১৫.৪ গােলাকাৰ দাপােণৰ সৈতে খেলাঃ

     প্রহেলিকা আৰু প্রজ্ঞানে সিহঁতৰ ৰাতিৰ আহাৰৰ কাৰণে অপেক্ষা কৰি আছিল । প্রজ্ঞানে দাগবিহীন তীখা বা ষ্টেইনলেচ ষ্টীলৰ থাল এখন দাঙি ধৰিছিল আৰু তাত নিজৰ প্রতিবিম্বটো দেখা পাইছিল । আহ ! এই থালখন দেখােন এখন সমতল দাপােণৰ দৰে ! মােৰ প্রতিবিম্বটো থিয় আৰু একে আকাৰৰ । প্ৰহেলিকাইতীখাৰ চামুচ এখনৰ পশ্চাদভাগত নিজৰ প্রতিবিম্বটো চাইছিল । “ প্ৰজ্ঞান এইফালে চোৱা ! ময়াে মােৰ থিয় প্রতিবিম্ব দেখা পাইছে কিন্তু ই আকাৰত সৰু । এই চামুচখনেও একধৰণৰ দাপােণৰ দৰে আচৰণ কৰে । ” প্রহেলিকাই কৈছিল ।

     তােমালােকেও চামুচ অথবা আন কোনাে চিহ্ন চিকাই থকা বক্র পৃষ্ঠ ব্যৱহাৰ কৰি নিজৰ নিজৰ প্রতিবিম্ব চাব পাৰা । 

ক্রিয়াকলাপ ১৫.৫

     নিষ্কলংক তীখাৰ চামুচ এখন লােৱা । চামুচখনৰ বাহিৰৰ ফালটো তােমাৰ মুখৰ সন্মুখলৈ আনি তালৈ চোৱা । তুমি তাত নিজৰ প্রতিবিম্বটো দেখিছানে ( চিত্র ১৫.১০ ) ? সমতল দাপােণত দেখা প্রতিবিম্বতকৈ এই প্রতিবিম্বটো ভিন্ননে ? এই প্রতিবিম্বটো থিয়নে ? প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ তুলনাত একে , সৰু নে ডাঙৰ ?

    এতিয়া চামুচখনৰ ভিতৰৰ ফালত তোমাৰ প্ৰতিবিম্বলৈ চোৱা। এইবাৰ তুমি নিজৰ প্ৰতিবিম্ব থিয় আৰু আকাৰত ডাঙৰকৈ দেখাৰ সম্ভৱনা আছে। যদি তুমি চামুচখন তোমাৰ মুখৰ পাৰ দূৰলৈ নিয়া তেন্তে, তোমাৰ মুখৰ পৰিৱৰ্তে কলম অথবা পেঞ্চিলৰ প্ৰতিবিম্বও তুলনা কৰি চাব পাৰা।

    চামুচ এখনৰ চিকমিকিয়া বক্ৰ পৃষ্ঠই এখন দাপোণৰ দৰে ক্ৰিয়া কৰে। বক্ৰদাপোণৰ অতি সাধাৰণ উদাহৰণ হৈছে গোলাকাৰ দাপোণ (spherical mirror) 

    গোলাকাৰ দাপোণৰ প্ৰতিফলক পৃষ্ঠ যদি অৱতল (ভিতৰলৈ ঘোৰ খোৱা) হয়, তেন্তে তাক অৱতল দাপোণ (concave mirror) বোলে। যদি প্ৰতিফলক পৃষ্ঠ উত্তল (উঠঙা, বাহিৰলৈ ওলোৱা) হয় তেতিয়া তাক উত্তল দাপোণ (convex mirror ) বোলে (চিত্ৰ ১৫.১২)।

    চামুচ এখনৰ ভিতৰৰ পৃষ্ঠখন অৱতল দাপোণৰ দৰে আৰু বাহিৰৰ পৃষ্ঠখন উত্তল দাপোণৰ দৰে।

আমি জানো যে সমতল দাপোণত গঠিত হোৱা কোনো লক্ষ্যবস্তুৰ প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি। অৱতল দাপোণত গঠইত প্ৰতিবিম্বৰ ক্ষেত্ৰতো এই কথাৰ সত্যাসত্য অনুসন্ধান কৰোঁ আহা।

ক্ৰিয়াকলাপ ১৫.৬

সতৰ্কীকৰণ

তোমালোকে ক্ৰিয়াকলাপ ১৫.৬ টো সূৰ্যৰ পোহৰত কৰিবা। সূৰ্য অথবা সূৰ্যৰ প্ৰতিবিম্বৰ ফালে পোণপটীয়াকৈ নেচাব, ই চকুৰ অনিষ্ঠ সাধিব পাৰে। পৰ্দা অথবা বেৰত গঠন হোৱা সূৰ্যৰ প্ৰতিবিম্বৰ ফালে অৱশ্যে চাব পাৰা


     এখন অৱতল দাপােণ লােৱা । সূৰ্যৰ ফালে মুখ কৰি দাপােণখন ধৰা । দাপােণখনে প্রতিফলিত কৰা পােহৰৰশ্মি এখিলা কাগজত পেলাবলৈ চেষ্টা কৰা । এটা উজ্জ্বল স্পষ্ট বিন্দু নােপােৱালৈ কাগজখিলাৰ দূৰত্ব প্রয়ােজনমতে কম বেছি কৰা ( চিত্র ১৫.১৪ ) । দাপােণখন আৰু কাগজখিলা কেইমিনিট মানৰ বাবে সুস্থিৰ অৱস্থাত ৰাখা । কাগজখিলা জ্বলিবলৈ আৰম্ভ কৰিছে নেকি ?

     এই উজ্জ্বল বিন্দুটো দৰাচলতে সূৰ্যৰ প্রতিবিম্ব । মন কৰা যে, এই প্রতিবিম্বটো এখন পর্দাত গঠন হৈছে । পর্দাত গঠন হােৱা প্রতিবিম্বকসৎ প্রতিবিম্ব ( real image ) বােলে । মনত পেলােৱা যে ক্রিয়াকলাপ ১৫.২ ত সমতল দাপােণত গঠন হােৱা প্রতিবিম্বক পদাত পেলাব পৰা নগৈছিল । এনে ধৰণৰ প্রতিবিম্বক অসৎ প্রতিবিম্ব (virtual image) বােলে ।

     এতিয়া অৱতল দাপােণৰ দ্বাৰা গঠিত এডাল মমবাতিৰ শিখাৰ প্রতিবিম্ব পৰ্দাত পেলাবলৈ চেষ্টা কৰোঁ আহা ।

ক্রিয়াকলাপ ১৫.৭ 

    এখন অৱতল দাপােণ কোনাে এক আধাৰ সংস্থাপিত কৰি (দাপােণখন সুস্থিৰ কৰি ৰাখিবলৈ যিকোনাে প্রকাৰৰ সজ্জা হলেই হ’ব) টেবুল এখনৰ ওপৰত থােৱা ( চিত্র ১৫.১৫ ) । এখন কার্ডব'ৰ্ডত বগা কাগজ এখিলা আঠা লগাই লােৱা ( ধৰা প্রায় ১৫ চে.মি. x ১০ চে.মি. ) । ই এখন পর্দাৰ কাম কৰিব । দাপােণৰ পৰা প্ৰায় ৫০ চে.মি. দূৰচত্বত টেবুলখনৰ ওপৰত জ্বলি থকা মমবাতিৰ এডাল থোৱা। শিখাৰ প্ৰতবিম্ব পৰ্দাথ ওপৰত পাবলৈ যত্নপৰ হোৱা। শিখা স্পষ্ঠ প্ৰতিবিম্ব নোপোৱা পৰ্যন্ত পৰ্দাথৰ অৱস্থান সলনি কৰি থাকা। এইটো নিশ্চিত কৰিবা যে পর্দাখনে মমবাতিৰ পােহৰ দাপােণত পৰাত বাধা নিদিয়ে । এই প্রতিবিম্বটো সৎ নে অসৎ ? ই শিখাটোৰ সমান আকাৰৰ নে ? 

    এতিয়া মমবাতিল দাপােণৰ ওচৰলৈ আনা আৰু ইয়াক বিভিন্ন দূৰত্বত স্থাপন কৰা । প্রতিবাৰতেই পর্দাত প্রতিবিম্ব পাবলৈ চেষ্টা কৰা । তােমাৰ পর্যবেক্ষণ তালিকা ১৫.১ ত টুকি থােৱা । মমবাতিডাল দাপােণখনৰ একেবাৰে ওচৰত থকা অৱস্থাত প্রতিবিম্বটো পৰ্দাত পােৱা সম্ভৱ হ’বনে ( চিত্র ১৫.১৬ ) ?

     আমি গম পালোঁ যে অৱতল দাপােণৰ দ্বাৰা গঠন হােৱা প্রতিবিম্ব লক্ষ্যবস্তুতকৈ আকাৰত ডাঙৰ অথবা সৰু হ'ব পাৰে । তদুপৰি প্রতিবিম্ব সৎ অথবা অসৎ হ'ব পাৰে । 

    অৱতল দাপােণ বিভিন্ন কামত ব্যৱহাৰ হয় । চিকিৎসকে চকু, কাণ, নাক আৰু ডিঙি পৰীক্ষা কৰোঁতে অৱতল দাপােণ ব্যৱহাৰ কৰা তােমালােকে নিশ্চয় দেখিছা । দন্ত চিকিৎসকসকলেও দাঁতৰ পৰিবর্ধিত প্রতিবিম্ব চাবলৈকে অৱতল দাপােণ ব্যৱহাৰ কৰে ( চিত্র ১৫.১৭ ) । টর্চ , মটৰ - গাড়ী আৰু স্কুটাৰৰ হেডলাইটৰ প্রতিফলক অৱতল আকৃতিৰ ( চিত্র ১৫.১৮ ) ।

    প্ৰজ্ঞানে তাৰ নতুন চাইকেলখনৰ টিলিঙৰ চিকমিকিয়া পৃষ্ঠত নিজৰ প্ৰতিবিম্বটো লক্ষ্য কৰিছিল। সি দেখিছিল যে তাৰ প্ৰতিবিম্বটো থিয় আকাৰত সৰু আছিল। টিলিঙাটোও এক ধৰণৰ গোলাকাৰ দাপোণ বুলি ভাবিবলৈ সি বাধ্য হৈছিল। এই দাপোণখনৰ প্ৰকৃত নিৰ্ণয় কৰিব পাৰিবানে 

    মন কৰিবা যে টিলিঙাৰ প্ৰতিফলক পৃষ্ঠখন উত্তল।

ক্রিয়াকলাপ ১৫.৮

     অৱতল দাপােণৰ সলনি উত্তল দাপােণ ব্যৱহাৰ কৰি ক্রিয়াকলাপ ১৫.৭ টো পুনৰাই কৰা ( চিত্র ১৫.১৯ ) । তালিকা ১৫.১ ৰ সদৃশ এখন তালিকাত তােমাৰ পর্যবেক্ষণবােৰ টুকি থােৱা ।

     উত্তল দাপােণৰ পৰা কোনাে বিশেষ দূৰত্বত লক্ষ্যবস্তু এটা থৈ তাৰ সৎ প্রতিবিম্ব গঠন কৰিব পাৰিনে ? লক্ষ্য বস্তুতকৈ আকাৰত ডাঙৰ প্রতিবিম্ব দেখিছিলানে ?

     স্কুটাৰত পার্শ্ব দাপােণ হিচাপে ব্যৱহাৰ কৰা দাপােণখনৰ প্রকৃতি চিনাক্ত কৰিব পাৰিবানে ? এইবােৰ উত্তল দাপােণ । উত্তল দাপােণে বিস্তৃত এলেকা এটাত সিঁচৰতি হৈ থকা লক্ষ্যবস্তুবােৰৰ প্রতিবিম্ব গঠন কৰিব পাৰে । সেইবাবে ইয়াৰ ব্যৱহাৰে চালকক পিছফালৰ যান বাহনবােৰ দৃষ্টিগােচৰ কৰাত সহায় কৰে ( চিত্র ১৫.২০ ) ।



Type : Ankur Raj Deka

class 7  Science SCERT Book