১৮.২ পূতিজল বা নলাৰে প্ৰৱাহিত মলিয়ন বর্জিত পানী কি ?
পূতিজল হ’ল ঘৰ , উদ্যোগ , চিকিৎসালয় , কার্যালয় বা আন উৎসৰপৰা ওলাই অহা বর্জিত পানী । ধুমুহা বা ধাৰাসাৰ বৰষুণৰ সময়ত ৰাস্তাৰে বৈ অহা বৰষুণৰ পানীও এই পানীৰ অন্তর্ভুক্ত হ'ব পাৰে । ৰাস্তা আৰু ঘৰৰ মূধচৰ পৰা বাগৰি অহা বৰষুণৰ পানীয়ে ইয়াৰ লগত বহু অপকাৰী পদার্থও কঢ়িয়াই আনে। পূতিজল (sewage) হৈছে এক জুলীয়া আৱৰ্জনা।ইয়াৰ অধিকাংশই হৈছেপানীয’ত অশুদ্ধি দ্রব্য কিছুমান ওপঙি বা দ্ৰৱীভূত হৈ থাকে। এই অশুদ্ধিবােৰকেইদূষিতকাৰক (contaminants) বােলা হয়।
ক্রিয়াকলাপ ১৮.২
তােমালােকৰ ঘৰৰ , বিদ্যালয়ৰ বা ৰাস্তাৰ কাষৰ এটা ঢাকনি নথকা নর্দমা বাছি লােৱা আৰু ইয়াৰ মাজেৰে প্রৱাহিত হােৱা পানীখিনি নিৰীক্ষণ কৰা ।
ইয়াৰ বৰণ , গােন্ধ আৰু আন পর্যবেক্ষণসমূহ লিপিবদ্ধ কৰা । তােমালোকৰ বন্ধু আৰু শিক্ষকৰ লগত আলােচনা কৰা আৰু তলৰ তালিকা ১৮.১ খন পূৰ কৰা ।
আমি জাননা যে পূতিজল এবিধ জটিল মিশ্র যত গােটা , জৈৱ আৰু অজৈৱ অশুদ্ধি , পােষক দ্রব্যৰ লগতে পৰজীৱী আৰু ৰােগ বহনকাৰী বেক্টেৰিয়া আৰু অন্যান্য অণুজীৱ আদিও থাকে ।
জৈৱ অশুদ্ধিবােৰ হৈছে — মানুহৰ মল - মূত্র , প্রাণীৰ
Type : Ankur Raj Deka
class 7 Science SCERT Book