হেমচন্দ্ৰ গোস্বামী

হেমচন্দ্ৰ গোস্বামী ১৮৭২ চনত গোলাঘাটৰ ওচৰৰ ঢেকিয়ালত জন্ম। পিতৃ ডম্বৰুধৰ গোস্বামী। নগাঁৱত স্কুলীয়া শিক্ষা লৈ কলিকতাৰ প্ৰচিডেন্সি কলেজত বি. এ. পৰ্যন্ত পঢ়ে। অসমত চৰকাৰী চাকৰি কৰি ই. এ. চি. ৰূপে অৱসৰ লয় ১৯২৫ চনত। অ. ভা. সা. সভাৰ লগত জড়িত হৈ থকা কালতে জোনাকীৰ সম্পাদক হৈছিল। এওঁৰ প্ৰিৰ্য়তমাৰ চিঠিপ্ৰথম অসমীয়া ছনেট। কবিতা-সংকলন ফুলৰ চাকি। কথা-গীতাপুৰণি অসমৰ বুৰঞ্জীঅসমীয়া সাহিত্যৰ চানেকিকামৰত্নতন্ত্ৰ আদি তেখেতৰ সম্পাদিত গ্ৰন্থ। অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনৰ (১৯২০) সভাপতি। এওঁৰ বিশেষ সত্নত হেমকোষ অসমীয়া অভিধান ছপা হয়।

অসমীয়া সাহিত্যত প্ৰত্নতাত্ত্বিক গৱেষণা আৰু প্ৰাচীন পুথি সম্পাদনাৰ অন্যতম পথ-প্ৰদৰ্শক ৰূপে সুপৰিচিত। ১৯২৮ চনত মৃত্যু হয়।

Type- Himanku Bora