অধিকাৰৰ বিধেয়ক

এই দুয়োটা উদাহৰণে অধিকাৰ গুৰুত্ব আৰু বাস্তৱত ইয়াৰ যথাৰ্য প্ৰয়োগক দেখুৱাইছে । এখন গণন্ত্ৰই এইটো নিশ্চিত কৰিব লাগিব যে প্ৰত্যক ব্যক্তিৰে কিছুমান অধিকাৰ আছে আৰু চৰকাৰে সদায় এই অধিকাবোৰক স্বীকৃতি দিব। সেইকাৰণে প্ৰায়ে বিছিভাগ  গণতান্ত্ৰিক ৰাষ্ট্ৰতে সংবিধানত জনসাধাৰণৰ বাবে কিছুমান অধিকাৰ অন্তৰ্ভূক্ত কৰা দেখা যায়।  তেনেকুৱা ধৰণৰ সংবিধানৰ দ্বাৰা সুৰক্ষিত আৰু উল্লেখিত এখন অধিকাৰৰ তালিকাৰৰ বিধেয়কে চৰকাৰক ব্যক্তিৰ অধিকাৰ বিৰুদ্ধে কাম  কৰাত বাধা দিয়ে আৰু যদি এই অধিকাৰ ভঙ্গ হয় তেন্তে তাৰ নিৰাময়ৰ উপায় নিশ্চিত কৰে ।

    সংবিধানে ব্যক্তিৰ এই অধিকাবোৰ কাৰ পৰা সুৰক্ষিত কৰে ? এজন ব্যক্তিৰ অধিকাৰ আন এজন ব্যক্তি বা ব্যক্তিগত সংগঠনৰ দ্বাৰা আশাংকাগ্ৰস্ত হব পাৰে ।  তেনেকুৱা পৰিস্থিতিত ব্যক্তিক চৰকাৰৰ সুৰক্ষাৰ প্ৰয়োজন হব । সেইকাৰণে চৰকাৰে ব্যক্তিৰ অধিকাৰ সুৰক্ষা দিয়াটো প্ৰয়োজন । অন্যহাতে চৰকাৰৰ অঙ্গবোৰে ( বিধানমগুল,কাৰ্য্যপালিকা আমোলাতন্ত্ৰ অথবা আনকি ন্যায় বিভাগ)  সেইবোৰৰ কাৰ্য সম্পদান কৰোতে ব্যক্তিৰ অধিকাৰ ভঙ্গ কৰিব পাৰে । 

Type Sumit Patar

Class 11 Political Science