গুৰুপ্ৰসাদ দাস


গুৰুপ্ৰসাদ দাস জন্ম 1904-1982)

গুৰুপ্ৰসাদ দাসৰ চমু পৰিচয়ঃ-
গুৰুপ্ৰসাদ দাসৰ জন্ম হৈছিল ১৯০৪ চনত আৰু মৃত্যু হৈছিল ১৯৮২ চন তেখেতৰ জন্ম স্থান আছিল বিলৰতাৰি হাটী, বৰপেটা। তেখেতৰ পিতৃ নাম আছিল ৰামপ্ৰসাদ দাস আৰু মাতৃ নাম আছিল পদ্মাৱতী দাস। 

তেখেতৰ কৰ্ম জীৱনঃ- 
১৯৩১ চনত লণ্ডনৰ পৰা উভতি আহি ভাৰতীয় ৰেল বিভাগৰ উচ্চস্তৰৰ পদত নিযুক্ত হয়। পাছলৈ ৰেলৰ চাকৰি এৰি দি বাৰ্মা অয়ল কোম্পানীৰ চাকৰিত যোগদান কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গুৰুপ্ৰসাদ দাস কানপুৰৰ প্ৰতিৰক্ষা বিভাগৰ উচ্চ পদত নিযুক্ত হয় আৰু ষাঠিৰ দশকৰ শেষৰ ফালে কৰ্ণেল পদত অধিষ্ঠিত হৈ অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণৰ পাছতো তেখেত কলকাতা কেইবাটাও কোম্পানীৰ সঞ্চালক হোৱাৰ উপৰি এ. এচ্. ডি. ছি আৰু অসম পেট্ৰকেমিকেলছৰ লগত জড়িত হয়। বৰপেটা চহৰৰ বিলৰতাৰি হাটীৰ কাষেৰে বৈ যোৱা মৰা নদীৰ পানীত ডুব দি মাছ ধৰাৰে পৰা কলকাতা মটৰ গেৰেজত কৰা যোগালিৰ অভিজ্ঞতাক সাৰথি কৰি তেখেত লণ্ডন পাইছিলগৈ। পাছত এই বিজ্ঞানীজনে  কলকাতা নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। 

গুৰুপ্ৰসাদ দাসৰ আন আন উদ্ভাৱনসমূহৰঃ-
ক) কাট্ অৱ কন্ট্ৰল গেজ।
খ) বয়লাৰ আৰু চেফটি বাল্ভ।
গ) ভেকুৱাম ব্ৰেক-
বায়ুশূন্য কৰা এবিধ গতিৰোধক সঁজুলি, যাৰ সহায়ত প্ৰয়োজনবোধ ৰেল- গাড়ীৰ দবাবিলাকত থকা শিকলি টানি গাড়ীখন  ৰখাব পাৰি। 

গুৰুপ্ৰসাদ দাসে লাভ কৰা পদমৰ্যাদা আৰু উপাধি-
* লণ্ডনৰ ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ এছছিয়েটেড মেম্বাৰ অৱ ইনষ্টিটিউট্ অৱ মেকানিকেল ইঞ্জিনিয়াৰ্ছ (AMIME) সন্মান লাভ কৰে। 
* সামৰিক বিভাগত কাম কৰি থকা সময়ত ই. এম. ই (EME),এ.এম. আই(AMI), এম.ই. চি এইচ. ই (MECHE) উপাধি লাভ কৰে। 
* ভাৰতীয় সেনাবাহিনীৰ কাৰিকৰী সেৱাৰ বাবে কৰ্ণেল পদবী লাভ।
* ইংৰাজ চৰকাৰৰ দ্বাৰা ভাৰতীয় ৰেল সেৱা (IRS) ৰ পদমৰ্যাদা প্ৰাপ্তি।

ছিমলেছ কইল ব্ৰেকঃ-
লণ্ডনত থাকোঁতেই তেখেতে উদ্ভাৱন যন্ত্ৰকেইটা উপৰি ৰেল- গাড়ীৰ ভেকুৱাম ব্ৰেকৰ কিছু সাল- সলনি কৰি ছিমলেছ কইল ব্ৰেক (Seamless Coil Brake)উদ্ভাৱন কৰে। 


Sumit Patar (Morigaon Assam)









Post ID : DABP005210