গুৰুপ্ৰসাদ দাসৰ সকলো প্ৰশ্ন উত্তৰ

1) গুৰুপ্ৰসাদ দাস কোন?

উত্তৰঃ- গুৰুপ্ৰসাদ দাস এগৰাকী অসমৰ বিজ্ঞানী।

2) গুৰুপ্ৰসাদ দাসৰ পিতৃ নাম কি আছিল?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসৰ পিতৃ নাম আছিল ৰামপ্ৰসাদ দাস। 

3) গুৰুপ্ৰসাদ দাসৰ মাতৃ নাম কি আছিল?

উত্তৰঃ-গুৰুপ্ৰসাদ দাসৰ মাতৃ নাম আছিল পদ্মাৱতী দাস।

4) গুৰুপ্ৰসাদ দাস কিমান চনত জন্ম হৈছিল?

উত্তৰঃ- গুৰুপ্ৰসাদ দাস জন্ম হৈছিল ১৯০৪ চনত।

5) গুৰুপ্ৰসাদ দাস মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ-  গুৰুপ্ৰসাদ দাস মৃত্যু হৈছিল ১৯৮২ চনত। 

6) গুৰুপ্ৰসাদ দাস কোনখন ঠাইত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসৰ জন্ম হোৱা ঠাইখনৰ নাম আছিল বৰপেটা জিলা বিলৰতাৰি হাটীত।

7) ১৯৩১ চনত লণ্ডনৰ পৰা উভতি আহি কি পদত নিযুক্ত হয়?

উত্তৰঃ-১৯৩১ চনত লণ্ডনৰ পৰা উভতি আহি ৰেল বিভাগৰ উচ্চস্তৰৰ পদত নিযুক্ত হয়।

8) গুৰুপ্ৰসাদ দাসৰ আন আন উদ্ভাৱনসমূহৰ নাম কি কি?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসৰ আন আন উদ্ভাৱনসমূহৰ নাম হল- কাৰ্ট্ অৱ কন্ট্ৰল গেজ, বয়লাৰ আৰু চেফটি বাল্ভ আৰু ভেকুৱাম ব্ৰেক।

9) গুৰুপ্ৰসাদ দাসৰ পিতৃ কি আছিল?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসৰ পিতৃ আছিল অঞ্চলটো ভিতৰতে এজন নাম থকা উকীল। 

10) গুৰুপ্ৰসাদ দাসে আৰ্হি নিৰ্মাণ কৰা ব্ৰেকটো নাম কি আছিল?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসে আৰ্হি নিৰ্মাণ কৰা ব্ৰেকটো নাম আছিল জি.পি ব্ৰেক বুলি জনা যায়। 

11) গুৰুপ্ৰসাদ দাসক কি উপাধিৰে সন্মানিত কৰা হয়?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসক Associated Member Of Institute Of Mechanical Engineers উপাধিৰে সন্মানিত কৰা হয়। 

12) গুৰুপ্ৰসাদ দাসক সামৰিক বিভাগৰ পৰা কি উপাধি প্ৰদান কৰে?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসক সামৰিক বিভাগৰ পৰা কৰ্ণেল উপাধি প্ৰদান কৰা হয়। 

13) গুৰুপ্ৰসাদ দাসৰ পুত্ৰ কেইটা নাম কি আছিল?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসৰ পুত্ৰ কেইটা নাম আছিল বাসুদেৱ আৰু ৰণদেৱ।

14) কুৰি শতিকাত প্ৰথম ভাগত জন্ম লাভ কৰা বিজ্ঞানী জনৰ নাম কি আছিল?

উত্তৰঃ- কুৰি শতিকাত প্ৰথম ভাগত জন্ম লাভ কৰা বিজ্ঞানী জনৰ নাম আছিল গুৰুপ্ৰসাদ দাস।

15) গুৰুপ্ৰসাদ দাসৰ প্ৰাথমিক বিদ্যালয়ত ভালদৰে পাচ কৰা পিছত তেখেতক কত নাম লগাই দিয়া হল?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসৰ প্ৰাথমিক বিদ্যালয়ত ভালদৰে পাচ কৰা পিছত তেখেতক বৰপেটা উচ্চ মাধ্যমিক বিদ্যালয়ত নাম লগাই দিয়া হয়। 

16) ভূগোল শিক্ষক ভোগৰাম নাথে গুৰুপ্ৰসাদ দাসক কি নাম দিছিল?

উত্তৰঃ- ভূগোল শিক্ষক ভোগৰাম নাথে গুৰুপ্ৰসাদ দাসক গৰু বুলি মাতিছিল আৰু সেই দিনাৰে পৰা তেওঁ সেই নামেৰে জনাজাত হল।

17)  গুৰুপ্ৰসাদ দাসে অষ্টম শ্ৰেণীলৈ পঢ়া শুনা এৰি কিহত যোগ দিছিল?

উত্তৰঃ- গুৰুপ্ৰসাদ দাস অষ্টম শ্ৰেণীলৈ পঢ়া শুনা এৰি আন্দোলনত যোগ দিছিল আৰু ঘৰৰ পৰা ওলাই গৈ কলিকতা পায় গৈ। 

18) গুৰুপ্ৰসাদ দাস কম দিনৰ ভিতৰতে কি জ্ঞান আয়ত্ত কৰে?

উত্তৰঃ- গুৰুপ্ৰসাদ দাস কম দিনৰ ভিতৰতে তেওঁ মটৰ- গাড়ীৰ যথেষ্ট কাৰিকৰী জ্ঞান আয়ত্ত কৰে। 

19) গুৰুপ্ৰসাদ দাসক কৰ্মনিষ্ঠা আৰু কৰ্মদক্ষতা দেখি তেওঁলোকৰ ইংৰাজ চাহাব জনে  কি চাকৰিত মকৰল কৰে?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসক কৰ্মনিষ্ঠা আৰু কৰ্মদক্ষতা দেখি তেওঁলোকৰ ইংৰাজ চাহাব জনে বাৰ্ণ এন্দ কোম্পানীত চাকৰিত এটাত মকৰল কৰে।

 20) গুৰুপ্ৰসাদ দাসক ইংৰাজ চাহাবজনে কলৈ পঠিয়াই দিয়ে?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসক ইংৰাজ চাহাবজনে ইংলেণ্ডলৈ পঠিয়াই দিলে।  

21) গুৰুপ্ৰসাদ দাস ১৯৩১ চনত তেওঁ ভাৰতলৈ উভতি আহি পূব ভাৰতৰ ৰেলসেৱা বিভাগত কি চাকৰীত যোগ দিয়ে?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসে ১৯৩১ চনত তেওঁ ভাৰতলৈ উভতি আহি পূব ভাৰতৰ ৰেলসেৱা বিভাগত উচ্চপদবীৰ চাকৰীত যোগ দিয়ে। 

22) গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটো নাম কি?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটো নাম আছিল ভেকুৱাম ব্ৰেক।

23) গুৰুপ্ৰসাদ দাসক ইংৰাজ চৰকাৰে কি পৰীক্ষা দিয়াৰ সুবিধা প্ৰদান কৰে?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসক ইংৰাজ চৰকাৰে ইঞ্জিনীয়াৰিঙ স্নাতক পৰীক্ষা দিয়াৰ সুবিধা প্ৰদান কৰে। 

24) গুৰুপ্ৰসাদ দাসে পৰবৰ্তী সময়ত জাৰ্মানীলৈ গৈ বাস্প ইঞ্জিনৰ ওপৰত বিশদ ভাবে অধ্যয়ন কৰে আৰু এই সময়চোৱাত তেওঁ কি যন্ত্ৰ আৱিষ্কাৰ কৰে?

উত্তৰঃ- গুৰুপ্ৰসাদ দাস পৰবৰ্তী সময়ত জাৰ্মানীলৈ গৈ বাষ্প ইঞ্জিনৰ ওপৰত বিশদ ভাবে অধ্যয়ন কৰে আৰু এই সময়োছোৱাতেই তেওঁ হিট্ মিটাৰ (Heat Meter) নামৰ যন্ত্ৰটো আৱিষ্কাৰ কৰে। 

25) গুৰুপ্ৰসাদ দাসে ইংলেণ্ডলৈ ঘূৰি আহি এইবাৰ গুৰুপ্ৰসাদে ৰেলৱে চাৰ্ভিচ ইঞ্জিনীয়াৰ হিচাপে যোগদান কৰে আৰু ১৯৩০ চনত কি যন্ত্ৰৰ আৱিষ্কাৰ কৰে?

উত্তৰঃ-গুৰুপ্ৰসাদ দাসে ইংলেণ্ডলৈ ঘূৰি আহি এইবাৰ গুৰুপ্ৰসাদে ৰেলৱে চাৰ্ভিচ ইঞ্জিনীয়াৰ হিচাপে যোগদান কৰে আৰু ১৯৩০ চনত ৰেলগাড়ীৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰে। 

26) গুৰুপ্ৰসাদ দাসৰ পত্নী নাম কি?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসৰ পত্নী নাম আছিল চঞ্চলা দাস।

27) ৰেলগাড়ী ব্ৰেক উদ্ভাৱন কৰা অসমীয়া বিজ্ঞানীজন কোন আছিল?

উত্তৰঃ- ৰেলগাড়ী ব্ৰেক উদ্ভাৱন কৰা অসমীয়া বিজ্ঞানীজন নাম আছিল গুৰুপ্ৰসাদ দাস।

28) অভাৱেই আৱিষ্কাৰ মূল এই কথাষাৰ কোনে কৈছিল?

উত্তৰঃ-অভাৱেই আৱিষ্কাৰ মূল বুলি এই কথাষাৰ গুৰুপ্ৰসাদ দাসে কৈছিল।

29) গুৰুপ্ৰসাদ দাসে তিনিবছৰ মূৰত টেকনিকেল স্কুলৰ পৰা কাৰিকৰী কি শিক্ষাৰ গ্ৰহণ কৰে?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসে তিনিবছৰ মূৰত টেকনিকেল স্কুলৰ পৰা কাৰিকৰী ডিপ্লোমা শিক্ষা লাভ কৰে। 

30) গুৰুপ্ৰসাদ দাসে ইংলেণ্ডত তেওঁ বাস্প ইঞ্জিন সম্বন্ধে গ্ৰহণ কৰি সফলতাৰে ডিপ্লোমা লাভ কৰে আৰু তেওঁৰ পাৰদৰ্শিতাৰ বাবে তেওঁ বৃটিছ চৰকাৰে তেওঁ কি পৰিক্ষা দিয়াৰ সুবিধা প্ৰদান কৰা হয়?

উত্তৰঃ- গুৰুপ্ৰসাদ দাসে ইংলেণ্ডত তেওঁ বাস্প ইঞ্জিন সম্বন্ধে গ্ৰহণ কৰি সফলতাৰে ডিপ্লোমা লাভ কৰে আৰু তেওঁৰ পাৰদৰ্শিতাৰ বাবে তেওঁ বৃটিছ চৰকাৰে তেওঁক ইঞ্জিনীয়াৰিঙৰ স্নাতক পৰীক্ষা দিয়াৰ সুবিধা প্ৰদান কৰা হয়। 

Type Sumit Patar