মানৱ সম্পদ উন্নয়নৰ নিদেৰ্শকঃ

 এখন দেশৰ মানৱ সম্পদ কিমান উন্নত বা গুণগত তাক জানিবলৈ আমি সমাজ ব্যৱস্থাত কিছুমান বিশেষ দিশৰ ওপৰত আলােকপাত কৰিব লাগিব । যিবােৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পােৱা যায় সেইবােৰকে মানৱ সম্পদ উন্নয়নৰ নির্দেশক বুলি কোৱা হয় । এনে নির্দেশকসমূহৰ কিছুমান উল্লেখযােগ্য নির্দশক হ'ল এনেধৰণৰ 

শিক্ষাৰ হাৰঃ

গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্রাথমিক কাৰক । শিক্ষা ব্যৱস্থা সঠিক হ'লেহে উন্নত মানৱ সম্পদ তৈয়াৰ হােৱা সম্ভৱ হয় । প্রকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে । জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পৰা শিক্ষাৰ যােগেদি শিক্ষিতৰ হাৰ বঢ়াব পৰাটোৱে মানৱ সম্পদ উন্নয়নৰ কথা সুচায় । যি দেশত শিক্ষিতৰ হাৰ উচ্চ সেই দেশৰ মানব সম্পদৰ মানাে উন্নত । উদাহৰণ স্বৰূপে জাপান , ইংলণ্ড , আমেৰিকা আদি দেশত শিক্ষিতৰ হাৰ অধিক আৰু সেইবিলাক দেশৰ মানৱ সম্পদো উন্নত । তলৰ তালিকাখনৰ পৰা ভাৰত আৰু জাপানৰ শিক্ষাৰ তুলনামূলক ছবিখনৰ ধাৰণা কৰা ।

জীৱনৰ প্ৰত্য়াশাঃ

মানব সম্পদ উন্নয়নৰ আন এটি নির্দেশক হৈছে জীৱনৰ প্রত্যাশা । এটি শিশু জন্মৰ পিছৰ পৰা কিমান বয়সলৈ সুস্থ , সবলভাৱে জীয়াই থাকে তাক জীৱন প্রত্যাশাই নির্ণয় কৰে । এই প্রত্যাশা যিমানে বেছি হ'ব মানুহক সম্পদলৈ ৰূপান্তৰ কৰাৰ হাৰৰ সিমানেই বেছি হ'ব । সেয়েহে উচ্চ জীবন প্রত্যাশা উন্নত মানৱ সম্পদৰ নিৰ্ণায়ক ।                                                                                                                       

 জন্মকালীন শিশুৰ মৃত্যুৰ হাৰঃ                                                                                                               এখন দেশত জন্মকালীন শিশুমৃত্যুৰ হাৰ হ্রাস হােৱাটো , সেই দেশখনৰ মানৱ সম্পদ উন্নয়নৰ আন এটি প্রধান নির্দেশক হিচাপে বিবেচিত হয় । তলৰ তালিকাখন মন কৰা ওপৰৰ তালিকাত আমাৰ দেশ আৰু ৰাজ্যৰ দুটা বছৰৰ জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ দেখুওৱা হৈছে । তালিকাখনৰ পৰা এইটো স্পষ্ট হৈছে যে জন্মকালীন অৱস্থাত শিশুৰ মৃত্যুৰ সংখ্যা আমাৰ দেশত এতিয়াও যথেষ্ট সংখ্যক । অসমত তাতােকৈও বেছি । মানব সম্পদ উন্নয়ন হ'ব লাগিলে এনে মৃত্যুৰ হ্রাস পাব লাগিব ।             জনমূৰি আয়ঃ                                                                                  দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হয় তাক জনমূৰি আয় বােলা হয় । জনমুৰি আয় বৃদ্ধি পােৱাটোৱে মানব সম্পদ উন্নয়নৰ কথাকে সুচায় । উন্নত জনমুৰি আয় উন্নত মানৱ সম্পদৰ পৰিচায়ক ।

Class 8 Social Science

Type: Dimi Bor