১৬.৩ পানীৰ গুৰুত্বপূর্ণ উৎস হিচাপে ভূ - গর্ভৰ পানীঃ 

    পানীৰ উৎসৰ ওচৰত এটা গাঁত খান্দিলে আমি দেখিবলৈ পাম যে মাটিখিনি সেমেকা ( জেকা ) । মাটিখিনি সেমেকা হােৱাটোৱেই প্রতিপন্ন কৰে যে মাটিৰ তলত পানী থাকে । আমি যদি গভীৰৰপৰা গভীৰতৰলৈ খান্দি গৈ থাকোঁ তেন্তে এনেকুৱা এটা স্তৰ পামগৈ য'ত মাটিৰ কণিকাৰ মাজৰ ফাক আৰু শিলৰ মাজত থকা ঠাইখিনি পানীৰে পৰিপূৰ্ণ হৈ থাকে ( চিত্র ১৬.৭ ) । এই স্তৰৰ ওপৰৰ সীমাক ভূগৰ্ভৰ জলপৃষ্ঠ ( Water table ) বােলে । পানীৰ স্তৰ ঠায়ে ঠায়ে বেলেগ বেলেগ হয় আৰু কেতিয়াবা একে ঠাইত ই বেলেগ বেলেগ হ'ব পাৰে । পানীৰ ভু - গর্ভৰ জলপৃষ্ঠ ভূমিৰপৰা এক মিটাৰতকৈ কম গভীৰতা বা কেইবা মিটাৰ গভীৰতাত থাকিব পাৰে । ভূ - গর্ভৰ জলপৃষ্ঠৰ তলত থকা পানীখিনিকে ভূগৰ্ভৰ পানী বা ভূজল বােলে । এই ভূ - গর্ভৰ পানীৰ উৎস কত ?

     বৰষুণৰ পানী আৰু অইন উৎসৰ যেনে— নদী আৰু পুখুৰীৰ পানী নিগৰি মাটিৰ তললৈ সােমাই যায় আৰু তলৰ গভীৰতাত থকা খালী ঠাই আৰু ফাকসমূহ পূৰায় । মাটিৰ ভিতৰলৈ পানী নিগৰি সােমাই যােৱা প্রক্রিয়াটো আন্তঃপৰিস্ৰাৱণ ( infiltration ) বােলে । এই প্রক্রিয়াৰ দ্বাৰা ভূ - গর্ভৰ পানী পুনৰ পৰিপূৰ্ণ হৈ পৰে । এনে কিছু ঠাই আছে যত ভূ - গভৰ জলপৃষ্ঠৰ তলত কঠিন শিলাস্তৰৰ মাজত পানী সঞ্চিত হৈ থাকে । ইয়াকে জলপৃক্ত ( aquifer ) বােলে । জলপৃক্তত জমা থকা পানী সাধাৰণতে দমকল বা হস্তচালিত পাম্পৰ সহায়ত উলিয়াই অনা হয় । 

    তুমি কেতিয়াবা নির্মাণ কার্য চলি থকা ঠাইলৈ গৈছানে ? এই কৰ্মীসকলে নির্মাণ কার্য চলাবৰ কাৰণে . প্রয়ােজনীয় পানী ক’ৰ পৰা পায় ? তােমালােকে হয়তাে দেখিছা সেই ঠাইসমূহত ভূ - গর্ভৰ জলপৃষ্ঠ পাবলৈ মাটিত ঘূৰণীয়া বিন্ধা ( boring ) কৰিবলগীয়া হয় । ইয়াতে কাম কৰা মানুহৰ পৰা জানি লােৱা তেওঁলােকে পানী পাবৰ কাৰণে কিমান তললৈকে খান্দিব লগা হৈছে ।

    আমি অনবৰতে মাটিৰ তলৰপৰা পানী উলিয়াই থাকিব পাৰেনে ? ইয়ে ভূ - গর্ভৰ জলপৃষ্ঠৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে ? 


Type : Ankur Raj Deka 

class 7  Science SCERT Book