১৮.৭ অনাময় ব্যৱস্থা আৰু ৰোগঃ
    বহু সংখ্যক ৰোগৰ কাৰণ হ'ল অনুপযোগী অনাময় ব্যৱস্থা আৰু দূষিত খোৱা পান। আমাৰ নিজৰ দেশলৈ চাওঁ আহা। জনবসতি থকা বৃহৎসংখ্যক অঞ্চলত এতিয়াও বৰ্জিত মলিয়ন পানী বোৱাই নিয়াৰ সুবিধা নাই তেওঁলোকে কেনেকৈ সকাহ পাব বাৰু ? A
    আমাৰ বেছিভাগ মানুহৰ ঠাইত, শুকাই যোৱা নদী, ৰে'ল লাইন, পথাৰৰ ওচৰত আৰু বহু সময়ত পানীত পােনপটীয়াকৈ মল ত্যাগ কৰে । স্বাস্থ্যৰ বাবে অপকাৰী । ই পানী আৰু মাটিৰ প্ৰদূষণ ঘটাব পাৰে । ভূ পৃষ্ঠৰ পানী আৰু ভূ - গর্ভস্থ পানী দুয়ােবিধে প্ৰদূষিত হয় । অধ্যায় ১৬ ত তােমালােকে শিকি আহিছা যে কুৱা , দমকল , নিজৰা আৰু বহুতাে নদীৰ উৎস ভূগর্ভস্থ পানী । এইদৰে পানীজনিত ৰােগসমূহৰ বাবে পানী এক বাহক হিচাপে কাম কৰে । পানীজনিত এই ৰােগসমূহৰ ভিতৰত কলে , টাইফয়েড , পলিঅ ’ , মেনিনজাইটিছ , হেপাটাইটিছ আৰু গ্ৰহণী অন্যতম ।
 

 Type : Ankur Raj Deka 

class 7  Science SCERT Book