১৫.৫ লেনছৰ দ্বাৰা গঠন হোৱা প্রতিবিম্বঃ

    তােমালােকে নিশ্চয় এখন বিৱর্ধক কাচ দেখিছা । বহুত সৰু আখৰ পঢ়িবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ( চিত্র ১৫.২১ ) । তুমি কেঁচু অথবা পইতাচোৰা জাতীয় জীৱৰ শৰীৰৰ অংশবােৰ নিৰীক্ষণ কৰিবলৈকো হয়তাে ইয়াক ব্যৱহাৰ কৰিছা । বিৱর্ধক কাচ আচলতে এখন বিশেষ ধৰণৰ লেনছহে।

     চছমা , দূৰবীক্ষণ আৰু অণুবীক্ষণ যন্ত্রত লেছ । ব্যাপক ৰূপত ব্যৱহাৰ হয় । এই তালিকাত লেছৰ ব্যৱহাৰৰ আৰু কেইটামান উদাহৰণ সন্নিৱিষ্ট কৰিবলৈ যত্ন কৰা ।

    কেইখনমান লেছ গােটোৱা । লিৰিকি - বিদাৰি এইবােৰৰ আকৃতিৰ গম ল'বলৈ চেষ্টা কৰা । কেৱল স্পর্শ কৰি সিহঁতৰ মাজত কিবা প্রভেদ পালা নেকি ? যিবােৰ লেছৰ দাঁতিৰ তুলনাত মাজভাগ ডাঠ সেইবােৰক উত্তল লেছ বােলে [ ( চিত্র ১৫.২২ ( ক ) ] । যিবােৰ লেন্‌ছৰ দাঁতিতকৈ মাজভাগ পাতল , সেইবােৰক অৱতল লেন্‌ছ বুলি কোৱা হয় [ ( চিত্র ১৫.২২ ( খ ) ] । মন কৰিবা যে লেনছবোৰ স্বচ্ছ আৰু ইয়াৰ মাজেৰে পোহৰ  পাৰ হৈ যাব পাৰে।

সতৰ্কীৰণ

লেনছৰ মাজেৰে সৃৰ্য অথবা্ উজ্জ্বল পোহৰলৈ চোৱাটো বিপজ্জনক। এখন উত্তল লেনছেৰে সূৰ্যৰ পোহৰ আহি তোমাৰ শৰীৰৰ যিকোনো অংশতে যাতে অভিসাৰী হৈ নপৰে তাৰ বাবেও সাৱধান হবা।  


 ক্রিয়াকলাপ ১৫.৯

     এখন উত্তল লেনছ অথবা এখন বিৱর্ধক কাচ লােৱা । এইখনক সৌৰ ৰশ্মিৰ পথত স্থাপন কৰা । চিত্র ১৫.২৩ ত দেখুওৱাৰ দৰে এখিলা কাগজ থােৱা । কাগজখনত এটা উজ্জ্বল ফোট নপৰালৈকে কাগজ আৰু লেছৰ মাজৰ দূৰত্ব প্রয়ােজনমতে কম - বেছি কৰা । উজ্জ্বল ফোঁট পােৱাৰ পিছত লেছ আৰু কাগজখিলা কেইমিনিটমানৰ কাৰণে স্থিৰ কৰি ধৰি ৰাখা । কাগজখিলা জ্বলিবলৈ আৰম্ভ কৰিছেনে ? এতিয়া উত্তল লেন্থখন আঁতৰাই এখন অৱতল লেছ লােৱা । এইবাৰাে কাগজৰ ওপৰত এটা উজ্জ্বল বিন্দু পৰিছেনে ? এইবাৰ তুমি কিয় এটা উজ্জ্বল বিন্দু পােৱা নাই ?

     আমি গােলাকাৰ দাপােণৰ ক্ষেত্ৰত দেখিছিলোঁ যে লক্ষ্যবস্তুৰ বেলেগ বেলেগ অৱস্থানত প্রতিবিম্বৰ প্রকৃতি আৰু আকাৰৰ পৰিৱৰ্তন হয় । লেছৰ ক্ষেত্ৰটো এইটো সত্যনে ?

         আমি আলােচনা কৰো আহা ।

 ক্রিয়াকলাপ ১৫.১০

     অৱতল দাপােণৰ ক্ষেত্ৰত কৰাৰ দৰে এখন উত্তল লেছ লােৱা আৰু ইয়াক এক আধাৰত স্থাপন কৰা । তাৰ পাছত ইয়াক টেবুল এখনৰ ওপৰত থােৱা । লেছখনৰ পৰা প্রায় ৫০ চে.মি. দূৰত্বত এডাল জ্বলি থকা মমবাতি থােৱা [ ( চিত্র ১৫.২৫ ( ক ) ] লেছখনৰ আনটো ফালে স্থাপন কৰা এখন কাগজৰ পৰ্দাত মমবাতিৰ প্রতিবিম্বটো ধৰিবলৈ চেষ্টা কৰা । মমবাতি শিখাৰ এটা স্পষ্ট প্রতিবিম্ব পাবলৈ পর্দাখন লেন্‌ছৰ হয় ওচৰলৈ নহয় আঁতৰলৈ নিব লগা হ'ব পাৰে । কেনে ধৰণৰ প্রতিবিম্ব পাইছা ? এইটো সৎ নে অসৎ ? 

এতিয়া লেছৰপৰা মমবাতিডালৰ দূৰত্ব সলনি কৰা [ ( চিত্র ১৫.২৫ ( খ ) ] । কাগজৰ পর্দাখনৰ অৱস্থান প্রয়ােজনমতে কম - বেছি কৰি তাত প্রতিবাৰতেই শিখাৰ প্রতিবিম্ব পেলাবলৈ চেষ্টা কৰা । অৱতল দাপােণৰ বাবে সম্পন্ন কৰা ক্রিয়াকলাপ ১৫.৭ ৰ সদৃশভাৱে তােমাৰ নিৰীক্ষণবােৰ টুকি ৰাখা ।

    লক্ষ্যবস্তুৰ কোনো এক অৱস্থানত থিয় আৰু বিৱৰ্ধত প্ৰতিবিম্ব তুমি দেখিছিলানে (চিত্ৰ ১৫.২৬)? এই প্ৰতিবিম্বটো পৰ্দাত পেলাব পাৰিবানে? প্ৰতিবিম্বটো সৎ নে অসৎ ? ঠিক এইদৰে এখন উত্তল লেনছক বিবৰ্ধক কাচ হিচাপে ব্যৱহাৰ কৰা হয়।

    একেধৰণৰ অৱতল লেনছৰ দ্বাৰা গঠিত হোৱা প্ৰতিবিম্ববোৰৰ ওপৰত মনোনিৱেশ কৰা। অৱতল লেনছৰ দ্বাৰা গঠিত প্ৰতিবিম্ব সদায় অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ সৰু হয় (চিত্ৰ ১৫.২৭)

১৫.৬ সৰ্যৰ পোহৰ বগা নে ৰঙীণ ?

     তোমালোকে কেতিয়াবা আকাশত ৰামধেনু দেখা পাইছানে? তোমালোকে বোধহয় জানা যে এজাক বৰষুণৰ পাছত যদিহে সূৰ্যটো দিগন্তৰ ওপৰত থাকে তেতিয়াহে ৰামধেনু ওলায়। আকাশত ৰামধেনুখন বহুতো ৰং থকা এক বৃহৎ বত্তচাপৰ দৰে দেখা যায় ।

    ৰামধেনুৰ ৰং কেইটা? ভালদৰে লক্ষ্য কৰিলে ৰামধেনুত সাতটা ৰং সহজে চিনিব নোৱাৰি। ৰংকেইটা হ'ল - ৰঙা, কমলা, হালধীয়া, সেউজীয়া, নীলা, ঘন নীলা আৰু বেঙুনীয়া।   

    ফু মাৰি চাবোন পানীৰ বুদবুদ উঠালে সেইবোৰ ৰং-বিৰঙী হৈ পৰে। একেদৰে চিডি (CD) এখনৰ পৃষ্ঠত পোহৰ প্ৰতিফলিত হ'লেও বহু ৰঙৰ উৎপত্তি হয়। 

    এইবোৰ অভিজ্ঞতাৰ আধাৰত আমি ক'ব পাৰোঁনে যে সূৰ্যৰ পোহৰ বিভিন্ন ৰঙৰ মিশ্ৰণ? আমি অনুসন্ধান কৰি মিশ্ৰণ ? আমি অনুসন্ধান কৰি চাওঁ আহা। 

ক্ৰিয়াকলাপ ১৫.১১

    এটুকুৰা কাচৰ প্ৰিজম লোৱা। অন্ধকাৰ কোঠালি এটাৰ খিৰিকীৰ সৰু ছিদ্ৰ এটাৰ মাজেৰে সূৰ্যৰ ক্ষীণ কিৰণ এটা প্ৰিজম টুকুৰাৰ পৃষ্ঠ এখনত পৰিবলৈ দিয়া। আনখন পৃষ্ঠইদি ওলাই আহা পোহৰ এখিলা বগা কাগজ বা বগা বেৰত পৰিবলৈ দিয়া । তুমি কি দেখিলা ? ৰামধেনুত থকা ৰংবােৰকেই দেখিছানে ( চিত্র ১৫.৩০ ) ? ইয়াৰ পৰা গম পােৱা যায় যে সূৰ্যৰ পােহৰ সাতটা ৰঙৰ সমষ্টি । সূৰ্যৰ পােহৰক বগা পােহৰ বুলি কোৱা হয় । ইয়াৰ অৰ্থ এয়ে যে বগা পােহৰ সাতটা ৰঙৰ সমষ্টি । এই ৰংবােৰ চিনাক্ত কৰিবলৈ চেষ্টা কৰা আৰু সিহঁতৰ নামবােৰ টোকা বহীত লিখা । 

    এই ৰংবােৰ মিহলি কৰি বগা পােহৰ পাব পাৰি নেকি ? চেষ্টা কৰি চাওঁ আহা ।

 ক্রিয়াকলাপ ১৫.১২

     প্রায় ১০ চে.মি. ব্যাসৰ কার্ড ব'ৰ্ডৰ ঘূৰণীয়া থাল এখন লােৱা । আঁচ টানি থালখন সাতটা সমান ভাগত বিভক্ত কৰা । ১৫.৩১ ( ক ) চিত্ৰত দেখুওৱাৰ দৰে ৰামধেনুৰ ৰং সাতটাৰে একাদিক্রমে এই ভাগকেইটাৰ ওপৰত ৰং দিয়া । ভাগকেইটাত ৰঙীণ কাগজ আঠা মাৰি ল’লেও হ’ব । থালখনৰ সোঁমাজত এটা সৰু বিন্ধা কৰা । এতিয়া বিন্ধাটোৰে বলপেন এটাৰ ৰিফিলৰ মূৰটো সুমুৱাই দিয়া । থালখন কিঞ্চিত সােলােক - ঢােলােক অৱস্থাত ৰাখিবা যাতে তাৰ মুক্ত ঘূর্ণন সম্ভৱ হয় [ ( চিত্র ১৫.৩১ ( ক ) ] দিনৰ পােহৰত থালখন ঘূৰােৱা । থালখন দ্রুতভাৱে ঘূৰালে ৰংবােৰ সংমিশ্ৰিত হৈ থালখন বগা চানেকীয়া হ'ব [ ( চিত্র ১৫.৩১ ( খ ) ] । এনে ধৰণৰ থালৰ সর্বজনবিদিত নাম হ’ল নিউটনৰ কাঁহী ( Newton's disc )


Type : Ankur Raj Deka 

class 7  Science SCERT Book