচাবে বর্ণনা কৰা হৈছে । সংবিধানৰ ব্যৱস্থাসমূহৰ পৰিবৰ্ত্তনৰ সম্ভাবনীয়তা আৰু এনে পৰিবৰ্ত্তনৰ সীমাবদ্ধতাৰ মাজত ভাৰসাম্য স্থাপন কৰি ভাৰতীয় সংবিধানে এই কথা সুনিশ্চিত কৰিছে যে ই এক সাংবিধানিক নাথি হিচাবে সকলোৰে সন্মান পাই জীয়াই থাকিব ।

    সেইবাবে এখন সংবিধানৰ কৰ্তৃত্ব আছেনে নাই সেইকথা ঠাৱৰ কৰিবলৈ তুমি নিজকে তিনিটা প্ৰশ্ন সুধিব পাৰাঃ

* যিবোৰ ব্যক্তিয়ে সংবিধানখন কাৰ্যকৰী কৰিছিল তেওলোক কৃতিত্বৰ যোগ্য নে ?  এই অধ্যায়টোৰ বাকী থকা অংশত এই প্ৰশ্নটোৰ উত্তৰ পাবা ।  দ্বিতীয়তে সংবিধানে ক্ষমতা এক বুদ্ধিদীপ্ত সংগঠন কৰিছেনে যাতে সমাজৰ কোনো দল বা গোষ্ঠীয়ে সংবিধানক সহজে অবদমিত কৰিব নোৱাৰে ? তদুপৰি অতি গুৰুত্বপূৰ্ণভাৱে সংবিধানে প্ৰত্যেককে কিবা নহয় দিছেনে যাতে সকলোৱে সংবিধানক সমৰ্থন কৰিব ? এইখন কিতাপৰ বেছিভাগ অংশতেই এই প্ৰশ্নটো আলোচনা কৰা হৈছে ।

*সংবিধানখন জনসাধাৰণৰ আশা আৰু আকাঙ্খাৰ কেন্দ্ৰ বিন্দু হয়নে?   এখন সংবিধানে জনসাধাৰণৰ পৰা অভ্যাসলব্ধ আনুগত্য লাভ কৰে নে নকৰে সেইকথা নিৰ্ভৰ কৰিব সংবিধানখনৰ ব্যৱস্থাসমূহৰ ন্যায়সঙ্গত হয় নে নহয় সেই কথাৰ ওপৰত। ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ন্যায়ৰ নীতিসমূহ কি কি ? এইখন কিতাপৰ শেষ অধ্যায়ত এই প্ৰশ্নৰ উত্তৰ পাবা। 

Type Sumit Patar

Class 11Political Science