১৬.৮ পানীৰ নাটনিৰ ফলত উদ্ভিদৰ ওপৰত পৰা প্ৰভাৱঃ

    তুমি  টাবত ৰােৱা গছৰ পুলি শুকাই যােৱা নিশ্চয় দেখিছা । কেইবাদিনাে ধৰি পানী নিদিলে পুলিটো লেৰেলি । যায় আৰু অৱশেষত মৰি থাকে । তুমি প্রথম অধ্যায়ত শিকিছু যে উদ্ভিদক মাটিৰ পৰা পােষক দ্রব্য গ্রহণ কৰি খাদ্য প্রস্তুত কৰিবলৈ পানীৰ দৰকাৰ । কল্পনা কৰাচোন । উদ্ভিদে পানী নাপালে তাৰ পৰিণতি কি হ'ব ? উদ্ভিদে সেউজীয়া ৰং হেৰুৱাব । পৃথিৱীত উদ্ভিদ নাথাকিলে খাদ্য নাথাকিব , অক্সিজেন নাথাকিব , বৰষুণৰ পৰিমাণ কমিব আৰু অসংখ্য সমস্যাই দেখা দিব । ফলত পৃথিৱীত জীৱ জীয়াই থকা সম্ভৱ নহব ।


Type : Ankur Raj Deka 

class 7  Science SCERT Book