১৫.২ পােহৰৰ প্রতিফলনঃ 

পােহৰ দিশ সলনি কৰাৰ এটা উপায় হ’ল যে ইয়াক চিকমিকাই থকা পৃষ্ঠ এখনত পৰিবলৈ দিব লাগিব । উদাহৰণস্বৰূপে , এখন চিমিকাই থকা নিষ্কলংক তীখা ( stainless steel ) ৰ থাল বা চামুচে পােহৰৰ দিশ সলনি কৰিব পাৰে । পানীৰ পৃষ্ঠই এখন দাপােণৰ দৰে আচৰণ কৰিব পাৰে আৰু পােহৰৰ গতিপথ সলনি কৰিব পাৰে । তােমালােকে কেতিয়াবা পানীত গছ বা ঘৰৰ প্রতিফলন দেখিছানে ( চিত্র ১৫.৩ ) ? 

যিকোনাে মসৃণ অথবা চিমিকাই থকা পৃষ্ঠই এখন দাপােণৰ দৰে আচৰণ কৰিব পাৰে । দাপােণত পােহৰ পৰিলে কি ঘটে ?

     তােমালােকে ৬ ষ্ঠ মানত শিকি আহিছা যে , দাপােণে তাত আপতিত পােহৰৰ দিশ সলনি কৰিব পাৰে । দাপােণৰ দ্বাৰা সংঘটিত এনেধৰণৰ দিশৰ পৰিৱৰ্তনক পােহৰৰ প্রতিফলন বােলে । টর্চৰ পােহৰ দাপােণত পৰি প্রতিফলিত হােৱা ক্রিয়াকলাপটো তােমালােকৰ মনত পৰেনে ? একেধৰণৰ আন এটা ক্রিয়াকলাপ কৰি চাওঁ আহা । 




ক্রিয়াকলাপ ১৫.১

     এটা টর্চ লােৱা । চিত্র ১৫.১ ত দেখুওৱাৰ দৰে তিনিটা ছিদ্রযুক্ত এখন চার্ট পেপাৰেৰে উৰ্চৰ কঁচখন ঢাকি লােৱা । এখন মসৃণ কাঠৰ টেবুলৰ ওপৰত আন এখন চার্ট পেপাৰ পাৰি লােৱা । চার্ট পেপাৰৰ ওপৰত এখন সৰু সমতল দাপােণ উলম্বভাৱে স্থাপন কৰা ( চিত্র -১৫.৫ ) । এতিয়া ছিদ্রযুক্ত টৰ্চটোৰপৰা দাপােণখনৰ ওপৰত পােহৰৰ ৰশ্মি আপতিত হ’ব দিয়া । টৰ্চটো এনেদৰে ৰাখা যাতে ইয়াৰ পােহৰ চার্ট পেপাৰৰ ওপৰেৰে দৃশ্যমান হয় । এতিয়া টৰ্চৰ অৱস্থা যথাযথভাৱে সলনি কৰি তাৰ পােহৰ সমতল দাপােণত কোণীয়াকৈ আপতিত হােৱাটো নিশ্চিত কৰা ( চিত্র ১৫.৫ ) ।

চিত্ৰ ১৫.৫  এখন দাপোনৰপৰা পোহৰৰ প্ৰতিফলন 


    দাপােণখনে আপতিত ৰশ্মিৰ দিশ সলনি কৰিছেনে ? এতিয়া আনফালে কিঞ্চিৎ পৰিমাণে টৰ্চৰ স্থান পৰিৱৰ্তন কৰা । তুমি প্রতিফলিত পােহৰৰ দিশৰ কিবা পৰিৱৰ্তন দেখিছানে ?

     প্রতিফলিত পােহৰৰ দিশেৰে দাপােণখনলৈ চোৱা । দাপােণখনত         ছিদ্রকেইটা দেখিছানে ? এইবােৰেই ছিদ্রকেইটাৰ প্রতিবিম্ব ।

     এই ক্রিয়াকলাপটোৱে দাপােণত পােহৰৰ প্রতিফলন প্রদর্শন কৰে।

 এতিয়া আমাৰ ইচ্ছা অনুযায়ী দাপােণত গঠিত প্রতিবিম্বটোৰ সাল - সলনি ঘটাই প্রতিবিম্বৰ বিষয়ে কিছু নতুন কথা শিকোঁ আহা ।

 ক্রিয়াকলাপ ১৫.২

 

সতর্কীকৰণ

জ্বলি থকা মমবাতিডাল ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰিবা । শিক্ষক অথবা জ্যেষ্ঠ ব্যক্তিৰ উপস্থিতি সাপেক্ষেহে এই ক্রিয়াকলাপটো সম্পন্ন কৰা উচিত ।


     এখন সমতল দাপােণৰ সন্মুখত এডাল জ্বলি থকা মমবাতি হােৱা । দাপােণত মমবাতিৰ শিখা প্রত্যক্ষ কৰিবলৈ চেষ্টা কৰা । দাপােণখনৰ পিছফালে একেধৰণৰ মমবাতি এডাল থােৱা যেন লাগিব। দাপােণখনৰ পিছফালে দৃশ্যমান হােৱা মমবাতিডাল হ’ল দাপােণত গঠিত হােৱা মমবাতিৰ প্রতিবিম্ব ( চিত্র ১৫.৬ ) । মমবাতিডাল নিজেই এটা লক্ষ্যবস্তু ।

     এতিয়া দাপােণখনৰ সন্মুখত মমবাতিডালৰ অৱস্থান সলনি কৰি থাকা । প্রতিবাৰতেই প্রতিবিম্বলৈ চকু দিয়া ।




  সমতাল দাপোণত মমবাতিৰ প্ৰতিবিম্ব


     প্রতিবাৰতেই প্রতিবিম্ব পােনকৈ থিয় হৈ আছিল নে ? লক্ষ্যবস্তুৰ সদৃশ ৰূপত প্রতিবিম্বতাে শিখাৰ অৱস্থান মমবাতিৰ শীৰ্ষত আছিলনে ? এনে প্রতিবিম্বক থিয় ( erect ) প্রতিবিম্ব বােলে । সমতল দাপােণত গঠিত প্রতিবিম্ব থিয় আৰু আকাৰত লক্ষ্যবস্তুৰ সমান । 

    এতিয়া দাপােণখনৰ পিছফালে এখন পর্দা আঁৰি দিয়া । মমবাতিডালৰ প্রতিবিম্বটো এই পর্দাখনত পেলাবলৈ চেষ্টা কৰা । পর্দাখনত প্রতিবিম্বটো পাইছানে ? এতিয়া পর্দাখন দাপােণখনৰ সম্মুখলৈ আনা । এইবাৰ পর্দাখনত প্রতিবিম্বটো পালানে ? তােমালােকে দেখিবা যে মমবাতিৰ প্রতিবিম্ব দুয়ােটা ক্ষেত্ৰত পৰ্দাত উপলব্ধ নহয় ।

     দাপােণৰপৰা প্রতিবিম্বৰ দূৰত্ব কি হ’ব ? আমি আন এটা ক্রিয়াকলাপ কৰোঁ আহা । 



চিত্ৰ ১৫.৭ সমতল দাপোণত প্ৰতিবিম্বৰ অৱস্থান নিৰূপণ 


ক্রিয়াকলাপ ১৫.৩

     এখন দবা খেলৰ ব’র্ড লােৱা । তেনে এখন ব’র্ড নাপালে এখন চার্ট পেপাৰত সমান আকাৰৰ ৬৪ ( ৮৮ ) টা বর্গ আঁকি লােৱা । কাগজখনৰ সোঁমাজত ডাঠকৈ এডাল ৰেখা অংকন কৰা । এই ৰেখাড়ালৰ ওপৰত এখন সমতল দাপােণ উলম্বভাৱে স্থাপন কৰা । দাপােণখনৰপৰা গণনা কৰি তিনি নম্বৰ বর্গক্ষেত্ৰৰ সীমাত পেঞ্চিল জোঙা কৰা যতনৰ সদৃশ এটা সৰু বস্তু থােৱা ( চিত্র ১৫.৭ ) । প্রতিবিম্বৰ অৱস্থানলৈ মন কৰা । এতিয়া লক্ষ্যবস্তুটো চাৰি নম্বৰ বর্গক্ষেত্ৰৰ সীমালৈ লৈ যােৱা । পুনৰ প্রতিবিম্বৰ অৱস্থানলৈ মন কৰা । সন্মুখত থকা লক্ষ্যবস্তুৰ দাপােণৰ পৰা দূৰত্ব আৰু দাপােণৰ পৰা প্রতিবিম্বৰ দূৰত্বৰ মাজত কিবা সম্পর্ক বিচাৰি পালানে ?

    তোমালোকে এই সিদ্ধান্তত উপনীত হ'ব পাৰিবা যে দাপোণৰ পিছফালে গঠন হোৱা প্ৰতিবিম্বৰ দাপোণৰ পৰা যি দূৰত্ব সেয়া দাপোণখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ সৈতে সমান এতিয়া চাৰ্ট পেপাৰৰ যিকোনো স্থাপন লক্ষ্যবস্থটো ৰাখি ইয়াৰ সত্যাসত্য নিৰূপণ কৰা। 


Type : Ankur Raj Deka

 class 7  Science SCERT Book