১৬.৪ ভূ-গৰ্ভৰ জলপৰ অবনমনঃ

     মাটিৰ তলৰপৰা পানী উলিওৱাৰ পাছত খালী হােৱা ঠাইখিনি পুনৰ বৰষুণৰ পানী মাটিৰ মাজেৰে নিগৰি সােমাই গৈ পৰিপূৰ্ণ হয় । যিমানখিনি পানী প্রাকৃতিক প্রক্রিয়াৰে ভূ - গর্ভত পুনৰাই পূৰ হয় , সিমানখিনি পানীহে যদি ভূ - গর্ভৰপৰা উলিয়াই অনা হয় তেন্তে ভূগৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কোনাে প্রভাৱনপৰে । ভূ - গর্ভৰ জলপৃষ্ঠ তললৈ নামি যায় যদিহে ই পুনৰ পানীৰে পৰিপূৰ্ণ নহয় । জলপৃষ্ঠৰ অৱনমন বহুতাে কাৰণত হ'ব পাৰে । জনসংখ্যাৰ বৃদ্ধি , ঔদ্যোগিক আৰু কৃষিভিত্তিক ক্রিয়াকলাপবােৰ হ’ল ভূ - গর্ভৰ জলপৃষ্ঠত প্ৰভাৱ পেলােৱা সাধাৰণ কাৰক । বৰষুণৰ পৰিমাণ কম হলেও ভূ - গর্ভৰ জলপৃষ্ঠৰ অৱক্ষয় হ'ব পাৰে । অন্য এটা বিশেষ কাৰণ যাৰ দ্বাৰা ভূ - গর্ভৰ জলপৃষ্ঠৰ অৱনমন হ’ব পাৰে , সেইটো হ’ল নির্বনানীকৰণ ( Deforestation ) আৰু পানী তললৈ নিগৰি সােমাব পৰা ধৰণৰ মাটিৰ অভাৱ ।

 জনসংখ্যা বৃদ্ধিঃ

     জনসংখ্যা বৃদ্ধিৰ লগে লগে গৃহ নির্মাণ , দোকান, কার্যালয় , ৰাস্তা - পদূলি আৰু পদপথৰ প্রয়ােজনীয়তা বৃদ্ধি পাইছে । ইয়াৰ ফলত উদ্যান আৰু খেলপথাৰৰ নিচিনা মুকলি ঠাইৰ পৰিমাণ কমি গৈছে । সেয়েহে এনে পৰিস্থিতিত বৰষুণৰ পানী ভূ - গর্ভলৈ নিগৰি সােমােৱাৰ পৰিমাণ কমিছে । ইয়াৰ ফলাফল কি হ’ব পাৰে ? মনত পেলােৱাচোন , এখন পকা মজিয়াৰ মাজেদি পানী সহজে নিগৰি তললৈ সােমাব নােৱাৰে , কিন্তু সেউজীয়া ঘাঁহনিত পৰা পানী তললৈ সােমাবলৈ বেছি সময় নালাগে ।

     তদুপৰি নিৰ্মাণ কাৰ্যৰ কাৰণে বৃহৎ মাত্ৰাত পানীৰ প্রয়ােজন হয় ।প্রায়ে ভূ - গর্ভৰ পানী এই কাৰ্যৰ কাৰণে ব্যৱহাৰ কৰা হয় ।   

    গতিকে, এহাতে আমি ভূ - গর্ভৰ পানী বেছি ব্যৱহাৰ কৰিবলৈ ধৰিছোঁ আৰু অন্য হাতে ভূ - গর্ভত নিগৰি সােমাব লগীয়া পানীৰ পৰিমাণ কমাই আনিছোঁ । ফলস্বৰূপে ভূ - গর্ভৰ জলপৃষ্ঠৰ অৱনমন ঘটিছে । প্রকৃতার্থত , বহু মহানগৰত ঠায়ে ঠায়ে ভূ - গর্ভৰ জলপৃষ্ঠ ভয়ংকৰভাৱে তললৈ নামিছে । 

উদ্যোগখণ্ডৰ বৃদ্ধি ও 

    সকলােবােৰ উদ্যোগেই পানী ব্যৱহাৰ কৰে । আমি ব্যৱহাৰ কৰা প্রায় সকলােবােৰ বস্তুৰ উৎপাদন প্রক্রিয়াত কৰবাত নহয় কৰবাত পানীৰ আৱশ্যক হয় । উদ্যোগৰ সংখ্যা দিনক দিনে বৃদ্ধি হ'ব ধৰিছে । সৰহভাগ উদ্যোগেই ব্যৱহাৰ কৰা পানী ভূ - গর্ভৰপৰা আহৰণ কৰে ।

 ক্রিয়াকলাপ ১৬.৪

     তােমালােকে জনা কেইটামান উদ্যোগৰ নাম কোৱা । এইবােৰৰ পৰা উৎপাদিত সামগ্ৰী আৰু দৈনন্দিন জীৱনত ইহঁতৰ ব্যৱহাৰ সম্পর্কে এখন তালিকা প্রস্তুত কৰা । ঔদ্যোগিক কার্যকলাপৰ বৃদ্ধি কেনেদৰে ভূ - গর্ভৰ জলপৃষ্ঠৰ অৱনমনৰ বাবে দায়ী , সেইটো তােমালােক শিক্ষক আৰু অভিভাৱকৰ লগত আলােচনা কৰা । 

কৃষিভিত্তিক কার্যকলাপঃ

     ভাৰতৰ সৰহ সংখ্যক খেতিয়কেই শস্যত পানী যােগানৰ কাৰণে বৰষুণৰ ওপৰত নিৰ্ভৰশীল । নলাৰ দৰে পানী যােগান পদ্ধতি কোনাে কোনাে ঠাইতহে আছে । অনিয়মীয়া বৰষুণৰ কাৰণে আনকি এই পদ্ধতিতে পানীৰ অভাৱ হয় । সেয়েহে খেতিয়কসকলে পানী যােগানৰ কাৰণে ভূ - গর্ভৰ পানী ব্যৱহাৰ কৰিব লগা হয় । জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষিকার্যত ভূ - গর্ভৰ পানীৰ ব্যৱহাৰৰ মাত্রা দিনক দিনে বৃদ্ধি হৈছে । ফলস্বৰূপে ভূ - গর্ভৰ জলপৃষ্ঠৰ অৱনমন ঘটিছে ।



Type : Ankur Raj Deka 

class 7  Science SCERT Book