১৬.৬ জল ব্যৱস্থাপনাঃ
তােমালােকে ষষ্ঠ শ্রেণীত শিকিচ্ছা যে বহু ঠাইত নলী ব্যৱহাৰ কৰি নিয়মিত পানী যােগানৰ ব্যৱস্থা কৰা হয় । নাগৰিক প্ৰাধিকৰণৰদ্বাৰা নলীৰে যােগান ধৰা আটাই খিনি পানী লক্ষ্যস্থান গৈ নাপাবও পাৰে । তােমালােকে বােধহয় পানী যােগান ধৰা নলীৰ ফাট আৰু এই ফাটেৰে বহু পৰিমাণৰ পানী নলীৰপৰা ওলাই যােৱা দেখিছা । এনেদৰে অমূল্য পানী নষ্ট হােৱাৰ পৰা ৰক্ষা কৰাটো নাগৰিক প্ৰাধিকৰণৰ দায়িত্ব ।
ব্যক্তিগত পর্যায়তাে পানীৰ অপচয় বা ভুল । ব্যৱস্থাপনা দেখা যায়। আমি সকলােৱেই জানিয়ে হওক বা নাজানিয়ে হওক দাঁত চাফা কৰা , দাড়ি কটা , গা - ধােৱা , কাপােৰ ধােৱা আৰু অন্য বহুতাে কামত পানীৰ অপচয় ঘটাওঁ | পানীৰ টেপেৰে অবাবতে পানী নিগৰি পৰি থকাটো পানী অপচয়ৰ আন এটা ডাঙৰ উৎস । আমি পানী এনেদৰে অপচয় কৰোঁ যেন পিছলৈ আমাক পানীৰ প্রয়ােজন । নহ’বহে !
আমি দেখিছোঁ যে বৰষুণ হিচাপে পােৱা বেছিভাগ পানীয়ে দূৰলৈ এনেয়ে বৈ যায় । ই অমূল্য প্রাকৃতিক সম্পদৰ এক অপচয় । বৰষুণৰ পানী ব্যৱহাৰ কৰি ভূ - গর্ভৰ পানীৰ পৰিমাণ পূৰাব পাৰি । এই ব্যৱস্থাটোক জল আহৰণ ( water harvesting ) বা বৰষুণৰ পানী আহৰণ ( rain water harvesting ) বােলা হয় । এই বিষয়ে তােমালােকে ষষ্ঠ শ্রেণীত শিকি আহিছা ।
তােমালােকৰ চৌপাশৰ অট্টালিকাবিলাকত পানী আহৰণৰ ব্যৱস্থা ৰাখিছানে চোৱাচোন ।
ভাৰতবৰ্ষৰ বহু ঠাইত বাউৰী ( Bawris ) জলাধাৰৰ নিচিনা ব্যৱস্থাৰে পানী সংৰক্ষণ কৰা ব্যৱস্থাটো বহু পুৰণি কালৰ পৰাই চলি আহিছে । বাউৰী আছিল পৰম্পৰাগতভাৱে পানী সংগ্রহ কৰা এটা ব্যৱস্থা । সময় পাৰ হৈ যােৱাৰ লগে লগে বাউৰী ব্যৱস্থাৰ প্রচলন বন্ধ হয় আৰু সেই জলধাৰবােৰ জাবৰ - জোঁথৰ পেলােৱা স্থানলৈ পৰিণত হয় । কিন্তু সেই বােৰ অঞ্চলত সাংঘাতিকভাৱে পানীৰ অভাৱ হােৱাত তাৰ মানুহে পুনৰাই চিন্তা কৰিবলৈ ধৰিলে । বাউৰী পুনৰাই প্ৰৱৰ্তন কৰি থকা হৈছে । বর্তমান অৱস্থাত বৰষুণৰ অভাৱ সত্ত্বেও সেইবােৰ ঠাইৰ মানুহে পানীৰ অভাৱ পূৰণ কৰিছে ।
খেতিয়কসকলে খেতি পথাৰত ব্যৱহাৰ কৰা পানীৰ ক্ষেত্ৰতাে মিতব্যয়ী হ'ব পাৰে । তােমালােকে টোপাটোপে দিয়া পানী যােগান ব্যৱস্থাৰ কথা বােধহয় শুনিছা ( চিত্র ১৬.৯ ) । টোপাটোপে দিয়া পানী যােগান ব্যৱস্থাত উদ্ভিদ গুৰিত পােনে পােনে পানী দিয়া হয় ।
Type : Ankur Raj Deka
class 7 Science SCERT Book