কাৰবিসল


    কাৰ্বিসকল অসমৰ এটি প্ৰধান জনজাতি। বিষ্ণুপ্ৰসাদ ৰাভাই আমেৰিকাৰ আৱিষ্কাৰক কলম্বাছৰ সৈতে তুলনা কৰি কাৰ্বিসলক অসমৰ কলম্বাছ বুলি আখ্যা দিছিল। এই উক্ত যুক্তিসহকাৰে সমৰ্থন কৰিছিল কলিকতাৰ বিখ্যাত ইতিহাসবিদ সুনীতি কুমাৰ চট্ৰোপাধ্যায়ে।

    বসতি অঞ্চল ঃ অসমৰ সোঁমাজেতে থকা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙেই কাৰ্বিসকলৰ প্ৰধান বসতি অঞ্চ।

    দুয়োখন ঠাই সামৰি কাৰ্বি আংলং স্বায়ত্ব পৰিষদ গঠন হৈছে। ইয়াত ২৬-জন নিৰ্বাচিত সদস্য আৰু চাৰিজনকৈ মনোনীত সদস্য আছে। সবৰ্বমুঠ আসন ৩০-খন। ইয়াৰ মাটি কালি ১০,৩৪৩ বৰ্গ কিলোমিটাৰ। 

    ইয়াৰ বাহিৰেও শোণিতপুৰ, বিশ্বনাথ, লক্ষিপুৰ, কামৰূপ সোণাপুৰ আদি ঠাইতো কাৰ্বিসকল বসতি কৰা দেখা যায়। মণিপুৰ, নাগালেণ্ড, মেঘালয়, অৰুণাচল আদি ৰাজ্যতো কম বেছি পৰিমাণে কাৰ্বিংসকলৰ বসতি আছে 

    সাঁজ-পাৰ - পুৰুষ আৰু নদীৰ পোচাক পৃথক। পুৰুষৰ আঁঠুৰীয়া পে ছেলেং চই হংথৰ, চই ইক্, চই লক্ (কাৰ্বি জেকেট) পহ' আদিয়েই প্ৰধান। চই হংথৰ আজিকালি কাৰ্বি জেকেট বুলি পৰিচিত। পহ' (কাৰ্বি মাফ্লাৰ) ৪ আৰু ৫ ইঞ্চ বহল আৰু প্ৰায় পাঁচৰ পৰা ছয় ফুটলৈ দীঘল। ইয়াৰ দুয়োমূৰে বিভিন্ন ৰঙৰ ফুল তুলি দিয়া হয়।

    পেপান আবু-প্ৰায় ৩ ইঞ্চি বহল আৰু দীঘল প্ৰায় ৬ ফুট। দুয়োমূৰে কড়িৰে সম্বলিত বিশেষ চকচকীয়া ক'লা কাপোৰ। ইয়াক ডেকাল'ৰাসকলে ব্যৱহাৰ কৰা দেখা যায়।

    নাৰীৰ সাজপাৰ হ'ল পিনি, পেকক আৰু ৱানকক - তদুপৰি পে ছেলেং, পে খনজাৰি, পে ছাৰপি আদিয়ে প্ৰধান।

    পিবা ঃ ১/২ ফুটৰ পৰা ২ ফুট বহল আৰু ৬ ফুট দীঘল। দুয়ো মূৰে বিভিন্ন ৰঙৰ ফুল তুমি কিড়িৰে সম্বলিত বিশেষ চকচকীয়া ক'লা কাপোৰ। ইয়াক মহিলাসকলে নিজৰ কেঁচুৱাটিক বোকোচাত ল'বৰ বাবে ব্যহাৰ কৰে।

    আ-অলংকাৰ ঃ লেক হিকি, নথেংপী, ন'লাংপং ন'জাংছাই, লেক ৰূৱে, লেক পাংখাৰা, লাং আৱ', ৰই পাংখাৰা, ৰই পাহু আদিয়েই প্ৰধান।

    ৎসৱ-পাৰ্বণ ঃ পেং হেমফু, ৰংকেই, চজুন আদিয়েই প্ৰধান। পেং হেমফু হ'ল ঘৰুৱা উৎসৱ। এই উৎসৱত সাধাৰণতে তিনিটাকৈ পূজা থাকে। ৰিৎ আংলং বুইচম আৰু পেং। এই তিনিটা পূজা বছৰৰ আৰম্ভণিতে কৰা হয় যাতে বছৰৰ অপায়-অমংগল নহয়। ইয়াক কোৱা হয় ঘৰুৱা উৎসৱ।

    চজুন উৎসৱ (Family festival) ঃ এই উৎসৱ প্ৰতিছৰে উদযাপন নহয়। ৪,৫ বা ৯ বছৰৰ মূৰে মূৰে কৰা হয়।

    ৰংকেৰ উৎসৱ (Community Festival) ঃ ইয়াক গাঁৱৰ উৎসৱ বুলি কোৱা হয়। এইউৎসৱ দেৱতাৰ সন্তুষ্টি বাবে পূজা কৰা হয়।

    ফৈদ ঃ কাৰবিসকলৰ পাঁচটাকৈ ফৈদ আছে। এয়া হ'ল -

১) চিমুং  ২) টেৰন  ৩) তেৰাং  ৪) ইংহি থাকে  ৫) ইংতি

এই প্ৰতিটো ফৈদত একাধিক উপফৈদ থাকে।

    কাৰ্বি যুৱ মহোৎসৱঃ প্ৰতিটো বছৰৰ ১৫-১৯ ফ্ৰব্ৰুৱাৰী, এই মহোৎসৱ তাৰালাংছ', ডিফু চহৰত অনুষ্ঠিত কৰা হয়।

    কাৰ্বিসকলৰ মাজত অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আবঢ়াই আজিও স্মৰণীয় হৈ ৰোৱা কেইগৰাকীমান ব্যক্তিৰ বিষয় তলত চমুকৈ আলোচনা কৰা হ'ল -

ছেমছনছিং ইংতি

    তেওঁ হ'ল কাৰ্বি আংলঙৰ স্বপ্নদ্ৰষ্টা আৰু ৰূপকাৰ। ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে পশ্চিম কাৰ্বি আংলঙৰ চিকা পাহাৰত জন্ম গ্ৰহণ কৰিছিল। পিতাকৰ নাম থেংকুৰছিং ইংতি আৰু মাকৰ নাম ৰুথ মাধৱী (কাজিৰ তিমুংপী)। ১৯১৬ চনত গোলাঘাট মিছন স্কুলত শিক্ষাৰ পাতনি মেলে আৰু ১৯২৮ চলত গোলকাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় । উচ্চ শিক্ষাৰ বাবে গুৱাহাটী কটন কলেজত অধ্যয়ন কৰে যদিও সেই সময়ত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত অধ্যয়ন আধৰুৱা হয়। পিছত ১৯৩৩ চনত চিলেটৰ  মুৰাৰী চাঁন্দ কলেজৰ পৰা সুখ্যাতিৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কাৰ্বি জাতিৰ প্ৰথম স্নীাতক ৰূপে সুখ্যাতি অৰ্জন কৰে তেওঁ স্নাতক ডিগ্ৰী গ্ৰহণ কৰা পাছত গোলাঘাট বেজবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল। ১৯৩৩ চনত মিকিৰ হিলচ ট্ৰেক গঠন হোৱাত ইংৰাজ চৰকাৰে তেওঁক মাতি আনি ১৯৩৪ চনত নগাঁও জিলাৰ শিক্ষা বিভাগত উপ-পৰিদৰ্শক পদত নিযুক্তি দিয়ে। তেওঁ নিজেই কেইবাখনো কাৰ্বি ভাষাৰ পাঠ্যপুথি লিখি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত অতিৰিক্ত পাঠ্যপুথি হিচাপে পাঠদান কৰায়।তেওঁ লিখা পুথিকেইখন হ'ল 'বিতুছ আকিতাপ', 'কালাখা আকিতাপ', 'তেমপু আৰু ৱপী'।

ছামছিং হাঞ্চে

    ছামছিং হাঞ্চে এজন লেখক, কবি, গীতিকাৰ, ঔপন্যাসিক, কথাছবি প্ৰযোজক ৰাজনীতিক, সাহিত্যপ্ৰেমী ব্যক্তি। নগাঁও জিলাৰ সৰুবাট মৌজাৰ অন্তৰ্গত পণ্ডিতঘাট বা আৰ্হিকেলক গাঁৱত ১৯৪৮ চনত এপ্ৰিল মাহৰ ১৮ তাৰিখে তেওঁৰ জন্ম হয়। পিতৃৰ নাম জয়সিং হাঞ্চে আৰু মাতৃৰ নাম কাএৎ টেৰণপী। বাল্যকালতে পৰিয়ালটোৱে পুৰণি স্থান পৰিত্যাগ কৰি হংক্ৰাম নামৰ ঠাইলৈ স্থানান্তৰিত হয় আৰু তাতে স্থায়ীভাৱে বসতি কৰে। হংক্ৰাম প্ৰাথমিক বিদ্যালয়তে শিক্ষা জীৱন আৰম্ভ হয়। পাছলৈ টীকা মধ্য ইংৰাজী বিদ্যালয়ত আৰু কামপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। ডিফু চৰকাকী বালক বিদ্যালয়ত ভৰ্তি হয় যদিও় প্ৰৱেশিক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱৰাত সেনাবাহিৰ চাকৰি কৰে। তিনি বছৰৰ পিছত চাকৰি ইস্তফা দি ১৯৬৭ চনত বৈঠালাংছ উচ্চ ইংৰাজী বিদ্যালয় পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হয়। ১৯৭৩ চনত স্নাতক ডিগ্ৰী লাভ কৰে।

    ভাষা-সাহিত্যৰ বিকাশ আৰু উন্নয়নৰ বাবে তেওঁ কেইবাখনো পুথি কাৰ্বি আৰু অসমীয়া ভাষাত প্ৰণয়ন কৰি প্ৰকাশ কৰিছিল। সেইবোৰৰ 'ভিতৰত নাম তাই হাঈমু', 'কাৰ্বি প্ৰণয়ী গীত', 'ছাবিন আলুন' (কাৰ্বি ৰামায়ণ) 'কুমলীন', ৰোমীৰ এমুঠি কাৰ্বি কবিতা' (অনুবাদ) আৰু 'ছেৰ্ হনজেং' নামৰ গন্থ উল্লেখযোগ্য ১৯৮৩-৮৪ চনত কৰ্বি লামেত আমেইৰ (কাৰ্বি সাহিত্য সভা) সাধাৰণ সম্পাদন ১৯৮৪-৮৫ চনত সভাপতিৰ আসন অলংকৃত কৰে।

    ১৯৮৫ চনত বিধন সভাৰ  সাধাৰণ নিৰ্বাচনত ডিফু শমষ্টিৰ পৰা নিৰ্বাচিত হৈ অসম মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰিত্ব লাভ কৰিবলৈ সক্ষম হয়। ১৯৯৮ চনত জানুৱাৰী মাহৰ ১৩ তাৰিখে সকলোকে ম্ৰিয়মান কৰি ইহ সংসাৰৰ পৰা চিকালৰ বাবে বিদায় ল'লে। কাৰ্বি ভাষা-সাহিত্যৰ সাধক আৰু এজন পথপ্ৰদৰ্শক হিচাপে তেওঁৰ নাম আমাৰ মাজত সদায় অমৰ হৈ থাকিব।

বংলং তেৰাং

    কাৰ্বি সাহিত্য পুৰোধা ব্যক্তি বংলং তেৰাঙৰ জন্ম হয় ১৯০৯ চনৰ অক্টোবৰ মাহৰ ১০ তাৰিখে ডিলাই  নদীৰ কাষৰ নিহাংলাংছ নামৰ ঠাইত। তেৱেঁই কাৰ্বি সাহিত্যৰ প্ৰথম লিখিত ৰূপ প্ৰদান কৰে। দেউতাকৰ নাম ছাৰ তেৰাং আৰু মাকৰ নাম কাৰেং তিচ্ছপী। তেওঁ  ১৩ বছৰ বয়সৰ পৰা সাহিত্য ৰচনা আৰম্ভ কৰিছিল। তেওঁ লিখা বিভিন্ন কিতাপসমূহ হ'ল- 'Word Book ' 'আদাম আছাৰ' (বিবাহ নিয়ম) 'ৰূকাছেন', 'হাঈমু', 'ছেৰ হংথম', 'কাৰবি কপুছন', কাৰবি চ ৰংজে', 'আৰণ আতেং', 'ৰংলিন', 'ছাৰ আলুন' আৰু 'ছাৰ লামছাম'।

    ১৯৭৩ চনত কাৰবি সাহিত্য সভাৰ তৰফৰ পৰা কাৰ্বি সাহিত্য পুৰোধা ব্যক্তি পুৰস্কাৰ প্ৰদান কৰা হয়। অসম চৰকাৰৰ তৰফৰ পৰা এককালীন মাননী প্ৰদান কৰাৰ লগতে সাহিত্যক পেঞ্চন প্ৰদান কৰে। এইজন পুৰোধা ব্যক্তি সকলোকে এৰি ২০০১ চনৰ জুলাই মাহৰ ১৭ তাৰিখে ইহলীলা লম্বৰণ কৰে।

লংকাম তেৰণ

    সু-সাহিত্যক লংকাম ত্ৰণৰ জন্ম হয় ১৯৩২ চনত। তেওঁৰ দেউতাকৰ নাম ডিপ্লু তেৰণ আৰু মাকৰ নাম কাচাই হাঞ্চেপী। ১৯৫৭ চনত কাচে ৰংহাংপীৰ লগত বিহাৰ হয়। ১৯৬৪ চনত মিকিৰ পাহাৰ জিলা পৰিষদৰ জন সম্পৰ্কৰক্ষী বিষয়া পদত মনোনীত হয়। তেওঁ কাৰ্বি আদৰবাৰৰ সাধাৰণ সম্পাদক আৰু সভাপতি পদকো অলংকৃত হৈছিল। কাৰ্বি সাহিত্য সভা প্ৰতিষ্ঠাপক সভাপতি আৰু ১৯৮৬ চনত কামপুৰ  অধিবেশনত অসম সাহিত্য সভাৰ উপ-সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল। ৰচিত, সংকলিত আৰু অনুদিত গ্ৰন্থ মুঠ ৪১-খন। তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ হ'ল 'ৰং কেছেং', 'টামাহিদি', 'কিতাপ কিমি', 'কাৰ্বি লামকুৰু', 'কাৰ্বি জনগোষ্ঠী', 'কাৰ্বি লামকুৰু-লামমছেং', 'কাৰ্বি ভাষা পৰিচয়', 'কাৰ্বি লামতাছাম' আদি।


 Type: Priyam Jyoti Patar