অম্বিকাগিৰী ৰায় চৌধুৰী

     অম্বিকাগিৰী ৰায় চৌধুৰীৰ ১৮৮৫ চনত বৰপেটাত জন্ম হয় বৰপেটাত শিক্ষা আৰম্ভ কৰি গুৱাহাটীৰ সোণাৰাম হাইস্কুলত থাৰ্ড ক্লাছ পৰ্যন্ত পঢ়ে। তেওঁৰ গোটেই জীৱনটো ঘটনাবহুল। দেশৰ স্বাধীনতা উদ্ধাৰ আৰু সমৃদ্ধিৰ কাৰণে তেওঁ সন্ত্ৰাসবাদী দল, অসহযোগ আন্দোলন, অসম সংৰক্ষিণী আন্দোলন আদিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এইবোৰ কাৰণত তেওঁ কেইবাবাৰো কাৰাবৰণ কৰিব লগা হৈছিল। ১৯২১ চনত ৰায়চৌধুৰীদেৱক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল। জেলৰ পায়খানা সাৰি চাফাই কৰা কাম তেওঁক দিয়া হৈছিল। এই কাম কৰোঁতা তেওঁ বাঢ়নী চলোৱাৰ লগে লগেএই ধৰ ঝাডু ধৰ ভাই কবিতাটি ৰচনা কৰি গাই গৈছিল। নানা ঘাত-প্ৰতিঘাতৰ মাজটো তেওঁ সাহিত্য চৰ্চা কৰিবলৈ এৰা নাছিল।

     ১৯৫০ চনৰ অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ তেওঁ সভাপতি আছিল। ১৯৬৭ চনত গুৱাহাটীত এই জনা বিপ্লৱী কবিৰ মৃত্যু হয়।


Type Himanku Bora