১৮.৯ ৰাজহুৱা স্থানত থকা অনাময় ব্যৱস্থাঃ

 আমাৰ দেশত সময়ে সময়ে মেলাৰ আয়ােজন কৰা হয় । এই মেলাসমূহত এক বৃহৎ সংখ্যক লােকে অংশ গ্রহণ কৰে । ঠিক একে ধৰণে , ৰে'লৱে ষ্টেচন , বাছ আস্থান , বিমান বন্দৰ , চিকিৎসালয়বােৰ বৰ ব্যস্ত ঠাই । নিতৌ হাজাৰ হাজাৰ লােক সেইবােৰ ঠাইলৈ আহে । বৃহত্তৰ পৰিমাণৰ আৱৰ্জনা , মল - মূত্র ইয়াত জমা হয় । এই মল - মূত্ৰবােৰক যথাযথভাৱে নিষ্পত্তি কৰিব লাগে নহ'লে মহামাৰী বিয়পাব পাৰে ।

     চৰকাৰে অনাময়ৰ বাবে কিছুমান নিয়ম বান্ধি দিছে , কিন্তু দুর্ভাগ্যবশতঃ সেইবােৰ দৃঢ়ভাৱে বলবৎ হােৱা নাই ।

     অৱশ্যে , ৰাজহুৱা স্থানৰ অনাময় ৰক্ষা কৰাৰ বাবে আমি সকলােৱে বৰঙণি যােগাব পাৰোঁ । আমি য’তে ততে জাৱৰ - জোঁথৰ পেলােৱা উচিত নহয় । যদি চকুত পৰাত কোনাে জাৱৰ পেলােৱা পাত্র ( ডাষ্টবিন ) নাথাকে তেন্তে আমি যাত্ৰাৰ সময়ত উৎপন্ন জাৱৰ - জোঁথৰবােৰ ঘৰলৈ আনি জাৱৰ - জেঁথৰ পেলােৱা পাত্র ( ডাষ্টবিন ) ত পেলােৱাটো উচিত ।

সামৰণি 
পৰিৱেশ পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত কৰি ৰখাত আমাৰ সকলােৰে ভূমিকা আছে । পানীৰ উৎসসমূহ পৰিষ্কাৰ অৱস্থাত ৰখাৰ ক্ষেত্ৰত তােমালােকে তােমালােকৰ দায়িত্ব বুজি পােৱা উচিত । সু - অনাময় অভ্যাস গ্রহণ কৰাটো আমাৰ জীৱনৰ আদৰ্শ হােৱা উচিত । আদর্শ হিচাপে লােৱা তােমালােকৰে নিজাববীয়া উদ্যোগে সমাজত এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে। তোমালোকৰ জ্ঞানেৰে আনক অনুপ্ৰাণিত কৰা। ৰাইজে নখ জোকাৰিলে নৈ বয়। সংঘবদ্ধ কামে সদায় স্বীকৃতি পায়।

মহাত্মা গান্ধায়ে কৈছিলঃ

এটা মীনৱীয় আৰু আদৰ্শ কৰ্ম পন্থ গ্ৰহণ কৰাৰ বাবে কোনেও কাৰো অপেক্ষা কৰিব নালাগে



 Type : Ankur Raj Deka 

class 7  Science SCERT Book