১৮.৩ পানীৰ নির্মলীকৰণ— এক ঘটনাবহুল যাত্রাঃ

    সাধাৰণতে , ঘৰত বা ৰাজহুৱা ঠাইত এবিধ পাইপে পৰিষ্কাৰ পানী কঢ়িয়াই আনে আৰু আন এবিধে বর্জিত মলিয়ন পানী বাহিৰলৈ উলিয়াই নিয়ে । আমি যদি মাটিৰ ভিতৰভাগ দেখা পাওঁ বুলি কল্পনা কৰোঁ , তেন্তে আমি মাটিৰ কণা আৰু তৰপৰ মাজে মাজে সৰু আৰু ডাঙৰ কিছুমান নলাৰ সমষ্টি দেখা পাওঁ । এইবােৰ মলিয়ন পানী বােৱাই নিয়া নলী বা নর্দমা , যিবােৰে নলা ব্যৱস্থা গঠন কৰে । ই এটা পৰিবহণ ব্যৱস্থাৰ দৰে যি উৎপত্তি স্থলৰ পৰা নিষ্কাশন কৰা স্থানলৈ অর্থাৎ উপচাৰ প্রকল্পলৈ মলিয়ন পানী পৰিবহণ কৰি নিয়ে ।

     এনে প্রণালীত প্রতি ৫০-৬০ মিটাৰ ব্যৱধানত আৰু দুটা বা তাতােধিক মলিয়ন পানী কঢ়িয়াই নিয়া নলীৰ সংযােগ স্থলত অথবা যি স্থানত নলীবােৰৰ দিশৰ পৰিৱর্তন হয় তাত মেনহ’ল বা মানুহ সােমাৰ পৰা ঢাকনি থকা বাটৰ ব্যৱস্থা থাকে । 

ক্রিয়াকলাপ ১৮.৩

     তােমালােকৰ ঘৰ বা বিদ্যালয় বা আন অট্টালিকাৰ নলাৰে ওলাই যােৱা বর্জিত পানী ( পৃতিজল ) ৰ ওপৰত অধ্যয়ন কৰা । তলত দিয়া খিনি কৰা 

পূতিজল নির্গত পথৰ এটা ৰেখাচিত্র অংকন কৰা । 

ৰাস্তাৰ কাষৰ পদপথত বা চৌহদত থকা মেহলৰ সংখ্যা কিমান আছে চোৱা । 

এটা ঢাকনি নথকা মুক্ত নর্দমা পর্যবেক্ষণ কৰা আৰু ই ক’ত শেষ হৈছে চোৱা । নর্দমাত আৰু নর্দমাৰ আশে - পাশে থকা জীৱবােৰ বিচাৰি উলিওৱা । যদিহে তােমাৰ অঞ্চলত বর্জিত পানী ওলাই যাবৰ বাবে কোনাে ব্যবস্থা নাই তেন্তে এই বর্জিত পদার্থবােৰ কেনেদৰে নাইকিয়া কৰা হৈছে তাক লক্ষ্য । কৰা । 

প্ৰদূষিত পানীৰ উপচাৰঃ

     তলত দিয়া ক্রিয়াকলাপটো কৰা । ই তােমালােকক বর্জিত পানী উপচাৰ প্রকল্প প্রক্রিয়াৰ বিষয়ে বুজাত সহায় কৰিব ।

 ক্রিয়াকলাপ ১৮.৪ 

এই ক্রিয়াকলাপটো কৰিবলৈ তােমালােকে দূলত ভাগ হৈ লােৱা । প্ৰতিটো স্তৰৰ পর্যবেক্ষণ লিপিবদ্ধ কৰাঃ 

এটা ডাঙৰ কাঁচৰ বটল লৈ তাৰ ৩/৪ অংশ পানীৰে পূৰ কৰা । কিছুমান জৈৱিক পদার্থ যেনে— ঘাঁহৰ টুকুৰা বা কমলাৰ বাকলি , অতি কম পৰিমাণৰ চাবােন পানী , অপমাজক ( detergent ) আব কেইটোপালমান চিয়াঁহী বা আন ৰঙৰ পানী তাত যােগ কৰা ।

 বটলটোৰ সাফটো মাৰি ইয়াক ভালদৰে জোকাৰা আৰু সূৰ্যৰ পােহৰত এই মিশ্রণটোক দুদিনৰ বাবে ৰাখা ।

 দুদিনৰ পিছত মিশ্ৰণটো জোকাৰি লােৱা আৰু মিশ্রণৰপৰা অলপ নমুনা হিচাপে এটা পৰীক্ষা নলীত লােৱা । পৰীক্ষানলীটো উপচাৰৰ আগৰ ; নমুনা -১ হিচাপে চিহ্নিত কৰা হয় । ইয়াৰ গােন্ধ কেনে ? 

 কাঁচৰ বটলটোৰ নমুনাখিনিত বুৰবুৰণি উঠিবৰ বাবে একুৰিয়াম এটাৰ বায়ু সঞ্চালন আহিলাৰ লগত সংযােগ কৰা । কেইবাঘণ্টাৰ বাবে বায়ুৰ সঞ্চালন হ’বৰ বাবে সঞ্চালন আহিলাটো গােটেই নিশাটোৰ বাবে সংযােগ কৰি ৰাখিব পাৰা । যদি তােমালােকৰ বায়ু সঞ্চালন আহিলাৰ অভাৱ তেন্তে যান্ত্রিক ঘূটনী বা মিক্সাৰ ব্যৱহাৰ কৰিবা । তােমালােকে নিজেও কেইবাবাৰাে ইয়াক ঘুটি ল’ব পাৰা ।

পিছদিনা যেতিয়া বায়ু সঞ্চালন সম্পূর্ণ হ’ল তেতিয়া তাৰ পৰা আন এটা নমুনা দ্বিতীয়টো পৰীক্ষানলীত ঢালি লােৱা । এই পৰীক্ষা নলীটোক ‘ বায়ু সঞ্চালনৰ পিছত ; নমুনা ২'বুলি চিহ্নিত কৰা ।

 এটা শংকু আকাৰ প্ৰস্তুত কৰিবৰ বাবে এডােখৰ ফিল্টাৰ পেপাৰ ভাঁজ কৰা । পানীৰে ফিল্টাৰ পেপাৰখনৰ শংকুটো তিয়াই লৈ তাক চুপি এটাত লগাই লােৱা । চুপিটো কিবা উপায়ে থিয়কৈ ৰাখা ( ষষ্ঠ শ্রেণীত শিকি অহাৰ দৰে ) । 

চুপিটোত বালিৰ এটা তৰপ , মিহি সৰু শিলগুটি আৰু মজলীয়া আকাৰৰ শিলগুটি কিছুমান ৰাখা ( চিত্র ১৮.২ ) । ( প্রকৃত পৰিশােধন প্রকল্প কোনাে । ফিল্টাৰ পেপাৰ ব্যৱহাৰ কৰা নহয় , কিন্তু বালি ফিল্টাৰ বহুত ডাঠকৈ বালি থাকে । ) 

বাকীথকা বায়ু সঞ্চালিত জুলীয়া পদার্থখিনি ফিল্টাৰৰ মাজেৰে বিকাৰত পৰিবলৈ দিয়া । ফিল্টাৰটো জুলীয়া পদাৰ্থৰে উপচি পৰিবলৈ নিদিবা । যদিহে ফিল্টাৰ কৰা জুলীয়া পদার্থখিনি পৰিষ্কাৰ নহয় তেন্তে পৰিষ্কাৰ পানী নােপােৱা পর্যন্ত । কেইবাবাৰাে ফিল্টাৰ কৰা ।

পৰিস্তুত পানীখিনি তৃতীয় পৰীক্ষা নলত লৈ “ পৰিস্তুত ; নমুনা -৩ ” বুলি চিহ্নিত কৰা । 

এটা চতুর্থ পৰীক্ষানলত পৰিত পানীখিনিৰ অন্য এটা নমুনা লােৱা । ইয়াত ক্ল’ৰিন টেবলেটৰ এটা সৰু টুকুৰা পেলাই দিয়া । পানীখিনি চাফা নােহােৱালৈকে ভালদৰে মিহলােৱা । পৰীক্ষানলটো “ ক্লনিযুক্ত ; নমুনা -৪ ” বুলি চিহ্নিত কৰা । 

আটাইকেইটা পৰীক্ষা নলী সাৱধানেৰে লক্ষ্য কৰা ।

( ক ) বায়ুৰ সঞ্চালন হােৱাৰ পিছত জুলীয়া পদার্থটোৰ দেখাত কি পৰিৱৰ্তন তােমালােকে লক্ষ্য কৰিলা ?
( খ ) বায়ুৰ সঞ্চালনে জুলীয়া পদার্থটোৰ গােন্ধৰ পৰিৱর্তন কৰিলে নেকি ?
( গ ) বালিৰ ফিল্টাৰে কি আঁতৰাইছিল ? 
( ঘ ) ক্ল'ৰিনে জুলীয়া পদার্থটোৰ ৰং পৰিৱৰ্তন কৰিলেনে ? 
( ঙ ) ক্ল’ৰিনৰ কিবা বেয়া গােন্ধ আছেনে ? এইটো গােন্ধ বাৰু মলিয়ন পানীৰ গােন্ধতকৈ বেছি বেয়া নে ?

১৮.৬ গৃহ পৰিচালনাৰ সু - অভ্যাসঃ
 আৱৰ্জনা আৰু প্ৰদূষকবােৰক হ্রাস কৰা বানাইকিয়া কৰাৰ বাবে উপায় উলিয়াবলৈ তােমালােকে নর্দমালৈ কি পেলােৱা তা ক লক্ষ্য কৰা।
নর্দমালৈ ৰন্ধন তেল আৰু চর্বীজাতীয় বস্তু দলিয়াই দিয়াটো উচিত নহয় । সেইবােৰ টানহৈ নলাবােৰ বন্ধ কৰি দিব পাৰে । মুকলি নর্দমা এটাত চর্বীজাতীয় বস্তুৱে মাটিৰ ছিদ্ৰবােৰ বন্ধ কৰি মাটিখিনিৰ পানী পৰিস্ৰাৱণ কৰা দক্ষতা হ্রাস কৰে । তেল আৰু চর্বীজাতীয় বস্তুবােৰ জাৱৰ পেলােৱা পাত্র ( ডাষ্টবিন ) ত পেলাবা ।
 ৰং , দ্ৰাৱক , কীটনাশক , মটৰ - গাড়ীৰ তেল , ঔষধৰ নিচিনা ৰাসায়নিক দ্রব্যবােৰে পানী বিশুদ্ধকৰণত সহায় কৰা অণুজীৱবােৰ ধ্বংস কৰে । সেইবাবে এইবােৰ নর্দমাত নেপেলাবা ।
ব্যৱহৃত চাহপাত, গোটা খাদ্যৰ অৱশিষ্ট, কোমল পুতলা, কপাহ আদিত জাবৰ পেলোৱা পাত্ৰত পেলোৱা উচিত (চিত্ৰ ১৮.৭)। সেই আৱৰ্জনাবোৰে নর্দৰ্মৰ পথ ৰুদ্ধ কৰে । সেইবােৰে অক্সিজেনৰ মুক্ত প্ৰৱাহ হ’বলৈ নিদিয়ে । এইটোৱে জৈৱ আবর্জনাবােৰ গেলি - পচি যােৱাত বাধাৰ সৃষ্টি কৰে । 
    
পানীত পােনপটীয়াকৈ মল ত্যাগ কৰে । স্বাস্থ্যৰ বাবে অপকাৰী । ই পানী আৰু মাটিৰ প্ৰদূষণ ঘটাব পাৰে । ভূ পৃষ্ঠৰ পানী আৰু ভূ - গর্ভস্থ পানী দুয়ােবিধে প্ৰদূষিত হয় । অধ্যায় ১৬ ত তােমালােকে শিকি আহিছা যে কুৱা , দমকল , নিজৰা আৰু বহুতাে নদীৰ উৎস ভূগর্ভস্থ পানী । এইদৰে পানীজনিত ৰােগসমূহৰ বাবে পানী এক বাহক হিচাপে কাম কৰে । পানীজনিত এই ৰােগসমূহৰ ভিতৰত কলে , টাইফয়েড , পলিঅ ’ , মেনিনজাইটিছ , হেপাটাইটিছ আৰু গ্ৰহণী অন্যতম ।



Type : Ankur Raj Deka 

class 7  Science SCERT Book