১৮.১ পানী আমাৰ জীৱন ৰক্ষকঃ
    বিশুদ্ধ পানী মানৱ জীৱনৰ এক মৌলিক প্ৰয়োজন। পৰিষ্কাৰ পানীৰ ব্যৱহাৰৰ বিষয়ে আমি মনতে চিন্তা কৰি চাওঁ আহা।ক্ৰিয়াকলাপ ১৮.১
    (আমি ইয়াত পৰিষ্কাৰ পানীৰ ব্যৱহাৰ এটা উদাহৰস্বৰুপে দিছোঁ । তোমালোকে আন ব্যৱহাৰবোৰ উল্লেখ কৰা।)
    দুর্ভাগ্যবশতঃ ব্যৱহাৰ উপযােগী বিশুদ্ধ পানী সকলােৰে বাবে পর্যাপ্ত নহয় । জনা গৈছে যে এক বিলিয়নতকৈও অধিক সংখ্যক মানুহেই বীজাণুমুক্ত বিশুদ্ধ খােৱা পানীয়েই প্রাণ পানীৰপৰা বঞ্ছিত হৈ আছে । ইয়াৰ ফলত মানুহৰ নানা বেমাৰৰ সৃষ্টি হৈছে । তােমাললাকে অধ্যায় -১৬ ত মহিলা আৰু ছােৱালীবােৰে বহু কিলােমিটাৰ দূৰৈৰপৰা বিশুদ্ধ পানী কঢ়িওৱাৰ বিষয়ে জানি আহিছা ? মানুহৰ বাবে ই মর্যাদা হানিকাৰক নহয় নে ? 
    জনসংখ্যা বৃদ্ধি , প্রদূষণ , ঔদ্যোগিক বিকাশ , ত্রুটিপূর্ণ ব্যৱস্থাপনাকে আদি কৰি বহু কাৰকৰ বাবে বিশুদ্ধ পানীৰ ক্রমাগত অভাৱ হােৱাৰ বিষয়ে তােমালােকে ইতিমধ্যে অধ্যায় -১৬ ত পঢ়ি আহিছা । পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি ২২ মার্চ , ২০০৫ ৰ বিশ্ব জল - দিৱসৰ দিনাখন ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০০৫-২০১৫ সময়খিনিক “ পানীয়েই প্রাণ ” ( water for life ) ধাৰণাক মূলমন্ত্র হিচাপে লৈ কাম কৰি যাবলৈ আন্তঃৰাষ্ট্ৰীয় দশক হিচাপে ঘােষণা কৰিছে । বিশুদ্ধ পানীৰপৰা বঞ্ছিত হৈ থকা অতি কমেও আধা সংখ্যক মানুহৰ বাবে বিশুদ্ধ খােৱাপানীৰ ব্যৱস্থা কৰাৰ লক্ষ্য স্থিৰ কৰি প্রচেষ্টা হাতত লােৱা হৈছে । 
    ব্যৱহাৰ কৰা বা জলাশয়ত জমা হােৱাৰ আগতেই পানীখিনিক পুনৰাই ব্যৱহাৰ কৰাৰ বাবে প্ৰদূষকমুক্ত কৰা প্রক্রিয়াটোৱেই হৈছে পানীৰ পৰিষ্কাৰকৰণ ( cleaning of water ) কৰা । এইদৰে বৰ্জিত পানীক উপচাৰ কৰা প্রক্রিয়াটোকে পূতিজল উপচাৰ ( sewage treatment ) বােলা হয় । ই কেইবাটাও স্তৰত সম্পন্ন হয় ।



Type : Ankur Raj Deka 

class 7  Science SCERT Book