১৬.২ পানীৰ ৰূপসমূহঃ

    পানী একেৰাহে ব্যৱহাৰ কৰি থাকিলে ব্যৱহাৰৰ উপযােগী পানীৰ পৰিমাণ কেতিয়াবা নাইকিয়া হৈ যাব বুলি তােমালােকৰ ভয় নালাগেনে ? বিভিন্ন প্রক্রিয়াৰে গঠিত জলচক্ৰৰ দ্বাৰা পৃথিৱীৰ জলভাগ লক্ষ লক্ষ বছৰ ধৰি অক্ষত অৱস্থাত আছে । তােমালােকে ষষ্ঠ শ্রেণীত জলচক্ৰৰ বিষয়ে পঢ়িছা । জলচক্ৰৰ বিষয়ে তােমালােকে কি জানা নিজৰ ভাষাত লিখা ।

তােমালােকে জানা যে পানী যেতিয়া জলচক্ৰৰে প্রবাহিত হয় ইয়াক যিকোনাে সময়তে পৃথিৱীৰ কোনােবা নহয় কোনােবা ঠাইত তিনিওটা ৰূপ যেনে গােটা , জুলীয়া আৰু গেছীয় অৱস্থাত পােৱা যায় ।। তুষাৰ আৰু বৰফৰ টুকুৰা হিচাপে গােটা অৱস্থাত পানী পৃথিৱীৰ মেৰু অঞ্চলত , ওখ পর্বতৰ শিখৰত আৰু হিমবাহত পােৱা যায় । জুলীয়া পানী সাগৰ , মহাসাগৰ , নদী , হ্রদ আৰু ভূগৰ্ভত পােৱা যায় । আমাৰ চৌপাশৰ বায়ুমণ্ডলত থকা জলীয় বাষ্প হ’ল পানীৰ গেছীয় অৱস্থা । পানীৰ এই তিনিটা ৰূপ একেৰাহে চক্রাকাৰে চলি থাকে কাৰণেই গােটেই বিশ্বই ব্যৱহাৰ কৰি থকাৰ পাছতাে পৃথিৱীত পানীৰ পৰিমাণ একে থাকে । এই কথাখিনিয়ে তােমালােকক কিছু সকাহ দিছেনে বাৰু ?

জলচক্ৰত থকা প্রক্রিয়াসমূহ মনত পৰিছেনে ? তলৰ ক্রিয়াকলাপে তােমালােকক সহায় কৰিব ।

ক্রিয়াকলাপ ১৬.৩

চিত্র ১৬.৫ য়ে জলচক্ৰত জড়িত প্রক্রিয়াসমূহ দেখুৱাইছে । এইবােৰক সংখ্যাৰে চিহ্নিত কৰা হৈছে । এই সংখ্যাবােৰ খেলিমেলিকৈ লিখা জলচক্র প্রক্রিয়াসমূহৰ লগত সংগতি ৰাখি সজোৱা ।

প্রায়বিলাক নগৰ - মহানগৰৰ পানী যােগান ব্যৱস্থাসমূহ নগৰ পালিকাই চলায় । চহৰৰ ওচৰত থকা হ্রদ , নদী , পুখুৰী বা কুঁৱাৰ পৰা পানী উঠোৱা হয় । এই পানী পাইপৰ যােগেদি যােগান ধৰা হয় । বহুতাে গাঁৱত এনে ধৰণৰ পানী যােগান ব্যৱস্থা নাই । সেইবােৰ ঠাইৰ মানুহে পানী পােনে পােনে উৎসসমূহৰ পৰা সংগ্রহ কৰে ।

বহুসংখ্যক মানুহে তেওঁলােকৰ পানী কুঁৱা , দমকল বা হস্তচালিত পাম্পৰপৰা উলিয়াই লয় । এই উৎসসমূহে ক’ৰ পৰা পানী পায় বাৰু?




Type : Ankur Raj Deka

class 7 Science SCERT Book