১৬.৫ পানীৰ বিতৰণঃ
বহুবােৰ কাৰকৰ প্ৰভাৱৰ কাৰণে পৃথিৱীৰ ওপৰত পানীৰ সমবিতৰণ সম্ভৱ নহয় ।
কিছুমান ঠাইত বৰষুণ বেছি হয় আৰু সেয়েহে সেইবােৰ ঠাইত পানীৰ পৰিমাণে বেছি । অন্যহাতে মৰুভূমি অঞ্চলবােৰত বৰষুণৰ পৰিমাণ বৰ কম ।
ভাৰতবর্ষ এখন বিশাল দেশ আৰু সকলােবােৰ ঠাইতে বৰষুণৰ পৰিমাণ একে নহয় । কিছু অঞ্চলত অত্যধিক বৰষুণ হয় , আনহাতে কিছু অঞ্চলত বৰষুণৰ পৰিমাণ বৰ কম । যেনেদৰে অত্যধিক বৰষুণৰ কাৰণে বানপানী হয় , আনহাতে বৰষুণৰ অভাৱৰ ফলত খৰাং হয় । সেইবাবে একেটা সময়তে আমাৰ দেশৰ কিছুমান অঞ্চলত বানপানী হয় , কিছুমান অঞ্চলত খৰাং অৱস্থা চলে ।
ক্রিয়াকলাপ ১৬.৫
চিত্র ১৬.৮ ত ভাৰতবৰ্ষত বৰষুণৰ পৰিমাণ মানচিত্ৰত দেখুওৱা হৈছে । ইয়ে দেশৰ বিভিন্ন অঞ্চলৰ বৰষুণৰ গড় পৰিমাণ সূচাইছে ।
মানচিত্রখনত তুমি বাস কৰা স্থান নিৰূপণ কৰা ।
তােমাৰ অঞ্চলত উপযুক্ত পৰিমাণৰ বৰষুণ হয়নে ?
তােমাৰ অঞ্চলত বছৰৰ সকলাে সময়তে উপযুক্ত পৰিমাণৰ পানী থাকেনে ?
কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আমি বাস কৰা অঞ্চলত যথেষ্ট পৰিমাণৰ বৰষুণ হয় তথাপি ঠাইখনত পানীৰ অভাৱ থাকে । এইটো জলসম্পদৰ কু ব্যৱস্থাপনাৰ ফল বুলি ভাবিব পাৰোঁনে ?
Type : Ankur Raj Deka
class 7 Science SCERT Book