উত্তম বৰুৱা
উত্তম বৰুৱা 

আহােম স্বর্গদেউ গদাধৰ সিংহই পাতি থৈ যােৱা প্রখ্যাত ৰাণী ৰাজ্যৰ 'বৰুৱা’ বংশৰ স্বর্গীয় জগত চন্দ্ৰ বৰুৱা আৰু স্বর্গীয়া ৰজনী বৰুৱাৰ সুযােগ্য পুত্র উত্তম বৰুৱাই ১৯৩৯ চনৰ ৫ জুলাই তাৰিখে গুৱাহাটীৰ সমীপৱৰ্ত্তি আজাৰাত জন্মগ্রহণ কৰে। ছাত্ৰ অৱস্থাৰ পৰাই কবিতা, নাটক আদি ৰচনাৰে বিভিন্ন জনৰ পৰা প্রশংসা বুটলিবলৈ সক্ষম হােৱা বৰুৱাই সপ্তম শ্রেণীত পঢ়ি থাকোতে “মহাপুৰুষৰ নামঘৰ” নামেৰে এই পুথিখন ৰচনা কৰি সেই সময়ৰ বিশিষ্ট কবি বাগ্মীবৰ নীলমণি ফুকনৰ পৰা ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছিল । ষাঠিৰ দশকত ৰচনা কৰা “বৰ মানুহৰ দোলা” বুৰঞ্জীমূলক

    নাটখনত ক্ষমতাশালী আভিজাত্যত বুৰ যােৱা ডা-ডাঙৰীয়াসকলৰ শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে সৰু মানুহৰ বিদ্রোহ, প্ৰেমৰ যি হৃদয় বিদাৰক কৰুণ কাহিনীৰে সমৃদ্ধ এই নাটখনৰ জৰিয়তে সমগ্ৰ অসমৰ উপৰি ৰাজ্যৰ বাহিৰতাে সমাদৰ লাভ কৰিছিল । পিছলৈ তেওঁ ৰচনা কৰা কেবাখনাে মঞ্চনাট আৰু অনাতাৰ নাটেও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়তাে পুৰস্কৃত হয় । স্বকীয় প্রতিভাৰে স্বীকৃতি স্বৰূপে জীৱন্ত কালতে কেইবাবাৰাে পুৰস্কাৰ আৰু প্রশংসা লাভ কৰা উত্তম বৰুৱাই 'আমেৰিকান বায়’গ্রাফিকেল' ইষ্টিটিউচনৰ পৰা ২০০০ চনত বছৰটোৰ শ্রেষ্ঠ ব্যক্তিৰ সন্মান, জ্যোতিৰূপাৰ কৰ্মশ্ৰী বঁটা, ৰাধাগােবিন্দ বৰুৱা ক্রীড়া সংস্থাৰ সন্মান ইয়াৰ অন্যতম উদাহৰণ । তদুপৰি কলকাতাৰ ৰাজা ৰামমােহন ৰায় ফাউণ্ডেচনৰাে তেওঁ সদস্য মনােনীত হৈছিল । গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ নবীন চন্দ্ৰ বৰদলৈ হল আৰু লাইব্রেৰীৰ গ্রন্থাগাৰিক আৰু পিছলৈ জন সম্পর্কৰক্ষী বিষয়া হিচাপে চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰা উত্তম বৰুৱাই ৰংঘৰ, নীলাচল, দৈনিক অসম, অসমবাণী, অগ্রদূত আদি কাকতত ধাৰাবাহিকভাৱে বুৰঞ্জীনিৰ্ভৰ তত্বগধুৰ প্ৰৱন্ধ লিখিছিল । তেওঁ ৰচনা কৰা নাট্যসম্ভাৰৰ ভিতৰত উল্লেখযােগ্য নাটকেইখন হ'ল— বৰ মানুহৰ দোলা, জেৰেঙাৰ সতী, বৰ ৰজা ফুলেশ্বৰী, হেংদাং, কুশল কোঁৱৰ, চম্পকৰ সতী, লাচিত বৰফুকন, গােমধৰ কোৱৰ, লায়লা মজনু, মুলাগাভৰু, পণ্ডিতৰ জীৱন, আজিৰ মানুহ, মধ্যবিত্তৰ সংসাৰ, মােমাই তামুলী বৰবৰুৱা, দৃষ্টিপাত, চোৰ, পৰিবাৰৰ বিয়া, দেৱদাসীৰ জীৱন-জিজ্ঞাসা, মৈদাম জিজ্ঞাসা ইত্যাদি । তদুপৰি তেওঁ ৰচনা কৰা আন একাংশ গ্রন্থৰ ভিতৰত ৰাণী ৰজাৰ বুৰঞ্জী', ‘পৃথিৱীখনিয়ে মােক বিচা, ৰাণী ৰজাৰ বৰুৱাসকলৰ বংশাৱলী’ আৰু ৰূপকোঁৱৰৰ জীৱন জিজ্ঞাসা’ৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি । নাট্যকাৰ উত্তম বৰুৱাৰ ভালেকেইখন বুৰঞ্জী মূলক নাটৰ ভিতৰত বৰ মানুহৰ দোলা’, ‘ জেৰেঙাৰ সতী’, ‘বৰ ৰজা ফুলেশ্বৰী আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ আধাৰত ৰচিত ‘চোৰ’ নামৰ নাটখনিয়ে আকাশবানী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্র যােগে প্রচাৰিত হােৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ ভাবে জনপ্রিয়তা অর্জন কৰিছিল । এইগৰাকী আন্তর্জাতিক খ্যাতিসম্পন্ন নাট্যকাৰ , শিল্পী তথা সু - সাহিত্যিক উত্তম বৰুৱা যােৱ ইং ৩ অক্টোবৰ ২০১১ চনৰ নিশা শাৰদীয় দুর্গা পূজাৰ আনন্দ উলাহৰ মাজতে গুৱাহাটীৰ ডাউন টাউন হাস্পটালত শেষ নিশ্বাস ত্যাগ কৰে ।


উত্তম বৰুৱাৰ বিষয়ে চমু প্ৰশ্ন আৰু উত্তৰ



Hirokjyoti Bora.