১৫.৩  সোঁ নে বাওঁ! 

     তুমি যেতিয়া নিজৰ প্ৰতিবিম্বটো সমতল দাপেণত প্ৰত্যক্ষ কৰা, যিতিয়া ইয়াক তোমাৰ লগত সম্পৰ্ণ একে যেন দেখা যায়নে? দাপোণত গঠন হোৱা তোমাৰ প্ৰতিবিম্ব আৰু তোমাৰ মাজত থকা এটা আমোদজনক পাৰ্থক্য কেতিয়াবা লক্ষ্য কৰিছানে ? আলোচনা কৰোঁ আহা ।

ক্ৰিয়াকলাপ ১৫.৪ 

    এখন সমতল দাপোণৰ সন্মুখত থিয় হৈ নিজৰ প্ৰতিবিম্বটো লক্ষ্য কৰা। তোমাৰ বাওঁখন হাত দাঙা। তোমাৰ প্ৰতিবিম্বই কোনখন হাত দাঙিলে (চিত্ৰ ১৫.৮)?এতিয়া তোমাৰ সোঁ কাণখন স্পৰ্শ কৰা । প্ৰতিবিম্বত হাতখনে কোনখন কাণ স্পৰ্শ কৰিলে? মনোযোগেৰে লক্ষ্য কৰা। দেখা পাবা যে দাপেণত 'সোঁফাল' যেন লাগে । মন কৰিবা যে অকল কাষবিলাকহে ইফাল-সিফল হয়, প্ৰতিবিম্বটো কিন্তু ওলোটা নেদেখি।

    এতিয়া এটুকুৰা কাগজত তোমাৰ মামটো লিখা আৰু ইয়াক এখন দাপোণৰ সন্মুখন ধৰা দাপোণত ইয়াক কেনেকুৱা দেখি? 

    চিত্ৰ ১৫.৯ত দেখুৱাৰ দৰে AMBULANCE শব্দটো লিখআৰ কাৰণ এতিয়া বুজি পাইছানে? এনেকৈ লিখিলেহে এম্বুলেন্স এখনৰ আগে 
আগে গৈ থকা গাড়ীৰ চালকজনে তেওঁৰ পিছফালৈ চোৱা দাপোণত AMBULANCE শব্দটো সঠিকভাৱে পঢ়িব পাৰিবা আৰু লগে লগে বাট এৰি দিব পাৰিবা। এম্বুলেন্সক বাট এৰি দেয়াটো আমাৰ কৰ্তব্য।

    স্কুটাৰ বা গাড়ীৰ কাষৰ দাপোণত (side mirror) লক্ষ্যবস্তুৰ প্ৰতিবিম্ব লক্ষ্যবস্তুতকৈ সৰু আকাৰৰ হয়। কিয় এনে হয় কেচিয়াবা ভাবি চাইছানে?   


Type : Ankur Raj Deka 

class 7  Science SCERT Book