১৬.৭ তােমালােকে কি ভূমিকা ল'ব পাৰাঃ
তােমালােকৰ ঘৰত , বিদ্যালয়ত বা অন্য ঠাইত টেপৰপৰা নিগৰি পানী ওলাই থকা দেখি কেতিয়াবা চিন্তিত হৈছানে ? পানী নিগৰি থকা টেপৰদ্বাৰা বহু পানী অপচয় হয় । তােমালােকে পানীৰ এনেধৰণৰ অপচয় ৰােধ কৰিবলৈ চেষ্টা কৰিব লাগে ।
পানীৰ অপচয় ৰােধ কৰিবলৈ তােমালােকে বহু ধৰণৰ ব্যৱস্থা লব পাৰা । আমি আৰম্ভ কৰোঁ আহা । আমি কেইটামান উদাহৰণ দিলোঁ , ইয়াৰ লগত আৰু কিছুমান উদাহৰণ সংযােগ কৰা ।
পানী ৰাহি কৰাৰ অভ্যাস ( Water wise habits ) :
১। দাঁত ব্রাছ কৰি থকা সময়ত পানীৰ টেপটো বন্ধ কৰি ৰাখা ।
২। মজিয়া পানীৰে ধােৱাৰ পৰিৱর্তে তিতা কাপােৰেৰে মচি নিকা কৰা।
Type : Ankur Raj Deka
class 7 Science SCERT Book