বিৰিঞ্চ কুমাৰ মেধিৰ গীত | Birinch Kumar Medhi Assamese Song | বিৰিঞ্চ কুমাৰ মেধি অসমীয়া গীত সমূহ 



যিদিনা মোক বিচাৰি নাপাবা

 

যিদিনা মোক বিচাৰি নাপাবা

সেইদিনা তুমি বুজিবা

লাগে যদি মোৰ খবৰ

সন্ধ্যাতৰাকে সুবিধা

নীল আকাশৰ শেষ সীমনাত

খিৰিকিৰে চকু থৈ

চকুপানী টুকি সেইদিনা তুমি

নাথাকিবা দেই ৰৈ

মন গহনৰ বেদনাক ঢাকি

পাৰিলে মিচিকি হাঁহিবা

হাস্নাহানাই সুবাস বিলালে

উদাস নহবা তুমি

উভতি উভতি স্মৃতিৰ কোঠাত

একোকে নাচাবা তুমি

পাৰা যদি তুমি মোথো সেইদিনা

মই ৰচা গীত জুৰিবা ।।