নীলমণি ফুকন জন্ম 1880-1977চন)

নীলমণি ফুকন চমু পৰিচয়ঃ- 

    নীলমণি ফুকনৰ জন্ম হৈছিল ১৮৮০ চনত আৰু মৃত্যু হৈছিল ১৯৭৭ চন) নীলমণি ফুকনৰ পিতৃ লম্বোদৰ ফুকন। কবিগৰাকীয়ে ডিব্ৰুগড়ৰ পৰা এন্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হৈ পাছত ক্ৰমে কটন কলেজ আৰু কোচবেহাৰ কলেজত অধ্যয়ন কৰি স্নাতক ডিগ্ৰী লয়। তেখেতে ডিব্ৰুগড়ৰ জৰ্জ স্কুলত শিক্ষকতাৰে চাকৰি জীৱন পাতনি মেলে। নীলমনি ফুকনে আলোচনী সাদিনীয়া বাতৰি (পাছত দৈনিক বাতৰি) ন-জোন (শিশু আলোচনী) আদি সম্পাদনা কৰে। 

নীলমণি ফুকন অসমীয়া ভাষাৰ এজন কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক তেওঁ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। তেখেতৰ উল্লেখযোগ্য কৰ্ম হ'ল 'সূৰ্য হেনো নামি আহে এই নদীয়েদি', 'কবিতা', আৰু 'গোলাপী জামুৰ লগ্ন'।

    অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত নীলমণি ফুকন  হৈছে এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একাধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী। তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰ ছাকী সম্ভাষণ দিয়া হৈছিল। তেওঁৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাবৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্য অনুভূতিৰ প্ৰকাশো দেখা পোৱা যায়। তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল ছনেট গঢ়ী।

    ভাটি বয়সত সাহিত্য সৃষ্টি আৰম্ভ কৰা নীলমণি ফুকনে জ্যোতিকণা, মানসী গুটিমালি জিঞ্জিৰি সন্ধানী অমিত্ৰা আহুতি শতধাৰা মৰা ডালৰ কুহিঁপাত আৰু মানস-প্ৰতিমা কবিতা পুথিৰ উপৰি চিন্তামণি আৰু সাহিত্য-কলা নামৰ উৎকৃষ্ট প্ৰবন্ধ পুথিও ৰচনা কৰে।






Post ID : DABP005213